VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

২০২৯লৈ কেজৰিৱাল দেশৰ প্ৰধানমন্ত্ৰী

শোণিত কুমাৰ গোস্বামী by শোণিত কুমাৰ গোস্বামী
March 13, 2022
in ৰাজনীতি
২০২৯লৈ কেজৰিৱাল দেশৰ প্ৰধানমন্ত্ৰী
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

শিৰোনাম দেখি নাহাঁহিব। অৱশ্যে হাঁহি উঠাতো স্বাভাৱিক, যি সময়ত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা অপ্ৰতিদ্বন্দী হৈ আছে তেনে সময়ত কেজৰিৱালক লৈ এনে এটা শিৰোনাম দিয়াটো কিমান সমিচীন! কিন্তু ৰাজনীতিত কোনো কথাই স্থায়ী নহয়। সকলো কথা চলমান। কালি কংগ্ৰেছ, আজি বিজেপি হোৱাৰ দৰে এতিয়া মোদী চলিছে কালিলৈ অন্য কোনো, কিন্তু ৰাজনীতি আৰু গণতন্ত্ৰ চলি থাকিব।

দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ কথা নতুনকৈ কোৱা বা তেওঁৰ পৰিচয় দিয়াৰ দৰকাৰ নাই। এইজন ৰাজনীতিকক আমি দেশত হোৱা আন্না আন্দোলনৰ জৰিয়তে লাভ কৰিছোঁ। কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে গঢ় লোৱা জনমতে দেশত (দিল্লীত) আন্না হাজাৰেৰ নেতৃত্বত সত্যাগ্ৰহ আন্দোলনৰ আৰম্ভণি কৰিছিল। এই আন্দোলনৰ প্ৰতি সকলোৰে সমৰ্থন আছিল। এই আন্দোলনৰ শেষত মূলত আমি দুগৰাকী নেতা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা দেখিছিলোঁ। সেই দুগৰাকীৰ প্ৰথমগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয়গৰাকী হৈছে অৰৱিন্দ কেজৰিৱাল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীত দপদপাই থকা তথা নিজৰ খেয়ালী স্বভাৱৰে ৰাজনীতি কৰা অৰৱিন্দ কেজৰিৱালে ক্ষমতালৈ আহিও ক্ষমতাক প্ৰত্যাখ্যান কৰিছিল। ২০১৩ চনৰ ডিচেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ওলোমা সদনত লোকপাল বিধেয়ক গৃহীত কৰিব নোৱাৰি তেওঁ ২০১৪ চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল। আৰু তাৰ পাছত দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত পোনে পোনে জনপ্ৰিয়তাৰ শীৰ্ষত থকা নৰেন্দ্ৰ মোদীৰ বিপক্ষে বাৰাণসী লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। সেই নিৰ্বাচনত মোদীৰ হাতত ধৰাশায়ী হোৱা এই কেজৰিৱালে আকৌ ২০১৫ত যাদু কৰিছিল। সমগ্ৰ দেশত তথা ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰভুত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদী তথা বিজেপি দলটো ২০১৫ৰ দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত কেজৰিৱালৰ হাতত ধৰাশায়ী হৈছিল। সেয়া ২০২০ চনত পুনৰবাৰ প্ৰতিষ্ঠা কৰি কেজৰিৱালে বৰ্তমান তৃতীয় কাৰ্যকালৰ বাবে দিল্লীৰ মছনদ দখল কৰি আছে।

তেওঁ গঠন কৰা আম আদমী পাৰ্টী চমুকৈ আপ সদায় চৰ্চাত থকাৰ দৰে এতিয়া পুনৰবাৰ আলোচনাৰ মাজলৈ আহিছে। কিয়নো শেহতীয়া দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল ঘোষিত হৈছে। চাৰিখনকৈ ৰাজ্যত বিজেপি শাসনলৈ অহাৰ সমান্তৰালকৈ দেশৰ অন্যতম উন্নত ৰাজ্য পঞ্জাৱৰ বিধানসভাত আপে সংখ্যাগৰিষ্ঠতা পোৱাৰ পাছত কেজৰিৱালৰ নাম সঘনাই সংবাদ মাধ্যমত উচ্চাৰিত হৈছে। লগতে সফল দিল্লীৰ মডেল এতিয়া দিল্লীৰ বাহিৰত প্ৰথম ৰাজ্য হিচাপে পঞ্জাৱত সফল হৈ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকে আলোচনা কৰিছে। ইমান দিনে পৌৰ নিগম-পৌৰ সভাবোৰৰ (গুজৰাটত আপ সফল) নিৰ্বাচনত আপে সফলতা লাভ কৰি থকাৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনত সফলতা পাবলৈ সক্ষম হৈছে। এয়া দলটোৰ বাবে ইতিবাচক দিশ। দলটোৰ সম্প্ৰসাৰণ পঞ্জাৱৰ দৰে ৰাজ্যত বিস্তাৰ লাভ কৰাৰ পাছত এয়া যে অন্য ৰাজ্যবোৰলৈ যাব পাৰিব, সেয়া খাটাং। কিয়নো তুলনামূলকভাৱে নতুনকৈ গঠিত হোৱা আম আদমী পাৰ্টীয়ে এতিয়া অন্য ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন তথা ২০২৪ৰ সাধাৰণ নিৰ্বাচনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব।

জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিপক্ষে কোনজন ৰাজনৈতিক নেতা উপযুক্ত, এই কথাটোক লৈ সৰৱ চৰ্চা হৈ থকাৰ সময়ত সৰ্বভাৰতীয় প্ৰেক্ষাপটত কেতিয়াবা বংগৰ মমতা বেনাৰ্জী, তেলেংগানাৰ কেচি ৰাওৰ কথা আহিলেও আগন্তুক দহ বছৰত অৰৱিন্দ কেজৰিৱাল সৰ্বভাৰতীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ হৈ পৰিব সেয়া অবিশ্বাস্য যেন লাগিলেও সত্য।

Previous Post

কাৰ্বি আংলং জিলাৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনশিৰি মণ্ডল পৰ্যায় সংগঠনে লাভ কৰিলে “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা”

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন
ৰাজনীতি

কংগ্ৰেছ ত্যাগ কপিল ছিবালৰ সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ নির্বাচনত দাখিল কৰিলে মনোনয়ন

May 25, 2022
‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ
ৰাজনীতি

‘দুর্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা’ কাক কয় পুনৰ শিকালে আপে, এক শতাংশ কমিছন দাবী কৰা মন্ত্ৰীক বর্খাস্ত-গ্ৰেপ্তাৰ

May 24, 2022
গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ  নেতা অনুব্ৰত মণ্ডল
ৰাজনীতি

গৰু চোৰাং ব্যৱসায়ৰ গোচৰত চিবিআইৰ সন্মুখত হাজিৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতা অনুব্ৰত মণ্ডল

May 19, 2022
পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী!  দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?
ৰাজনীতি

পুনৰ কংগ্ৰেছৰ সভাপতি হ’ব ৰাহুল গান্ধী! দলৰ মজিয়াৰ পৰা কোনে কৰিলে দাবী ?

May 12, 2022
চৰকাৰৰ বিফলতাই নেকি কাৰণ ?
ৰাজনীতি

চৰকাৰৰ বিফলতাই নেকি কাৰণ ?

May 11, 2022
অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
ৰাজনীতি

অমিত শ্বাহৰ ভ্ৰমণৰ সময়তে কলকাতাত যুৱ বিজেপি কর্মীৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা

May 6, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7