VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পূৱ গাৰো পাহাৰৰ সুৱাসিত সৌন্দৰ্য্য

উইলিয়াম নগৰৰ পৰা ডা° অংগনা নাথ by উইলিয়াম নগৰৰ পৰা ডা° অংগনা নাথ
November 3, 2021
in অভিমত
পূৱ গাৰো পাহাৰৰ সুৱাসিত সৌন্দৰ্য্য
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

সপ্তাহৰ মূৰত পোৱা বন্ধ কেতিয়াও যথেষ্ট নহয়। কংক্ৰিটৰ চহৰৰ পৰা যেতিয়া পলাই ফুৰিবলৈ কাৰোবাৰ ওচৰত মেঘালয়ৰ দৰে অসমৰ গাতে লাগি থকা সুন্দৰ বিকল্প থাকে, অৱসৰ সময় সুন্দৰ হয়।

এইবাৰ আমি মেঘালয়ৰ সদায়েই গৈ থকা খাচী পাহাৰ আৰু শ্বিলঙৰ পৰিৱৰ্তে গাৰো পাহাৰলৈ যাবলৈ মনস্থ কৰিলোঁ।

অসমৰ গোৱালপাৰা জিলাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো। গোৱালপাৰাৰ পৰা পূৱ গাৰো পাহাৰৰ মূখ্য চহৰ, উইলিয়াম নগৰলৈ ৭২ কিলোমিটাৰ অতিক্ৰম কৰি উপস্থিত হ’বলৈ আমাক প্ৰায় ২ ঘণ্টা ৪৫ মিনিট সময় লাগিল। অসমৰ বাহিৰৰ পৰা কোনোবা যদি প্ৰথমবাৰৰ বাবে আহিবলৈ ইচ্ছুক তেন্তে প্ৰথমতে গুৱাহাটীস্থিত LGBI এয়াৰপৰ্ট বা গুৱাহাটী ৰেলৱে ষ্টেচনলৈকে আহিব লাগিব।

তাৰ পৰা যিকোনো গাড়ীৰে ১৮৮ কিলোমিটাৰ অতিক্ৰম কৰি উইলিয়াম নগৰত উপস্থিত হ’ব পাৰিব। ৰাস্তাৰ কাষৰ সমতলত সোণোৱালী ধাননি পথাৰ, কহুৱা বন , মনোমোহা সেউজীয়াৰে আবৰা ৰাস্তাৰ কাষৰ বননি আৰু দুৰৰ শাৰী শাৰী পাহাৰে পৰিবেষ্টিত গোৱালপাৰাৰ পৰা উইলিয়াম নগৰৰ যাত্ৰা পথটো সঁচাকৈয়ে বৰ উপভোগ্য । গাড়ীত বাজি থকা মৃদু সংগীতৰ তালে তালে কাষেদি বৈ যোৱা গাৰো পাহাৰৰ শুভ্ৰ নীলা নৈয়ে যাত্ৰা পথত আপোনাৰ মন মুহি নিব।

উইলিয়াম নগৰত থকাৰ সু ব্যৱস্থা আছে। ইয়াৰে জিলা আৱৰ্ত ভৱনৰ ঘৰুৱা পৰিৱেশত থকাৰ সু ব্যৱস্থাৰ উপৰিও পৰম্পৰাগত আহাৰৰ জুতি ল’বও পাৰিব। ইয়াৰ উপৰিও ডেৰিব’কগ্ৰেত বালকাছিন হোমষ্টেৰ পৰা ডুৰামা পাহাৰৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে কমলা বাগিচাৰ মনোমোহা দৃশ্যই আপোনাৰ মন কাঢ়িব।

নেংমনডালগ্ৰে মাছ সংৰক্ষিত জলাঞ্চল-

চিবক নৈৰ মাছ সংৰক্ষিত জলাঞ্চলখন উইলিয়াম নগৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। স্থানীয় গাঁওবাসীৰ দ্বাৰা সংৰক্ষিত জলাঞ্চলত মাছ ধৰা নিষেধ। কাষৰীয়া লোকসকলৰ দায়বদ্ধতা আৰু ঐক্য বদ্ধতাই কেনেকৈ উন্নয়নত সহায় কৰে এইক্ষেত্ৰত উৎকৃষ্ট প্ৰমাণ এই জলাঞ্চলখন।

মেম’ লেক-

উইলিয়াম নগৰৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ ব’লকিংগ্ৰে গাঁৱত অৱস্থিত মেম’ হ্ৰদটো পূব গাৰো পাহাৰৰ অন্যতম আকৰ্ষণ। চিমছেং নৈৰ পৰা অপ্ৰাকৃতিক ভাবে গঠন হোৱা হ্ৰদটোত বুটিঙৰ সুবিধাও উপলব্ধ।

বেনছামগ্ৰে মাছ জলাঞ্চল-

উইলিয়াম নগৰৰ পৰা ২৬ কিলোমিটাৰ নিলগত চামণ্ডা ব্লকত অৱস্থিত জলাঞ্চলখন পূব গাৰো পাহাৰৰ অন্যতম আকৰ্ষণীয় স্থান।

ডেৰিব’কগ্ৰে ন’কপাণ্টে-

চামাণ্ডা ব্লকৰ ডুৰামা পাহাৰীয়া অঞ্চলত অৱস্থিত উইলিয়াম নগৰৰ পৰা ৩৮ কিলোমিটাৰ নিলগত থকা এক অতি আকৰ্ষণীয় ঠাই। পৰম্পৰাগত খাদ্য শৈলীৰ সোৱাদ লোৱাৰ লগতে এই ঠাইত থাকি তেওঁলোকৰ জনজাতীয় জীৱন শৈলীৰ আভাস ল’ব পাৰিব।

উইলিয়াম নগৰৰ পৰা ডেৰিব’কগ্ৰে পথটো সৰু সৰু দোকানেৰে ভৰা। থলুৱা লোকসকলে ঘৰুৱা উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰে। এই দোকানসমূহৰ পৰা সতেজ পাচলি ক্ৰয় কৰিবও পাৰিব।

গাৰো পাহাৰৰ সৌন্দৰ্য্য আৰু মেটমৰা স্মৃতি বুকুত বান্ধি এক অনাবিল প্ৰাপ্তিৰ আনন্দ মনেৰে গোৱালপাৰালৈ উভতি আহিলোঁ। এই মনোমোহা যাত্ৰা সদায় মনত ৰ’ব।

Previous Post

আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস

Next Post

ঘৰ‌ ভাড়ালৈ দিয়া লোৱাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ

Related Posts

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌
অভিমত

হোৱাট ইজ্‌ ৰিলেশ্বন্‌চিপ্‌

May 23, 2022
ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা
অভিমত

ব’হাগ মাহৰ পূৰ্ণিমা বৌদ্ধ পূৰ্ণিমা

May 15, 2022
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
অভিমত

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

May 9, 2022
বাস্তুশাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও বিজ্ঞান অৱশ্যে হয়। বিজ্ঞান সন্মত ভাৱে ঘৰৰ স্থানৰ কোন দিশত কি থাকিব লাগে জানেনে বাৰু? বাস্তুশাস্ত্ৰৰ পৰা এই বিষয়ে জানো আহক
অভিমত

বাস্তু শাস্ত্ৰ অনুসৰি আঠ টা দিশ আছে। ঘৰৰ প্ৰৱেশ দ্বাৰ বা মুখ্য দুৱাৰ কোনটো দিশত হ’ব লাগে । বাস্তু শাস্ত্ৰৰ পৰা জানো আহক

May 8, 2022
অসমীয়াই আৰু আলফা বিচাৰেনে
অভিমত

অসমীয়াই আৰু আলফা বিচাৰেনে

May 7, 2022
ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
অভিমত

ক’ভিডত মৃত্যুৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?

May 6, 2022
Next Post
ঘৰ‌ ভাড়ালৈ দিয়া লোৱাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ

ঘৰ‌ ভাড়ালৈ দিয়া লোৱাৰ ক্ষেত্ৰত অসমত নতুন আইন বলবৎ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7