” কমৰতে বান্ধিলে খলে
কান্ধত ল’ল জাখা।
দাইন হাতে বলয় খাৰু
বাওঁহাতে শাঁখা ।।
মাছ মাৰে চুপুক- চাপাক
উঠিল কান্দুলি।
জাখাৰ কোনাত দুলাই দেং
হাড়ি মাদুলি ।।”
জাকৈ আৰু খালৈ অসমৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ অতি মৰমৰ অতি আদৰৰ এবিধ মাছ মৰা সঁজুলি। জাকৈ আৰু খালৈ দুয়োবিধ সঁজুলি বাঁহেৰে প্ৰস্তুত কৰা হয়। খালৈ কিন্তু জাকৈৰ পিছে পিছে অৰ্থাৎ য’তে জাকৈ তাতে খালৈ।
” জাকৈয়ে মাছ মাৰে খালৈৰ নাম ।”
জাকৈৰে মাছ মাৰে আৰু জাকৈত উঠা মাছ খিনি খালৈত থোৱা হয়। অৰ্থাৎ মাছ মৰাত জাকৈৰ কষ্ট হয় কিন্তু খালৈ মাছৰ গৰাকী হয়। সেৱেহে অসমীয়া ফকৰা-যোজনাত উক্ত কথা ফাকিয়ে স্থান পাবলৈ সক্ষম হৈছে।
এই জনপ্ৰিয় সঁজুলি দুইবিধৰ নাম বড়ো ভাষাৰ পৰাই অহা বুলি অনুমান কৰিব পাৰি। জোৰ দি টানি ব্যৱহাৰ কৰা জাল অৰ্থাৎ জেখাই। বড়ো ভাষাত জাকৈ বা জকাইক ‘জেখাই’ বোলে। সেইদৰে পাচি-খৰাহি জাতীয় সঁজুলিৰ প্ৰস্তুত কৰোতা বড়ো সকলে খাং জাতীয় সঁজুলিক খোবায় যাক আমি খালৈ বা খোলায় বুলি জানো। পুৰঠ নোহোৱা দীঘল পাবযুক্ত বাঁহ ( মোকাল বাঁহ ) কাটি তাৰে কেঁচাই কেঁচাই বা ধোঁৱাচাঙত তুলি থৈ শুকুৱাই লোৱা কাঠিৰে হাতৰ কামত পাৰ্গত লোক সকলে জাকৈ আৰু খালৈ প্ৰস্তুত কৰিব পাৰে।
বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন আকাৰৰ আৰু নানা ধৰণৰ গাঁঠনিৰ জাকৈ আৰু খালৈ দেখিবলৈ পোৱা যায়। বড়ো -ৰাভা সকলৰ মাজত সমবাহু ত্ৰিভূজ , সমদ্ধিবাহু ত্ৰিভূজ আকৃতিৰ জাকৈ আনহাতে ভৈয়ামৰ জনগোষ্ঠীয়ে কঁকালত বান্ধি মাছ মৰাৰ সুবিধাৰ বাবে কলহৰ আকৃতিৰ খালৈ আকৌ পাহাৰৰ জনগোষ্ঠীয়ে ব্যৱহাৰ কৰি আহিছে চেপেটা খালৈ।
সাধাৰণতে জাকৈৰে মাছ মৰা কামটো মহিলা সকলৰ।জাকৈ পাতি খাল-দং -বিল পুখুৰীৰ পানী সিঁচি মাছ ধৰা কামটো পুৰুষ -মহিলা উভয়ে কৰে যদিও পানী যুৱঁলি বা আলি- কেকুঁৰিত চবিয়াই চবিয়াই মাছ মৰাটো অকল মহিলা সকলৰহে। মহিলা সকলে চবিয়াই মাছ মৰা কৌশলটো যখিনীৰ পৰা আয়ত্ব কৰা বুলি জনশ্ৰুতি আছে।
অসমত অকল বৃত্তিজীৱি সম্প্ৰদায়হে মাছ মাৰে এনে নহয়। ভৈয়ামৰ জাতি-জনজাতি নিৰ্বিশেষে সকলো সমাজৰ মহিলা সকলে মাছ মৰাটো আনন্দৰ আৰু গৌৰৱৰ কথা। মাঘ বিহুৰ উৰুকাত অঞ্চল ভেদে পুৰুষ-মহিলা সকলোৱে মিলি জাল-জুলুকি জাকৈ আদিৰে মাছ মাৰি ভাগ বতৰা কৰি এক উৎসৱ মুখৰ পৰিৱেশ গঢ়ি তোলে।
অসমীয়াৰ জাতীয় উৎসৱ বিহু গীতত জাকৈ -খালৈৰ উল্লেখ মন কৰিবলগীয়া-
(১) ” জাকৈ -খালৈ লই
মাছ মাৰিবাকে জাং
দলনি পথাৰত ঐ
ভুঁই ৰুবা জাং।”
(২) ” জাকৈ লাঙে লাঙ
খালৈ লাঙে লাঙ
লাঙথং বিলৰে মাছ।”
উজনি – নামনি উভয় অঞ্চলতে যখ-যখিনীৰ পূজাত জাকৈ-খালৈৰ বিশেষ ভূমিকা আছে। উজনি অসমৰ সোনোৱাল কছাৰী , টাই-আহোম আদি সমাজৰ লখিমী সবাহত জাকৈ বাই পোৱা মাছক আয়তী সকলে লক্ষ্মী জ্ঞান কৰি থাপনা পাতি পূজা দিয়াৰ প্ৰথা আছে। ঠিক তেনেদৰে ঠেঙাল কছাৰী সকলৰ শিশু পানীত পৰিলে বা টাই-আহোম সকলৰ পৰম্পৰাগত চকলং বিয়াত জাকৈ বাই শিশুটিৰ বা দৰা- কইনাৰ মংগল চায় আৰু দীৰ্ঘায়ু কামনা কৰে। উজনি অসমৰ দৰে নামনি অসমৰ ৰাভা সকলেও বিভিন্ন উপসৰ্গ দূৰ কৰিবলৈ বলি বিধানেৰে ভগা জাকৈ-খালৈ সহ যখিনীক পূজা কৰে। হাজং সকলৰ জুখুনী দেও পূজাতো পুৰোহিত জনে জাকৈ -খালৈ আৰু এটা পোৱালী কুকুৰাৰ সৈতে গছৰ ডালত আঁৰি থৈ অহাটো এক পৰম্পৰা। কোনো কোনো অঞ্চলত জাকৈত যাদুকৰী গুণ থকা বুলি বিশ্বাস কৰা হয় আৰু ভুতুনী ধৰা মহিলাক আৰোগ্য কৰিবলৈ জাকৈৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা অন্ধবিশ্বাস বোৰৰ পৰাই লোক-বিশ্বাসৰ জন্ম হয় আৰু শেষত এই লোক-বিশ্বাস বোৰেই এটা জাতিৰ এটা সভ্যতাৰ ইতিহাস হৈ পৰে।
কামৰূপ অঞ্চলত অতি হৃদয়স্পৰ্শী ৰূপত বিয়া গীতত জাকৈৰ উল্লেখ আছে-
” সৰুতে কাকা তই
জাখে বুই দিছিলি
পুৱান মাছ মাৰিবাকে,
মাছো নামাৰিলো
পানীতো নানামিলো
ভাঙি যাওঁ মৰমৰ জাখে ।।”
অসমৰ জাতি-জনজাতি নিৰ্বিশেষে সকলোৱে বিশেষকৈ মহিলা সকলে মাছ মৰাটো সৌভাগ্য আৰু গৌৰৱৰ কথা। মাছ মৰা সম্পৰ্কীয় লোকাচাৰ , উৎসৱ -অনুষ্ঠানৰ দৰেই মাছ মৰা সম্পৰ্কীয় গীত -মাত , ফকৰা-যোজনা ,সাধুকথা আদিয়ে লোক-সাহিত্যক উচ্চ আসনত প্ৰতিষ্ঠিত কৰিব পাৰিছে সেৱা নিশ্চিত। গতিকে অসমীয়া সংস্কৃতিৰ লোক-সাহিত্যৰ উপাদান আপুৰুগীয়া ঐতিহ্যমণ্ডিত জাকৈ -খালৈক আমি পাহৰণিৰ গৰ্ভত বিলীন হৈ যাবলৈ নিদি অসমৰ সংস্কৃতিৰ ধ্বজা বহনকাৰী এই অমূল্য সম্পদবোৰক নতুন প্ৰজন্মৰ হাতত তুলি দিব পাৰিলে আমি অসমীয়া হিচাপে চিনাকি দিবলৈ গৰ্ব অনুভৱ কৰিব পাৰিম।