VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইৰ পোৱাইত অনুষ্ঠিত হ’ব ইণ্ডিয়াৰ বৈঠক, গঠন হ’ব সমন্বয় সমিতি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 5, 2023
in ৰাজনীতি
৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইৰ পোৱাইত অনুষ্ঠিত হ’ব ইণ্ডিয়াৰ বৈঠক, গঠন হ’ব সমন্বয় সমিতি
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ পৰৱৰ্তী বৈঠক ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷এই বিষয়টো ইতিমধ্যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীকে ধৰি বিৰোধী মিত্ৰজোঁটৰ এদল নেতাৰ সৈতে আলোচনা কৰা হৈছে। সংশ্লিষ্ট সকলো পক্ষৰ সন্মতিৰ ভিত্তিত অহা সপ্তাহত এই তাৰিখ ঘোষণা কৰা হ’ব।

 

সূত্ৰ অনুসৰি অহা ৩১ আগষ্টৰ সন্ধিয়াৰ পৰা মুম্বাইৰ বৰিভালি অঞ্চলৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পোৱাই হ্ৰদৰ পাৰৰ এখন হোটেলত এই বৈঠক আৰম্ভ হ’ব। বাংগালুৰুৰ দৰেই সেই নিশাও হয়তো নৈশ ভোজতে আলোচনা হ’ব পাৰে। ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল বৈঠক। ‘ইণ্ডিয়া’ বৈঠকৰ আয়োজন কৰিছে ‘মহাবিকাশ আঘাড়ী’ মিত্ৰজোঁটৰ তিনিওটা অংশীদাৰ – কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিয়ে।

 

 

২৩ জুনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সহাঁৰি বিচাৰি পাটনাত ১৫টা বিজেপি বিৰোধী দলৰ শীৰ্ষ নেতাৰ প্ৰথমখন বৈঠকৰ আয়োজন কৰে। ইয়াৰ পিছত ১৭-১৮ জুলাইত কংগ্ৰেছ শাসিত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আয়োজন কৰা বৈঠকত ২৬টা দলে অংশগ্ৰহণ কৰে। মিত্ৰজোঁটৰ নতুন নাম ৰখা হয় ইণ্ডিয়া  । তাৰ লগে লগে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ মিত্ৰতাৰ অস্তিত্ব কাৰ্যতঃ নিঃশেষ হৈ গ’ল। সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাইত অনুষ্ঠিত হোৱা বৈঠকত আন কিছু দলে যোগদান কৰিব পাৰে ৷

 

 

অৱশ্যে নতুন মিত্ৰজোঁটৰ অধ্যক্ষ বা আহ্বায়ক পদৰ কোনো নাম ঘোষণা কৰা হোৱা নাই। ছোনিয়া গান্ধী আছিল ইউ পি এৰ অধ্যক্ষ। ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে পৰৱৰ্তী বৈঠকত মহাৰাষ্ট্ৰত “ইণ্ডিয়া”ৰ ১১ জনীয়া সমন্বয় সমিতি গঠন কৰা হ’ব। তদুপৰি পৰৱৰ্তী বৈঠকৰ পূৰ্বে সমিতিৰ সদস্যসকলৰ নাম চূড়ান্ত কৰা হ’ব বুলিও তেওঁ কয়। লগতে তেওঁ কয় যে মহাৰাষ্ট্ৰ বৈঠকত বিশদ পৰ্যালোচনা কৰা হ’ব যাতে সমমনা বিজেপি বিৰোধী দলসমূহে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰে আগবাঢ়ি যাব পাৰে। একে সময়তে বেংগালুৰুত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, “পৰৱৰ্তী বৈঠকত এখন সুকীয়া সমিতি গঠন কৰি উমৈহতীয়া কাৰ্যসূচীৰ সম্ভাৱনা চাব পাৰে।”

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

বিয়াত বহিব কভি খুচী কভি গমৰ শৈশৱৰ পূজা, দৰা কোন?

Related Posts

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ
ৰাজনীতি

বিদ্যুৎ সংকট জোৰা মৰাত ব্যর্থ , বিচনী-লেম্প লৈ বিধানসভালৈ আহিল অখিল গগৈ

September 11, 2023
চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
ৰাজনীতি

চাকৰিৰ বজাৰঃ বাজপেয়ী ভৱনক সামৰি ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

August 30, 2023
Next Post
বিয়াত বহিব কভি খুচী কভি গমৰ শৈশৱৰ পূজা, দৰা কোন?

বিয়াত বহিব কভি খুচী কভি গমৰ শৈশৱৰ পূজা, দৰা কোন?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7