VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 6, 2022
in অভিমত
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

 

সমগ্ৰ বিশ্বৰ বাবে অভিশাপ হৈ আহিছিল ক’ভিড মহামাৰী ৷ ২০১৯ বর্ষৰ শেষভাগৰ পৰা চীনত প্ৰথমে সংক্ৰমন ঘটা ক’ভিডৰ বাবে স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব ৷ এখনৰ পাছত আন এখন দেশত দিয়া হৈছিল লকডাউন ৷ ক’ভিডৰ দ্ৰুত সংক্ৰমনৰ বাবে ৰোগীৰ বাবে হাস্পতালত অভাৱ ঘটিছিল বিছনাৰ ৷ কাঢ়ি লৈ গৈছিল বহুজনৰ জীৱন-জীৱিকা ৷ ইয়াৰ মাজতে ভাৰত চৰকাৰে দাবী কৰি আহিছে যে দেশখনত অতি পাৰদর্শিতাৰে নিয়ন্ত্ৰণ কৰা হৈছে ক’ভিড পৰিস্থিতি ৷ প্ৰকৃতার্থত কেন্দ্ৰীয় চৰকাৰে সচাকৈয়ে সফল নে  ক’ভিডৰ বিৰুদ্ধে  যুঁজত ? বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনে সন্দিহান কৰি তুলিছে ভাৰত চৰকাৰৰ দাবীক ৷ লগতে চর্চিত হৈছে কেইবাটাও প্ৰশ্নৰ ৷ ক’ভিডত মৃত্যু হোৱা লোকৰ তথ্য লুকুৱাইছে নেকি  ভাৰতে ?

কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি চৰকাৰৰ হিচাপতকৈ ১০ গুণ অধিক লোকৰ মৃত্যু হৈছিল ভৰতত ৷ বিগত প্ৰায় দুবছৰ ধৰি সংহাৰী ৰূপ লোৱা ভাৰতত চৰকাৰী হিচাপতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৱে ৷ সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০২০-২০২১ বর্ষত ভাৰতত মৃত্যু হৈছিল ৪৭.৪ লাখ লোকৰ  ৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ  হিচাপ অনুসৰি ২০২১ চনৰ শেষলৈ দেশত ক’ভিডত  মৃত্যু হৈছে মাত্ৰ  ৪.৮১ লাখ লোকৰ ৷ অর্থাৎ ভাৰত চৰকাৰৰ হিচাপতকৈ ‘হু’ৰ মতে ভাৰতত ২০২০-২০২১ বর্ষত ১০ গুণ অধিক লোকৰ মৃত্যু হৈছে ৷ কেবল ‘হু’ৱে নহয়, ইয়াৰ পূর্বে বিশ্বৰ আগশাৰীৰ সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টেও সন্দেহ প্ৰকাশ কৰিছিল ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ওপৰত ৷ কিছুদিন পূর্বে এক প্ৰতিবেদনত তেওঁলোকে প্ৰকাশ কৰিছিল যে ভাৰতত চৰকাৰী হিচাপতকৈ কেইবাগুণ অধিক লোকৰ মহামাৰীত মৃত্যু ঘটিছে ৷ যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইপিনে, বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনতে ভাৰতত মৃত্যু হৈছে ৮.৩ লাখ লোকৰ ৷

উল্লেখ্য যে দুদিন পূর্বে কেন্দ্ৰীয় চৰকাৰে ২০২০ বর্ষৰ জন্ম আৰু মৃত্যুৰ বার্ষিক তথ্য মুকলি কৰিছিল ৷ এই তথ্য অনুসৰি ২০১৯ বর্ষৰ তুলনাত ভাৰতত ২০২০ বর্ষত ৪.৫ লাখ অধিক লোকৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যৰ পাছতে ‘হু’ৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিষয়টোক ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷

কেবল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰিছে  ‘হু’ৱে ৷  সংস্থাৰ মতে বিশ্বজুৰি  ক’ভিডত মৃত্যু হৈছে ১৫ নিযুত লোকৰ ৷ ৷ ইয়াৰ বিপৰীতে দেশসমূহে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বত ক’ভিডত মৃত্যু  হোৱা লোকৰ সংখ্যা মাত্ৰ ৬ নিযুত ৷ অর্থৎ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰকৃত হিচাপতকৈ দুগুণ লোকৰ মৃত্যু ঘটিছে ৷ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা গণনাৰ বাবে এটা বিশেষ পদ্ধতি অৱলম্বন কৰি আহিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ এটা বর্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু মহামাৰী নহ’লে সেই একেটা বর্ষত সাম্ভাৱ্য মৃত্যুৰ সংখ্যাৰ ওপৰত নির্ভৰ কৰি এই তথ্য প্ৰকাশ কৰি আহিছে সংস্থটোৱে ৷

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যক নাকচ  কৰিছে ভাৰত চৰকাৰে ৷ ‘হু’ৰ তথ্যক ভূল আখ্যা  দিছে কেন্দ্ৰীয় চৰকাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য প্ৰকাশ কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য নাকচ কৰিছে ৷ এক বিবৃতিত মন্ত্ৰালয়ে   কয় যে ক’ভিডৰ মৃত্যুৰ সংখ্যা গণনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহন কৰা  আর্হি মানি ল’ব পৰা নাযায় ৷ অৱশ্যে কোন সঁচা, কোন মিছা  সেয়া সময়ে ক’ব ৷ ভাৰত চৰকাৰে ক’ভিডত হোৱা মৃত্যুৰ প্ৰকৃত সংখ্যা প্ৰকাশ কৰিছে নে , মৃত্যুৰ তথ্য লুকুৱাই ক’ভিড নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সফলতা প্ৰদর্শন কৰিব বিচাৰিছে সেয়া বিতর্কৰ বিষয় ৷ কিন্তু ক’ভিড মহামাৰীয়ে বহুজনৰ আপোনজনক কাঢ়ি নি তেওঁলোকৰ জীৱনলৈ  যে অমানিশা কঢ়িয়াই আনিছিল সেয়া  আজিৰ বাস্তৱ সত্য ৷

 

 

 

 

 

 

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

উচটনিমূলক মন্তব্য দি পাঞ্জাৱ আৰক্ষীৰ জালত বিজেপি নেতা

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
গাভৰু বিহু বা জেং বিহু
অভিমত

গাভৰু বিহু বা জেং বিহু

May 5, 2022
Next Post
উচটনিমূলক মন্তব্য দি পাঞ্জাৱ আৰক্ষীৰ জালত বিজেপি নেতা

উচটনিমূলক মন্তব্য দি পাঞ্জাৱ আৰক্ষীৰ জালত বিজেপি নেতা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7