VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘হনুমানৰ দৰে অসুৰৰ বিৰুদ্ধে মোকাবিলা কৰক’! বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মোদীৰ বাৰ্তা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in ৰাজনীতি
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

প্ৰসংগক্ৰমে হনুমান জয়ন্তী আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱস এইবাৰ একেটা দিনতে পৰিছে । আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সংমিশ্ৰণক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা গ’ল । বৃহস্পতিবাৰে দলৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীয়ে পৱনপুত্ৰ হনুমানৰ দৰে শক্তিশালী হাতেৰে অসুৰক দমন কৰিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান জনায়!

বৃহস্পতিবাৰে সংসদৰ বালযোগী থিয়েটাৰত বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলৰ সভাপতি জে পি নাড্ডাকে ধৰি সকলো শীৰ্ষ নেতা। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ আগত মোডীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছিল। তাত হনুমানৰ ৰামভক্তিৰ উপৰিও মোদীয়ে ‘লংকা কাণ্ড’ৰ উদাহৰণো উল্লেখ কৰে। তেওঁ কয়- “হনুমানে অসুৰৰ সৈতে মোকাবিলা কৰাৰ সময়ত যি মানসিক প্ৰস্তুতি দেখুৱাইছিল, সেই মানসিক প্ৰস্তুতিও আপোনালোকৰ হ’ব লাগে। ভাৰত মাতাক মুক্তি দিব লাগিব।“

 

মোদীয়ে দাবী কৰে যে বিগত ৪৩ বছৰত বিজেপিৰ নেতা-কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আজি দলটো সফল হৈছে। ইয়াৰ পিছত তেওঁ কয় , “এয়া ইয়াতেই থমকি নাযায়। আমি আৰু আগবাঢ়িব লাগিব। আপোনাৰ ডাঙৰ সপোন দেখাৰ ক্ষমতা আছে আৰু সেই সপোন পূৰণ কৰাৰ ক্ষমতা আছে। দেশৰ জনসাধাৰণে ২০১৪ চনত ইতিহাস ৰচনা কৰিছিল। সেই ধাৰাবাহিকতা বজাই ৰাখিব লাগে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে। কিন্তু আমি আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয় জয় কৰিব লাগিব।“ ইয়াৰ লগতে কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “১৯৪৭ চনত ব্ৰিটিছে ভাৰত এৰিলেও তেওঁলোকৰ দাসত্বৰ মানসিকতাৰ অন্ত পৰা নাছিল। “ৰজাৰ” মানসিকতা আৰু জনসাধাৰণৰ সমস্যাক আওকাণ কৰি আহিছে ৷”

 

তাৎপৰ্যপূৰ্ণভাৱে মোদীয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ কথা উল্লেখ কৰি তেওঁৰ চৰকাৰৰ সাফল্যৰ বাখ্যা আগবঢ়ায় ৷

ইতিহাসে কৈছে যে ১৯৮০ চনত জনসংঘৰ পৰা জন্ম হোৱা বিজেপিৰ উত্থান এদিনতে হোৱা নাছিল। অটল বিহাৰী বাজপেয়ী, এল কে আদৱানীৰ সংগ্ৰাম দীঘলীয়া আছিল। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আজি কেন্দ্ৰত ক্ষমতাত আছে ৷ বিজেপিয়ে ১৭খন ৰাজ্যত একক বা মিত্ৰতাৰে চৰকাৰ চলাই আছে। ৪৩ বছৰীয়া এই যাত্ৰাত বিজেপিৰ ব্যৰ্থতাৰ নজিৰ কম নহয়। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত পদ্ম শিবিৰে মাত্ৰ ২ খন আসন লাভ কৰিছিল। পুনৰ দুবাৰকৈ মিত্ৰজোঁট গঠন কৰি ক্ষমতালৈ আহিছিল যদিও চৰকাৰখন পূৰ্ণকালীনভাৱে  ৰাখিব পৰা নাছিল। প্ৰথমবাৰৰ বাবে ১৩ দিন আৰু দ্বিতীয়বাৰৰ বাবে ১৩ মাহৰ পিছত বাজপেয়ী চৰকাৰৰ পতন ঘটে। পিছলৈ অৱশ্যে বিজেপিয়েও পাঁচ বছৰ চৰকাৰ চলাবলৈ সক্ষম হয় ৷

 

কিন্তু ২০০৪ চনৰ পিছত বিজেপিয়ে পুনৰ ক্ষমতাৰ পৰা আঁতৰি থাকিব লগা হ’ল একেৰাহে ১০ বছৰ। ২০১৪ চনৰ পিছত সেই ছবিখন পুনৰ সলনি হ’ল। এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্য লৈছে মোদীয়ে। পদ্ম-শিবীয়ে দলৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰাই আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। দেশৰ ১০ লাখ ঠাইত দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছে। লক্ষ্য হৈছে মোদীৰ বাৰ্তা অধিক সংখ্যক লোকৰ মাজত প্ৰচাৰ কৰা আৰু জনসাধাৰণৰ ভিত্তি বৃদ্ধি কৰা।

 

Previous Post

পূর্বৰ সকলো অভিলেখ ভংগঃ১০ গ্ৰাম সোণৰ মূল্য ৬১ হাজাৰ টকালৈ বৃদ্ধি

Next Post

ঋণ লওতালৈ সুখবৰ , সম্প্ৰতি বৃদ্ধি নহয় ৰেপ’ৰেটঃ ঘোষণা ৰিজার্ভ বেংকৰ

Related Posts

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

November 20, 2023
কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত
ৰাজনীতি

কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত

November 15, 2023
নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ
ৰাজনীতি

নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি, স্থায়ী সভাপতিৰ তালিকা এআইচিচিলৈ অনুমোদনৰ বাবে প্ৰেৰণ

November 13, 2023
নগাওঁ কগ্ৰেছত খহনীয়া , আনুষ্ঠানিকভাৱে বিজেপিত যোগদান নগাওঁ জিলা কংগ্ৰেছ সভাপতি সুৰেশ বৰাৰ
ৰাজনীতি

নগাওঁ কগ্ৰেছত খহনীয়া , আনুষ্ঠানিকভাৱে বিজেপিত যোগদান নগাওঁ জিলা কংগ্ৰেছ সভাপতি সুৰেশ বৰাৰ

November 11, 2023
কংগ্ৰেছত আন এক ধুমুহা, এইবাৰ দল ত্যাগ কৰিলে নগাওঁ কংগ্ৰেছৰ সভাপতিয়ে
ৰাজনীতি

কংগ্ৰেছত আন এক ধুমুহা, এইবাৰ দল ত্যাগ কৰিলে নগাওঁ কংগ্ৰেছৰ সভাপতিয়ে

November 10, 2023
মিত্ৰদলেৰে আসন ভাগ বতৰা, শণিবাৰে অগপ-ইউপিপিএলেৰে বিজেপিৰ বৈঠক
ৰাজনীতি

মিত্ৰদলেৰে আসন ভাগ বতৰা, শণিবাৰে অগপ-ইউপিপিএলেৰে বিজেপিৰ বৈঠক

November 9, 2023
Next Post
ঋণ লওতালৈ সুখবৰ , সম্প্ৰতি বৃদ্ধি নহয় ৰেপ’ৰেটঃ ঘোষণা ৰিজার্ভ বেংকৰ

ঋণ লওতালৈ সুখবৰ , সম্প্ৰতি বৃদ্ধি নহয় ৰেপ’ৰেটঃ ঘোষণা ৰিজার্ভ বেংকৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7