VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 27, 2023
in অভিমত
চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞান প্ৰযুক্তিৰ সম্প্ৰতি সময়ছোৱাত ডিজিটেল ইণ্ডিয়াৰ শ্লোগানৰ মাজত অসমৰ কাৰিকৰী শিক্ষাৰ অৱস্থা একেবাৰে শোচনীয়। অসম চৰকাৰ তথা শিক্ষা বিভাগৰ চূড়ান্ত দায়িত্বহীনতাত পৰিণত হৈছে ৰাজ্যৰ ২৮ খন পলিটেকনিক শিক্ষানুষ্ঠান। পলিটেকনিকসমূহত অধ্যয়নৰত ছাত্র-ছাত্ৰীয়ে আজিৰ তাৰিখত নানা সমস্যাৰ মাজতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

যি সময়ত আমাৰ চৰকাৰে নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে, সেই সময়তে অসমৰ বহু পলিটেকনিকত নাই ছাত্ৰাবাস। পলিটেকনিকত ছাত্ৰীনিবাস আছে যদিও কিছুমান পলিটেকনিকত ছাত্ৰীনিবাস বন্ধ হৈ আছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। উল্লেখযোগ্য যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইলেক্ট্রিকেল, মেকানিকেল, অট’মোবাইল, চিভিল, মাইনিং কেমিকেল, বায়’ মেডিকেল, প্রিন্টিং, ইলেক্ট্রনিক্স এণ্ড টেলিকমিউনিকেচন, ফুড প্রচেছিং, আর্কিটেকচাৰ, ইণ্ডাষ্ট্ৰীয়েল প্ৰডাকচন, এগ্রিকালচাৰ, ইন্সট্রুমেন্টিচন, মডার্ণ অফিচ মেনেজমেন্ট, ফেশ্বন টেকন’লজি, টেক্সটাইল টেকন’লজি আৰু টেক্সটাইল ডিজাইন আদি বিভিন্ন বিষয়ৰ শিক্ষা পলিটেকনিকসমূহে প্ৰদান কৰি আহিছে। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহ পৰিচালিত হয়।

কিন্তু পলিটেকনিকসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে বিষয় অনুপাতে শিক্ষক নাই। উদাহৰণস্বৰূপে গোৱালপাৰা পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিং বিভাগত তৃতীয় ষান্মাসিকত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৬০ জনৰো অধিক আৰু পঞ্চম ষান্মাসিকতো ছাত্র-ছাত্ৰীৰ সংখ্যা একেই। এই বিভাগটোত মুৰব্বী অধ্যাপক আছে যদিও তেখেত বৰ্তমান চিৰাং পলিটেকনিকৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে। ফলস্বৰূপে ইয়াত সময় দিব নোৱাৰে। ইয়াত স্থায়ী প্ৰৱক্তা নাই, ঠিকাভিত্তিক প্ৰৱক্তাৰ সংখ্যা এজন। এনে পৰিস্থিতিত দুটা শ্ৰেণীত এজন প্ৰৱক্তাই পাঠদান কৰিবলগীয়া হৈছে। যাৰ ফলত পাঠদানত বহুত সমস্যাৰ সন্মুখীন হৈছে। যেনে এটা শ্ৰেণীত পাঠদান কৰিলে আনটো শ্ৰেণীত পাঠদান নহয়।

আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে প্রায়সমূহ পলিটেকনিকত ব্যৱহাৰিক পৰীক্ষাৰ বাবে নাই যন্ত্র-পাতি, সা-সৰঞ্জাম। আনকি পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে যন্ত্ৰপাতিৰ অভাৱত গাঁঠিৰ ধন ভাঙি এখন পলিটেকনিকৰ শিক্ষার্থীয়ে আন এখন পলিটেকনিকলৈ যাব লগা হৈছে। কোনোবা পলিটেকনিকত নাই আপডেটেড কম্পিউটাৰ ছফ্‌টৱেৰ, ক’ৰবাত আকৌ নাই সংশ্লিষ্ট বিষয়ৰ কিতাপ। চৰকাৰৰ উদাসীনতাত এনেদৰে দুৰ্বল আন্তঃগাঁথনিৰ মাজেৰেই ছাত্র- ছাত্রীসকল পলিটেকনিকসমূহত শিক্ষা গ্রহণ কৰি থাকিবলগীয়া হৈছে। আনহাতে পলিটেকনিসমূহত প্রায় হোষ্টেলেই জৰাজীৰ্ণ অৱস্থালৈ পর্যবসিত হৈছে। নতুনকৈ স্থাপন কৰা ১১খন পলিটেকনিকত নাই হোষ্টেলৰ সুবিধা। পৰিণতিত অধিক ধন খৰচ কৰি ছাত্ৰ-ছাত্ৰীয়ে থাকিবলগীয়া হয় ব্যক্তিগত হোষ্টেলত। পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীয়ে জৰাজীৰ্ণ অৱস্থাৰ মাজতেই শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। পৰিতাপৰ কথা এইটোৱেই যে এতিয়ালৈকে শিক্ষাবিভাগে শিক্ষক নিযুক্তি দিয়া নাই। এনেকুৱা পৰিস্থিতিত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা কাৰ্যই চৰকাৰৰ ব্যর্থতাৰ কথা প্ৰকাশ পায় নে চৰকাৰে ইচ্ছাকৃতভাৱে ছাত্র–ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে সেয়া ছাত্ৰ–ছাত্ৰীৰ সমুখত এক মূল্যৱান প্ৰশ্ন।

Previous Post

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
কেদাৰনাথ মন্দিৰৰ বিশেষত্ব
অভিমত

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

February 6, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7