অসমৰ এগৰাকী সুপ্ৰতিস্থিত, শক্তিশালী লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী সন্মান ৷এগৰাকী লেখিকা হোৱাৰ লগতে সাদিন বাতৰি কাকত আৰু অসমীয়া মাহেকীয়া আলোচনী সাতসৰীৰ সম্পাদকৰ দায়িত্বত থকা অনুৰাধা শৰ্মা পূজাৰী একেৰাহে এগৰাকী সাংবাদিকো ৷
ভিন ভিন সময়ত তেখেতৰ উচ্চ মান বিশিষ্ট লিখনীসমূহৰ যোগেদি বহুতো সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অনুৰাধা শৰ্মা পূজাৰীয়ে ভালেকেইখন গল্প সংকলন ,উপন্যাস আৰু আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন ইতিমধ্যে পাঠকৰ মাজলৈ আগবঢ়াইছে ৷
তেওঁৰ এখন লেখত ল’বলগীয়া উপন্যাস ‘ইয়াত এখন অৰণ্য আছিল’ যাৰ বাবে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে অনুৰাধা শৰ্মা পূজাৰীলৈ ৷
অনুৰাধা শৰ্মা পূজাৰীৰ দৰে এগৰাকী জনপ্ৰিয় তথা শক্তিশালী লেখিকালৈ সাহিত্য অকাডেমী আগবঢ়োৱাৰ বাৰ্তাই অসমৰ সাহিত্য প্ৰেমী তথা তেখেতৰ অনুৰাগী সকলক স্বাভাৱিকতে আনন্দিত কৰিছে ৷