VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সংবাদ মাধ্যম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2022
in অভিমত
ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধত কোনো এটা পক্ষই জয়ী হ’ব নোৱাৰে : প্ৰধানমন্ত্ৰী মোদী
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

সম্পর্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে  ইউৰোপ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ সময়তে উক্ত দেশসমূহত বাস কৰা প্ৰৱাসী লোকসকলে ব্যাপক আনন্দ উল্লাসৰ মাজেৰে আদৰণি জনোৱা আপুনি হয়তো প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ মাজতে ডেনমার্ক ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত “অহ মাই গড” বুলি মন্তব্য কৰি মোদী আতঁৰি যোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ বিদেশ ভ্ৰমণৰ সময়ত প্ৰশ্নৰ সন্মুখীন নোহোৱাৰ বাবে আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ  সমালোচনাৰ সন্মুখীন হ’ব লগীয়া  হৈছে মোদী ৷

ডেনমার্কত এখন সভা সম্বোধন কৰি ওলাই আহি সংবাদ মাধ্যমক কোনো প্ৰশ্ন কৰাৰ সুযোগ নিদি প্ৰধানমন্ত্ৰী গৰাকী আতঁৰি যোৱা এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত ৷ কিন্তু এয়াই প্ৰথম নহয় ৷  প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ পৰা আতঁৰি থকা পৰিলক্ষিত হৈছে মোদীক ৷ বর্তমানলৈ প্ৰধানমন্ত্ৰী হিচাপে  মোদীয়ে সম্বোধন কৰা নাই  কোনো সংবাদমেল ৷ অথবা পূর্বে নির্ধাৰণ কৰা স্ক্ৰিপ্ট অবিহনে দিয়া নাই কোনো সাক্ষাৎকাৰ ৷ অৱশ্যে পূর্বে বিদেশ ভ্ৰমণৰ সময়ত মোদীক দুয়োখন দেশৰ সাংবাদিকক  দুটাকৈ মুঠ চাৰিটা  প্ৰশ্ন সুধিবলৈ সুযোগ প্ৰদান কৰা হৈছিল ৷ ২০১৫ চনৰ পৰা বন্ধ কৰি দিয়া হয় এই সুযোগ ৷ ইয়াৰ আঁৰতো আছে এটা বিশেষ কাৰণ ৷ বিদেশ ভ্ৰমণৰ সময়ত প্ৰৱাসী ভাৰতীয়ই ঢোলে দগৰে আদৰি নিয়াৰ দৃশ্য  ইণ্টাৰনেটত ব্যাপক হাৰত প্ৰচাৰ  কৰি বাঃ বাঃ ল’ব বিচৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মুখীন হ’ব নিবিচাৰে কোনো ধৰণৰ অস্বস্তিকৰ পৰিৱেশৰ ৷ টেলি প্ৰম্পটাৰ অবিহনে কোনো কথা নোকোৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে হঠাৎ সন্মুখীন হ’ব নিবিচাৰে  সাংবাদিকৰ প্ৰশ্নৰ ৷ ২০১৫ চনৰ নৱেম্বৰত ব্ৰিটেইন ভ্ৰমণৰ সময়ত এজন সাংবাদিকে দেশত বৃদ্ধি পোৱা অসহিষ্ণুতা সন্দর্ভত মোদীক প্ৰশ্ন কৰিছিল ৷ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ কিছু মাহ পূর্বে ঘৰত গো মাংস ৰখাৰ বাবে উত্তৰপ্ৰদেশত এজন ৫১ বছৰীয়া লোকক আক্ৰমন কৰা হৈছিল ৷ সেই প্ৰসংগতে মোদীক অসহিষ্ণুতাৰ কথা সুধিছিল সাংবাদিকজনে ৷  তেতিয়াৰ পৰাই বিদেশ ভ্ৰমণৰ সময়ত মোদীক দুটা প্ৰশ্ন সুধিবলৈ দিয়া সুযোগ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হয় ৷ ব্ৰিটেইন ভ্ৰমণৰ পাছৰে পৰা যিকোনো বিদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কেবল বিবৃতি প্ৰকাশ কৰে অথবা নিজৰ ভাষ্যহে গোলকীয় নেতাৰ সৈতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ কিন্তু সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ প্ৰদান নকৰে মোদীয়ে ৷ বিশেষকৈ মানৱ অধিকাৰ ভংগ সন্দর্ভত বিদেশী মিডিয়াই প্ৰশ্ন কৰাৰ আশংকা কৰিয়েই প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰশ্নৰ সন্মুখীন নহয় বুলি চর্চিত হৈ আহিছে ৷ তদুপৰি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সময়ত পূর্বে প্ৰধানমন্ত্ৰী সকলে সাংবাদিক লগত লৈ যোৱা পৰম্পৰাও বন্ধ কৰিছিল নৰেন্দ্ৰ মোদীয়ে ৷

অনুৰূপ ধৰণে  ইউৰোপ ভ্ৰমণৰ সময়তো প্ৰধানমন্ত্ৰী আঁতৰি থাকিল সংবাদ মাধ্যমৰ পৰা  ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ  কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদকর্মীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে  কোনো প্ৰশ্নৰ উত্তৰ নিদিয়া প্ৰসংগ  টুইটাৰত উত্থাপন কৰিছে জার্মানীৰ আগশাৰীৰ সংবাদ গোষ্ঠী ডিউটছে ৱেল্লেৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় সম্পাদক ৰিচার্ড ৱাকাৰে ৷ তেওঁ এই প্ৰসংগতে কয় – “মোদী আৰু স্ক’লজ বার্লিনত সংবাদ মাধ্যমৰ সন্মুখীন হ’ব …..দুয়োখন চৰকাৰৰ মাজত হোৱা ১৪ খন চুক্তি তেওঁলোকে  ঘোষণা কৰিব …………কিন্তু ভাৰতীয় পক্ষৰ হেচাঁত  তেওঁলোকে কোনো প্ৰশ্ন গ্ৰহণ নকৰে ৷”

প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমৰ সন্মুখীন হ’বলৈ প্ৰকাশ কৰি অহা অনীহাৰ বাবেই ভাৰত ভ্ৰমণৰ সময়ত কেইবাজনো আন্ত:ৰাষ্ট্ৰীয় নেতাই সুকীয়াকৈ সংবাদ মাধ্যমক সম্বোধন কৰাৰ বহু উদাহৰণ আছে ৷ শেহতীয়াকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভ্ৰমণৰ সময়তো দেখা গৈছিল সুকীয়া সংবাদমেল ৷ তাৰ পূর্বে ২০২০ চনৰ প্ৰথমভাগত ডোনাল্ড ট্ৰাম্ফে আহমেদাবাদ আৰু দিল্লী ভ্ৰমণ কৰাৰ সময়ত দ্বৈত আলোচনাৰ পাছত এখন হোটেলত সূকীয়াকৈ ট্ৰাম্ফে সংবাদ মাধ্যমক সম্বোধন কৰিছিল ৷মুঠতে ২০১৪ বর্ষৰ পৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত সংবাদ মাধ্যম বুলিলেই নিলগত আছে নৰেন্দ্ৰ মোদী ৷

 

 

 

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

দেশৰ বর্তমান পৰিস্থিতিক দূর্ঘটনাৰ দিশে গৈ থকা এখন বিমানৰ সৈতে ৰিজালে এইগৰাকী প্ৰখ্যাত সাহিত্যিকে ! কিয় ক’লে এই কথা ?

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
Next Post
দেশৰ বর্তমান পৰিস্থিতিক দূর্ঘটনাৰ দিশে গৈ থকা এখন বিমানৰ সৈতে ৰিজালে এইগৰাকী প্ৰখ্যাত সাহিত্যিকে ! কিয় ক’লে এই কথা ?

দেশৰ বর্তমান পৰিস্থিতিক দূর্ঘটনাৰ দিশে গৈ থকা এখন বিমানৰ সৈতে ৰিজালে এইগৰাকী প্ৰখ্যাত সাহিত্যিকে ! কিয় ক’লে এই কথা ?

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7