VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

য’ত গছেও কথা পাতে সেউজীয়াৰে সেউজীয়া হৈ দুচকুত সপোন ৰচে। নীলা আকাশৰ বুকুত সূৰ্য হেৰাই যোৱাত গভীৰ জলৰাশিয়ে মায়াবী ৰহণ সানে। সপোন সুন্দৰীৰ কোলাত এটি মায়াময় জোনাকী ৰাতি

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
April 24, 2022
in অভিমত
য’ত গছেও কথা পাতে  সেউজীয়াৰে সেউজীয়া হৈ দুচকুত সপোন ৰচে। নীলা আকাশৰ বুকুত সূৰ্য হেৰাই যোৱাত গভীৰ জলৰাশিয়ে মায়াবী ৰহণ সানে। সপোন সুন্দৰীৰ কোলাত এটি মায়াময় জোনাকী ৰাতি
0
SHARES
100
VIEWS
Share on FacebookShare on Twitter

” নীৰৱে নিজানত শুই আছে

সপোন সুন্দৰী

ব্যস্ত জীৱন ব্যস্ত সময়

কাৰো মাত শুনিবলৈ নাই মহানগৰত !!!

সেয়ে গুচি গৈছো তোমাৰ ওচৰলৈ

সোৱঁৰণি আৰু প্ৰশান্তিও য’ত ৰৈ থাকে

মোৰ বাবে শাল -চেগুণ গছৰ সেউজীয়াত।”

সেউজীয়াৰ মনোমহা ৰূপত আত্মহাৰা হোৱা কোনো কবিৰ এয়া মাথো কবিতাই নহয়। সপোন সপোন যেন লগা অন্তৰৰ পৰা নিগৰি অহা কিছু অনুভূতি। সপোনৰ বাগিছাত শুই আছে সপোন সুন্দৰী চানডুবি। চুই দিলেই যেন সাৰ পাই উঠিব এজাক সপোনে। শেষ হৈ যাব মায়াবী নিশাৰ সপোনৰ ৰাগি। ৰাষ্টাৰ দুয়ো কাষৰ সেউজীয়া চাহ বাগানবোৰেও যেন হাত বাউল দি মাতি মাতি কৈছে চানডুবিলৈ আহা। শাৰী শাৰী শাল গছবোৰেও সূৰ্য হেৰাই যোৱা পাহাৰ খনৰ প্ৰেমত পৰিবলৈ মৌনতাৰে যেন তাৰেই প্ৰকাশ কৰিছে।
গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত দক্ষিণ কামৰূপৰ মিৰ্জাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত ৰাভা হাছঙৰ অন্তৰ্গত অসম মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল। বিনন্দীয়া ৰূপ – সৌন্দৰ্যৰে হাত বাউলি মাতি আছে প্ৰতিজনক! আপোনাক – মোক – সকলোকে ।

আমি ব’হাগ বিহুত গুৱাহাটীৰ পৰা মিৰ্জা হৈ দুপৰীয়া দুই বজাত সেউজীয়াৰে আৱৰা আৰু গভীৰ জলৰাশিৰে অলেখ কিংবদন্তি বুকুত কঢ়িয়াই থকা চানডুবি গৈ পালোঁ। আগতে ঠিক কৰি থৈ দিয়া অসম চৰকাৰৰ পৰ্যটন বিভাগৰ নিবাসত সোমাই গা ধুই ৰুটি ঘুগনি আৰু কণীৰ অমলেট খাই অলপমান জিৰণি ল’বলৈ কোঠালিত সোমালো। বহু কেইদিন বৰষুণ দিয়াৰ পাছত ৰদ অলপ টানকৈ ওলাইছে। আমি যথেষ্ট গৰম অনুভৱ কৰিলো। প্ৰতিটো কোঠালিতে বৈদ্যুতিক পাংখা , শীত -তাপ নিয়ন্ত্ৰিত য’ন্ত্ৰ সকলো ঠিকে আছে। মনটো ভৰি গল কিন্তু চুইটচ দিয়াত এটাও নচলা দেখি কৰ্তব্যত থকা কৰ্মচাৰী জনক মাতি কথাটো জনোৱাত তেখেতে ক’লে- ‘ AC আছে গেচ নাই , বেটাৰী আছে তেল নাই ।’ কাৰেণ্টৰ কোনো ঠিক নাই। বতাহ -বৰষুণ দিলে কাৰেণ্টৰ আশা নাই। সেইটো ভিতৰুৱা অঞ্চলত স্বাভাৱিক কথা। দুঘণ্টা সময়ত কাৰেণ্ট দুবাৰ আহি দুইমিনিট মান থাকি গুচি গ’ল। অসহ্য গৰমত গুৱাহাটী গুচি আহো আহো লাগিছিল। মনতে ঠিৰাং কৰিলো গোটেইখন চাই মেলি ৰাতি গুৱাহাটীলৈ ঘুৰি আহিম। মিৰ্জাৰ পৰা কৰি লৈ যোৱা বজাৰ ৰাতিৰ আহাৰৰ কাৰণে ৰান্ধিবৰ বাবে লৰা জনক গোটাই দি চাৰি বজাত চানডুবি চাবলৈ ওলাই আহিলো। সন্মুখতে কেইখন মান চাহ দোকান দেখা পাই চাহ একাপ খাওঁ বুলি দোকান এখনত সোমালো। অতি কম বয়সীয়া মৰম লগা মানুহ গৰাকীয়ে আদা জালুক দি ধুনীয়াকৈ চাহ বনাই দিলে। চাহ টো খাই ভাল লগাত গৰম গৰম টেকেলী পিঠা খাবলৈ বাৰে বাৰে কোৱাত খাবলৈ ইচ্ছা নথকাতো খাই দিলো। সৰু সৰু কফি কাপত বনোৱা টেকেলী পিঠা কেইটা বহুত সোৱাদ লগা। নাখালে যেন কিবা এটা আধৰুৱা হ’ল হয়। বাইদেউ পিছত আকৌ খাম বুলি কৈ আমি বিলৰ পিনে আগবাঢ়ি গ’লো।

১৮৯৭ চনৰ ১২ জুনত প্ৰৱল ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল চানডুবি বিল – বুৰঞ্জীয়ে এইকথা কয় যদিও চানডুবি বিলক লৈ কিম্বদন্তীয়েও বহু কথাই কয়। আগতে চানডুবি বিল নাছিল। বিভিন্ন জাতি- জনজাতিয়ে বসবাস কৰা অঞ্চলটোৰ মাজেৰে বৈ গৈছিল চিৰি নামৰ এখনি নদী । চিৰি নদীৰ পানী কুলশী নদীৰ লগত মিলিত হৈ ব্ৰহ্মপুত্ৰত পৰিছিল। চম্পক নগৰৰ বিখ্যাত চান্দ সদাগৰেও বেপাৰ কৰিবলৈ ইয়াত নাও লৈ আহিছিল। চান্দ সদাগৰে নাও বান্ধি থোৱা ঘাটটোত পানীৰ গভীৰতা বহুত বেছি আছিল। জনজাতীয় ভাষাত গভীৰ পানীক ডুবি বুলি কয়। চান্দ সদাগৰে নাও বান্ধি থোৱা বাবেই সেই বিশেষ ঘাটটোক চান্দৰ ডুবি বুলি কৈছিল।
আন এক জনশ্ৰুতি অনুসৰি , প্ৰৱল ভূমিকম্পৰ ফলত পাহাৰৰ চূড়াবোৰ খহি চিৰি নদীৰ গতিপথ ৰুদ্ধ কৰিছিল । বগাশিলা , ছাগলচাৰী , মায়া , চাম্পে আৰু নচৌচিলা নামৰ পাঁচখন পাহাৰৰ মাজৰ বৃহৎ ঠাই ডুবি গৈ জলাশয়ৰ সৃষ্টি হৈছিল । খাছী ভাষাত চান মানে পাঁচ । পাঁচ খন পাহাৰৰ অংশ বিশেষ ডুব যোৱা বাবে সেই অঞ্চলত বসবাস কৰা খাচী লোকসকলে বিল খনৰ নাম চানডুবি ৰাখিছিল।

বিলৰ ঘাটত ৰখাই থোৱা নাওত উঠি বিল খনৰ ইমূৰৰ পৰা সিমূৰলৈ নৌকাযাত্ৰা আৰম্ভ কৰিলোঁ। মুকলি আকাশৰ তলত পানীৰ মাজত সমীৰণে কাণে কাণে ক’লে – সৌৱা চোৱা সপোন সপোন যেন নীলা আকাশ ! য’ত সূৰ্য হেৰাই যায়। বিলখনৰ সিটো পাৰে সেউজীয়াৰে জিলিকি থকা দ্বীপৰ দৰে মনোমহা পৰিবেশৰ গাওখনেই হ’ল জৰামুখুৰীয়া। সেউজীয়াৰে জিলিকি থকা বিনন্দিয়া পৰিবেশত নাই কোনো কৃত্ৰিমতা , কেৱল সেউজীয়া আৰু সেউজীয়া । এক বুজাব নোৱাৰা অনুভূতি লৈ পুনৰ নৌকা বিহাৰ এইটো পাৰলৈ বুলি ওভতনি যাত্ৰা। সূৰ্য ডুব যোৱাৰ সময়ত মনোমহা প্ৰাকৃতিক শোভাই এক অনন্যা ৰূপত সজাই তুলিছে চানডুবিক । চানডুবিৰ নীলা আকাশত সূৰ্য হেৰাই যোৱাৰ দৃশ্য প্ৰাণ ভৰি উপভোগ কৰিবলৈ পৰ্যটক সকলে সন্ধিয়ালৈ ৰৈ থাকে। চান অৰ্থাৎ সূৰ্য বিলখনত ডুব যোৱা বাবেও বিল খনৰ নাম চানডুবি বুলি বহুতে ক’ব খোজে।
য’ত গছেও কথা পাতে, নীলা আকাশত অস্তমিত সূৰ্যৰ সৌন্দৰ্য , গভীৰ জলৰাশিৰ মাদকতা , নীৰবতাৰ আবেশ ভাঙি জাক পাতি উৰি যোৱা চৰাইৰ কাকলিত মুখৰিত হোৱা অপূৰ্ব সৌন্দৰ্য উপভোগ কৰি উভতি আহিলো পৰ্যটন বিভাগৰ নিবাসলৈ। বাইদেউ জনীৰ দোকানত পুনৰ চাহ পিঠা খালো। কণী কিছুমান সিজাই থোৱা দেখি শুধিলো এইবোৰ কি হ’ব? আন্ধাৰ দেখন হ’লেই , এতিয়া জানো মানুহ আহিব? তেখেতে জনালে যে ওচৰতে শিৱ মন্দিৰটোৰ ওচৰত তাইৰ ঘৰ। নাওৰীয়া কেইটাই আহি কণীবোৰ খাব ।সেইবাবে তাই ৰৈ আছে। ৰাতি হাতীৰ জাক আহে , গতিকে তাই সোনকালেই গুচি যাব।

কোঠালিলৈ আহি গা ধুলো। কাৰেণ্ট তেতিয়ালৈ অহা নাই। বাহিৰতে চকী পাতি বহিলো। জোনাকী ৰাতি ! চাৰিওপিনে নিৰৱ-নিতাল। যান্ত্ৰিকতাৰ পৰশ নপৰা চানডুবি সঁচাকৈয়ে প্ৰাকৃতিক ভাৱে অপৰূপা। মুঠি মুঠি জোনাক শাল গছবোৰৰ মাজেৰে সৰকি আহি গোটেই পৰিবেশ টোকে নান্দনিক ৰূপ দিছে সেয়া বৰ্ণনা কৰিব নোঁৱাৰি। জোনাকৰে ৰাতি এক মনোমহা পৰিবেশত আমি কিমান সময় তেনেকৈ পাৰ কৰিলো হয়তো সময়ে ক’ব নোৱাৰিব। ” ১০ টা বাজিব এতিয়া , কাৰেণ্ট গ’লে ভাত খোৱাত অসুবিধা হ’ব ” বুলি কোৱাত হে আমাৰ চেতনা আহিল।কাৰেণ্ট কেতিয়া আহিল বুলি ভাবোতে হাঁহি উঠিল কিয়নো কাৰেণ্টৰ বাবে আমি গুৱাহাটী গুচি অহা হ’লে এই অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হলোহেঁতেন। সুন্দৰকৈ জুতি লগাই ৰান্ধা ৰাতিৰ আহাৰ খাই আমি শুবলৈ গ’লো। সেইদিনা বতাহ-ধুমুহা নহাৰ বাবে কাৰেণ্ট গোটেই ৰাতি থকাত টোপনি কেতিয়া আহিল ক’বই নোৱাৰিলো। ৰাতিপুৱা চৰাইৰ মাতত সাৰ পাই বিনন্দিয়া প্ৰকৃতিৰ অনুপম ৰূপেৰে ভৰা জৰামুখুৰীয়াৰ সৌন্দৰ্য আকৌ এবাৰ উপভোগ কৰিবলৈ প্ৰাতঃ ভ্ৰমণত ওলাই গ’লো । প্ৰাতঃ ভ্ৰমণৰ পৰা আহি গা ধুই ৰাতিপুৱাৰ জলপান খাই বিদায়ৰ সময়ত তাত থকা কৰ্মচাৰীৰ লগত কথা পাতি জানিব পাৰিলো যে তেওঁলোক বাৰ জনীয়া চৰকাৰী কৰ্মীবৃন্দ। ৰাতিপুৱা আঠ বজাৰ পৰা দুপৰীয়া দুই বজালৈ একোজন কৰ্তব্যত থাকিব লাগে। দূৰৈৰ পৰা অহা কাৰণে দুই বজাৰ পিছত ঘৰত যাব নোৱাৰে। গতিকে তেওঁলোকৰ সুবিধাৰ বাবে চাৰি জনকৈ এসপ্তাহ কাম কৰাৰ দায়িত্ব লৈছে । অৰ্থাৎ এসপ্তাহ চাকৰি কৰি দুই সপ্তাহ চুটি । কি মজাৰ চাকৰি ! কোঠালিত থকা ড্ৰেচিং আয়নাত মুখ খন চাবলৈ বৃথা চেষ্টা কৰি চৰকাৰী বস্তু বুলি মনতে সান্তনা লভি মবাইলত চাই সেন্দুৰ লৈ ওলাই আহিলো। এতিয়া কথা হ’ল চৰকাৰে সকলো দিছে কিন্তু দেখ-ভাল কৰাৰ অভাৱ। ১২ জনকৈ দপদপাই থকা কৰ্মচাৰীৰে এটা ডাঙৰ কৰ্মী বৃন্দ। AC আছে কিন্তু গেচ নাথাকে , ঠিক তেনেকৈ জেনেৰেটৰ আছে কিন্তু তেল নাথাকে -এই বিষয়টোৰ ওপৰত পৰ্যটন বিভাগৰ মনোযোগ দিয়া উচিত।

আহিবৰ সময়ত বাইদেউ জনীৰ দোকানত গাখীৰ চাহ খাম বুলি কোৱাত অকল গৰুৰ গাখীৰতে ধুনীয়াকৈ চাহ বনাই দিলে। তৃপ্তিৰে চাহ কাপ খাই হাতত টকা কেইটা গুজি দিয়াত চকুযুৰিয়ে যেন বহুত কথায় কৈ গ’ল। তেওঁলোকে ৰৈ থাকে বছৰৰ সেইকেইটা দিনলৈ। যি দিন কেইটাত চানডুবিলৈ বনভোজ খাবলৈ বা ফুৰিবলৈ বিভিন্ন মানুহৰ আগমন হয় । ঘৰত কেঁচুৱা থৈ আহি গোটেই দিনটো কষ্ট কৰিলেও যেন তেওঁলোকৰ ভাগৰ নালাগে , কাম কৰিবলৈ উৎসাহ পায়। এই দিন কেইটা পাৰ হৈ যোৱাৰ পাছত তেওঁলোকৰ ভাতমুঠিৰ চিন্তা আহে , উদাসী হৈ পৰে তেওঁলোকৰ দুচকু।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ৰঙা আলু বা মিঠা আলু সুস্বাদু পাচলিয়ে নহয় ইয়াৰো আছে বহুত ঔষধি গুণ

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
Next Post
ৰঙা আলু বা মিঠা আলু সুস্বাদু পাচলিয়ে নহয় ইয়াৰো আছে বহুত ঔষধি গুণ

ৰঙা আলু বা মিঠা আলু সুস্বাদু পাচলিয়ে নহয় ইয়াৰো আছে বহুত ঔষধি গুণ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7