VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পতি, পত্নী ঔৰ বিৰক্তি

ববিতা শইকীয়া by ববিতা শইকীয়া
September 15, 2022
in অভিমত
পতি, পত্নী ঔৰ বিৰক্তি
0
SHARES
213
VIEWS
Share on FacebookShare on Twitter

মালায়লম চিনেমাখনৰ নামটো পাহৰিলো। কাহিনী বৰ ধুনীয়া আছিল। এটা মধ্যবিত্ত পৰিয়ালৰ ন-বোৱাৰী গৰাকী খুব ধুনীয়া নৃত্যশিল্পী। বিয়া কৰালে এজন চৰকাৰী চাকৰি কৰা, সুন্দৰ স্বাস্থ্যৰ , ঘৰখনৰ একমাত্ৰ সন্তানক। শহু-শাহু, পতি সকলোৱে ন-কইনাক যথেষ্ট মৰম কৰে। ৰাতিপুৱা উঠি চোতাল সাৰি, গা ধুই চাহ বনোৱাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰত্যেক দিনা একেই ৰুটিন। ৰাতি বিছনাত পতিৰ স্পৰ্শই পুনৰ এটা নতুন দিনৰ বাবে তেখেতক সতেজ কৰি তোলে। পুৱা নতুন উদ্যমেৰে আৰম্ভ কৰে নতুন এটা দিন। দিনবোৰ লাহে লাহে একঘেয়ামি হ’বলৈ ধৰিলে তেওঁৰ বাবে। বিয়াৰ পাছতো নৃত্য কৰিম বুলি ভাৱি অহা কইনাজনীৰ কথাবোৰ পতি আৰু শহুৰেকে বৰ মৰমেৰে প্ৰত্যাখান কৰে। শাহুৱে সদায় মনেমনে কেৱল কাম কৰি থাকে। 
ৰাতিৰ আহাৰ খাই পেলাই থোৱা এৰেহাখিনিৰে ভৰা দাষ্টবিন্‌টো চাফা কৰা,ডাইনিং টেবুলত পতি আৰু শহুৰে খাই পেলাই থৈ যোৱা মাছ-মাংসৰ হাড়, পতিয়ে অফিছৰ পৰা ঘূৰাই অনা আধা খোৱা টিফিনটোৰ গোন্ধাই থকা এৰেহা আদিবোৰ দিনটো চাফা কৰি থকাৰ পাছত ৰাতিলৈ গিৰিয়েকৰ স্পৰ্শই অন্তৰখন চুব নোৱাৰা হ’লগৈ। নৃত্য কৰাৰ কথা বাদেই, বহুদিনৰ পৰা পাকঘৰৰ বেচিনটোৰে টুপ টুপকৈ বাচন ধোৱা পানীবোৰ পৰি মজিয়াখন লেতেৰা কৰা কথাটোও স্বামীয়ে আওকাণ কৰে। প্লাম্বাৰ এজন মাতিবলৈ সদায় কোৱাৰ পাছতো তেওঁ পাহৰি যায়। মুঠতে ঘৰখনত দুজন পুৰুষৰ অৱস্থিতিয়ে আন এগৰাকী মহিলাক পৰিচয়বিহীন কৰি থয়। তেওঁৰ বিৰক্তি আৰম্ভ হ’বলৈ ধৰিলে। এদিন ঘৰ এৰি গুছি যাবলৈ বাধ্য হ’ল কইনাজনী।

মোৰ বান্ধবী এগৰাকী আছে। বহুদিনীয়া বন্ধুত্ব যদিও আমি ফোনত বৰ কমকৈহে কথা পাঁতো। তাইৰ সন্তান নাই, আচলতে জন্ম দিবই নিবিচাৰিলে। তাইৰ যুক্তি যে সন্তানটিৰ যত্ন ল’ব পৰাকৈ তাইৰ পতি সিমান স্পৰ্শকাতৰ নহয়। তেওঁ দায়িত্ব ল’ব নোৱাৰাৰ কথা জনাই দিছে। তাইও সন্তান আৰু পতি দুয়োৰে দায়িত্ব ল’ব পৰাকৈ মানসিকভাৱে প্ৰস্তুত নহয়।
তেওঁলোকৰ বয়স বৰ্তমান ৫০ৰ উৰ্ধত। দুয়ো এজনে আনজনক সাংঘাটিক ভাল পাই, অথচ একেলগে থাকিলেই কাজিয়া হয়।

কাজিয়াৰ কাৰণবোৰ দেখাত সৰু সৰু। উদাহৰণস্বৰূপে এজনে আনজনৰ পঢ়াৰ টেবুলখন চুলে বেয়া পাই, কাপোৰত হাত দিলে জাঙুৰ খাই উঠে, চেন্দেল -জোতা ইফাল সিফাল হ’বই নোৱাৰে মুঠতে একেটা কোঠাতে থকাৰ পিছতো দুয়োজনৰ অভ্যাসৰ মিল নথকাত পাছলৈ দুয়োজনে পৃথককৈ থাকিবলৈ ল’লে।

স্নাতকোত্তৰ শেষৰ বৰ্ষত ডিৰ্চাটেছ্‌ন লিখিবলৈ মই বাছি লোৱা বিষয়টো আছিল “গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ কাৰণসমূহ”। প্ৰাথমিক তথ্যৰ বাহিৰেও চেক’ণ্ডেৰী তথ্য লৈ থেছিছ খন লিখোতে সাংঘাটিক তথ্য কিছুমান পাইছিলো। পত্নীয়ে বাৰে বাৰে নিজৰ চুলিখিনি ফনিয়াই থকা কাৰ্যও বিবাহ বিচ্ছেদৰ কাৰণ হ’ব পাৰে। মদ, অবৈধ সম্পৰ্ক, টকা পইচা আদি গাৰ্হস্থ হিংসাৰ প্ৰত্যক্ষ কাৰণ হয় যদিও প্ৰকৃতাৰ্থত পতি-পত্নীয়ে এজনে আনজনক লৈ এটা সময়ত বিৰক্ত হৈ পৰে। সৰু সৰু কিছুমান ভাল নলগা অভ্যাস বিৰক্তিৰ কাৰণ হ’ব পাৰে। অত্যাধিক কথা কোৱা বা একেবাৰে কমকৈ কোৱা, নৃত্যকৰ্ম কৰি গা নোধোৱা, একেটা অন্তৰ্বাস দুই তিনিদিন ধৰি পিন্ধি থকা, অত্যাধিক মেক্‌ আপ্‌ কৰা, ডাঙৰকৈ হঁহা, ভাতৰ টেবুলত অতি লেতেৰাকৈ ভাত খোৱা আদি অভ্যাসে পতি পত্নীৰ মাজত বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। অত্যাধিক টিভি বা মোবাইলৰ আসক্তি বৰ্তমান সময়ৰ অন্য এক বিৰক্তিৰ কাৰণ হৈ পৰিছে।

বহু মৰম আৰু বিশ্বাসেৰে ভৰা পতি পত্নীৰ সম্পৰ্ক একোটা ভাঙি যায় কেৱল বিৰক্তিৰ বাবেই। এটা অতি স্পৰ্শকাতৰ সম্পৰ্ক হিচাপে পতি -পত্নীৰ সম্পৰ্কটোত আচলতে বিশ্লেষণ আৰু মেৰামতিৰ প্ৰয়োজন। সময়ে সময়ে নিজক প্ৰশ্ন কৰা উচিত যে মই মোৰ জীৱনৰ সহযাত্ৰী জনৰ জীৱন যাপনত কিবা অসুবিধা দিছো নেকি! প্ৰত্যেক জন ব্যক্তিৰে কিছুমান স্বতন্ত্ৰ ভাৱবিলাস থাকে। পতি -পত্নী হ’লেও এজনে আনজনৰ সেই স্বতন্ত্ৰতাক শ্ৰদ্ধা দিবই লাগে। সম্পৰ্কটো সুস্থিৰ কৰি ৰাখিবলৈ ইজনে আনজনক অলপ স্পেচ দিয়াটো প্ৰয়োজন। We should be co existed but should not be co dependent.

জীৱনটোত একেলগে আগবাঢ়ি যোৱাৰ সিন্ধান্তৰ সামাজিক প্ৰকাশেই হ’ল বিয়া। বিয়াই এজনৰ জীৱনলৈ আন এজন সংগীক আমন্ত্ৰণ জনায়।

একেটা ঘৰতে দুজন ভিন্ন চিন্তা আৰু ভিন্ন স্বভাৱৰ মানুহ একেলগে বাস কৰাতো বৰ সহজ কথা নহয়। এই যাত্ৰাৰ শেষলৈ মৰম, ভালপোৱা, শাৰিৰীক আকৰ্ষণ সকলো শেষ হৈ এটা সময়ত জীৱনটো নৰক সদৃশ হৈ পৰিব পাৰে। যদিহে সম্পৰ্কটোত সন্মান নাথাকে। সন্মান মানে এজনে আনজনৰ প্ৰতিটো কথা বিনাপ্ৰতিবাদেৰে মানি লোৱা নহয়। সন্মান মানে এজনে আনজনৰ কথা শুনা, বুজি পোৱা বা গুৰুত্বসহকাৰে চিন্তা কৰা।

তেজ মঙহৰ সম্পৰ্কতকৈও গাঢ় হৈ পৰা পতি পত্নীৰ সম্পৰ্কবোৰ ভাঙি গ’লে বৰ দুখ লাগে। দুয়োয়ে বিছাৰে দুয়োকে। কিন্তু ঘৃণা, বিৰক্তি আৰু অশ্ৰদ্ধাই বাধ্য কৰে এজনে আনজনক এৰি যাবলৈ।
গছপুলি এটাক সাৰপানী দি ডাঙৰ দীঘল কৰা দৰেই আমি আমাৰ সম্পৰ্কবোৰকো সময়, শ্ৰদ্ধা, গুৰুত্ব আৰু সতৰ্কতাৰ মাজেৰে জীয়াই ৰাখিব লাগিব।ভাগি যোৱা সম্পৰ্কই অতীতৰ এসোপা মূল্যবান সময়ক নিঃচিহ্ন কৰে মাথো!

Previous Post

‘বুম্বা ৰাইড’ চাবলৈ জ্যোতি চিত্ৰবনত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

Next Post

ভাৰতৰ ইতিহাসত সোণোৱালী আখৰেৰে খোদিত হৈ ৰ’ল কেইগৰাকীমান মহিলা অভিযন্তাৰ নাম

Related Posts

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
Next Post
ভাৰতৰ  ইতিহাসত সোণোৱালী আখৰেৰে খোদিত হৈ ৰ’ল কেইগৰাকীমান মহিলা অভিযন্তাৰ নাম

ভাৰতৰ ইতিহাসত সোণোৱালী আখৰেৰে খোদিত হৈ ৰ’ল কেইগৰাকীমান মহিলা অভিযন্তাৰ নাম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7