লক্ষীমপুৰ বাসিন্দা সকলৰ বাবে সুখবৰ ৷ লখিমপুৰৰ পানিগাওঁ আমতলাৰ এজন দিন হাজিৰা কৰা লোকৰ সুযোগ্য কন্যা আইনু বৰাই লাভ কৰিলে এক বিশেষ কৃতিত্ব ৷ অৰুণাচল প্ৰদেশৰ অৰুণোদয় বিশ্ববিদ্যালয়ৰ পৰা এম বি এ স্নাতক মহলাত শীৰ্ষ স্থান অধিকাৰ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনালক্ষীমপুৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আইনু বৰাক বিশ্ববিদ্যালয়ৰ ২০১৯ -২১ বৰ্ষৰ শ্ৰেষ্ঠ খিতাপৰ লগতে সোণৰ পদক প্ৰদান কৰা হয় । পেচাত এজন কাঠ মিস্ত্ৰীৰ কন্যাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।
আইনুৰ এই কৃতিত্বত আনন্দিত হৈ সমগ্ৰ অঞ্চল বাসীয়ে তেওঁক উষ্ম আদৰণী জনোৱাৰ লগতে ফটকা ফুটাই উৎসাহ প্ৰদান কৰে।