VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 25, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আজি অসমীয়া গল্প-সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ সূচনা কৰা বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ স্মৃতি দিৱস । সৌৰভ কুমাৰ চলিহা আছিল তেওঁৰ ছদ্মনাম, তেওঁৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি । তেওঁ আছিল বিশিষ্ট সাহিত্যিক কালিৰাম মেধিৰ পুত্ৰ । ছাত্ৰ হিচাপে মেধাৱী আছিল তেওঁ । ১৯৬০ চনত তেওঁ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে । পঞ্চাশৰ দশকত তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰে । তেওঁৰ প্ৰথম গল্পটো আছিল ‘পঞ্জাব সীমান্তৰ সহযাত্ৰী’ । ৰামধেনুৰ পাতত তেওঁ ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পটোৰে অসমীয়া গল্প সাহিত্যলৈ এক নতুনত্বৰ ধাৰা বোৱাই আনে । ‘গোলাম’ নামৰ গল্প সংকলনটিৰ বাবে তেওঁ ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৫ চনত তেওঁ লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা । কিন্তু ছদ্মনামেৰে পৰিচিত হ’বলৈ বিচৰা বাবে তেওঁ জীৱিত অৱস্থাত নিজ হাতে কোনো বঁটা-বাহন গ্ৰহণ কৰা নাছিল । এহাত ডবা, দুপৰীয়া আৰু অন্যান্য গল্প আদি তেওঁৰ গল্প সংকলন । অৱৰূদ্ধ চহৰ, মৰূদ্যান তেওঁৰ নাটক । ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হাইভ, আশী দিনত পৃথিৱী পৰিভ্ৰমণ আদি তেওঁৰ অনূদিত গ্ৰন্থ । গল্প নহয়, ভাল খবৰ আদি তেওঁৰ অন্যান্য ৰচনা সংকলন । ২০১১ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি বিশ্ববিখ্যাত ইংৰাজ ঔপন্যাসিক, প্ৰবন্ধকাৰ, সাংবাদিক তথা সমালোচক জৰ্জ অৰৱেলৰ ওপজা দিন । ১৯০৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেছিডেন্সিৰ মোতিহাৰীত তেওঁৰ জন্ম হৈছিল । জৰ্জ অৰৱেল তেওঁৰ ছদ্মনাম আছিল, আচল নামটো আছিল এৰিক আৰ্থাৰ ব্লেয়াৰ । এনিমেল ফাৰ্ম (১৯৪৫) তেওঁৰ এখন বিখ্যাত উপন্যাস । তেওঁ বিবিচিত সাংবাদিকতা কৰিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি জনপ্ৰিয় সংগীত শিল্পী মাইকেল জেকচনৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী । তেওঁক কিং অব পপ বুলি কোৱা হয় । ১৯৬৪ চনত তেওঁ পেছাদাৰী শিল্পী হিচাবে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰাই আৰু উভতি চাবলগীয়া হোৱা নাছিল । ১৯৮২ চনত প্ৰকাশিত তেওঁৰ এলবাম ‘থ্ৰীলাৰ’ৰ গীতসমূহে আমেৰিকাৰ বৰ্ণবৈষম্যৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি কৰিছিল । তেওঁ ১৫টি গ্ৰেমী বঁটা লাভ কৰিছিল । ২০০৯ চনৰ আজিৰ দিনটোতে বিষক্ৰিয়াৰ ফলত কেলিফৰ্ণিয়াত তেওঁৰ মৃত্যু হয় । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

Previous Post

অমিতাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ইয়াৰ উপৰিও অমিতাৰ আছে আৰু বহুত নজনা কথা । জানো আহকচোন অমিতাৰ আচৰিত কথাবোৰ

Next Post

মাদুৰাইত ১০ কোটি টকাৰ অধিক মূল্যৰ এম্বাৰগ্ৰিছ জব্দ,৩ জন আটক

Related Posts

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
Next Post
মাদুৰাইত ১০ কোটি টকাৰ অধিক মূল্যৰ এম্বাৰগ্ৰিছ জব্দ,৩ জন আটক

মাদুৰাইত ১০ কোটি টকাৰ অধিক মূল্যৰ এম্বাৰগ্ৰিছ জব্দ,৩ জন আটক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7