শৰতে আদৰি আনিছে মংগলময়ী মাতৃৰ লগতে আন আন দেৱী -দেৱতাক। মনৰ প্ৰশান্তিৰ বাবে যুগে যুগে মানুহে অদৃশ্য শক্তিৰ আশ্ৰয় লৈ আহিছে ।জীৱনৰ দুখ-কষ্টৰ প্ৰতিকাৰ কৰি এক আলোকময় পথৰ সন্ধানৰ বাবে আশ্ৰয় লৈছে ঐশ্বৰিক শক্তিৰ। বিজ্ঞানৰ বৈপ্লবিক পৰিবৰৰ্তনেও মানুহৰ মনৰ পৰা সেই বিশ্বাস নিঃশেষ কৰিব পৰা নাই।
আজি লক্ষী পূজা। হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষী দেৱীৰ জন্মদিন। মান্যতা আছে যে শাৰদীয় পূৰ্ণিমাৰ দিন লক্ষী দেৱী পূজাৰ আসনত অধিষ্ঠান কৰে।
এই পূজা কৰিবলৈ হ’লে স্নান কৰি পৰিষ্কাৰ- পৰিচ্ছন্ন পৰিবেশত , ঠাইডোখৰ পৰিষ্কাৰ কৰি লৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি পূজাৰ যা-যোগাৰ কৰিব লাগে। ঘট এটাত পানী ভৰাই শিলিখা , পইচা আৰু চাউল দিব লাগে। পাঁচ খিলা থকা আমৰ পাত ঘটৰ মুখত দিব লাগে। ডাব নাৰিকল এটাত সেন্দুৰ দি ঘটৰ ওপৰত থব লাগে। ঘট , আম পাতত সেন্দুৰ দিব লাগে। আগলি কলপাত এখন সন্মুখত ৰাখি এটা অংশত চাকি , ধূপ-ধূনা আৰু বাকী অংশত ফুল , দুবৰি , চাউল , নৈবেদ্য , ফল-মুল আদি ৰাখিব লাগে। মা লক্ষী দেবীৰ প্ৰিয় নাৰিকল আৰু তামোল- পাণ দিব লাগে। তাৰ পাছত শ্ৰী শ্ৰী লক্ষী দেৱীৰ স্তব ,পাঁচালী , শতনাম , চৰিত্ৰ , নাম আদি সভক্তিৰে পৰিয়ালৰ এজনে পঢ়ি বাকী বিলাকে শ্ৰদ্ধাৰে শুনি থাকিব লাগে। পাঠ সমূহ শেষ হলে সকলোৱে দেৱীৰ ধ্যান -মন্ত্ৰ জপ কৰিব লাগে।
ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।
সৰ্বতঃ পাহি মাং দেৱী মহালক্ষী নমোহস্তুতে ।।
মা লক্ষী দেৱীক আৰাধনা কৰিলে ভক্ত সকলৰ ধন-সম্পত্তিৰ প্ৰাপ্তিৰ লগতে মান -সন্মান , যশ -খ্যাতি আদিও লাভ কৰে। তাৰোপৰি দেৱী সন্তুষ্ট হলে ভক্তৰ জীৱনৰ হতাশ- হুমুনিয়াহ , বিভিন্ন সমস্যা আদিও নাশ হয় বুলি হিন্দু ধৰ্মৰ লোক সকলে বিশ্বাস কৰি আহিছে। সেয়েহে মা লক্ষী দেৱীক কোৱা হয় সৌভাগ্যৰ দেৱী।
লক্ষী দেৱী যে অকল ধন-সম্পত্তিৰ গৰাকী এনে নহয় মা লক্ষীৰ আৰাধনা কৰিলে শান্তি , জ্ঞান , সন্তান সুখ ,সুখ , সমৃদ্ধি প্ৰাপ্তি হয় আৰু ভগবান বিষ্ণুৰ কৃপা লাভ হয়। লক্ষী পূৰ্ণিমাৰ আন এটা নাম হল শাৰদীয় পূৰ্ণিমা।