VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
July 25, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক নিপ বৰুৱাৰ স্মৃতি দিৱস । তেওঁৰ সংগীত আৰু ফুটবলৰ প্ৰতিও বিশেষ ৰাপ আছিল । কাৰ্টুনিষ্ট হিচাপেও তেওঁৰ খ্যাতি আছিল । দ্য আছাম ট্ৰিবিউন কাকতত তেওঁ কাৰ্টুন আঁকিছিল । অসমীয়া চলচ্চিত্ৰ জগতখনলৈ তেওঁৰ বিশেষ অৱদান আছিল । তেওঁৰ পৰাই আৰম্ভ হয় অসমীয়া চলচ্চিত্ৰৰ ব্যৱসায়িক উত্তৰণৰ যুগ । ‘স্মৃতিৰ পৰশ’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতখনত পদাৰ্পণ কৰিছিল । আজলী নবৌ, ‘ককাদেউতা, নাতি আৰু হাতী’, মাক আৰু মৰম, ‘শকুন্তলা আৰু শংকৰ যোছেফ আলী’, ৰঙা পুলিচ, বৰুৱাৰ সংসাৰ, আই মোৰ জনমে জনমে, এণ্টনী মোৰ নাম আদি তেওঁৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ । দাদু, নাতি ও হাতী তেওঁৰ একমাত্ৰ বাংলা চলচ্চিত্ৰ । ১৯৯২ চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হয় । এইগৰাকী চলচ্চিত্ৰ কাণ্ডাৰীলৈ আমাৰ প্ৰণাম ।

আজি প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক তথা সংগীত পৰিচালক পদুম বৰুৱাৰ স্মৃতি দিৱস । তেওঁ ডঃ লক্ষ্মীনন্দন বৰাৰ ১৯৬২ চনত প্ৰকাশিত উপন্যাস ‘গঙাচিলনীৰ পাখি’ৰ কাহিনীভাগ লৈ চিত্ৰনাট্য লিখি একে নামেৰে ১৯৭৬ চনত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়ায় । এই চলচ্চিত্ৰখনতেই বীণা বাৰুৱাতীয়ে নায়িকাৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতখনলৈ আহিছিল । ২০০৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বিশিষ্ট পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হৰকৃষ্ণ ডেকা এগৰাকী চুটিগল্পকাৰ হিচাপেও খ্যাত । তেওঁ ‘গৰীয়সী’ আলোচনী আৰু ‘দ্য ছেণ্টিনেল’ কাকতৰো সম্পাদক আছিল । ৰামধেনু আলোচনীৰ যোগেদি সাহিত্য জগতত আত্মপ্ৰকাশ কৰা হৰেকৃষ্ণ ডেকাৰ কবিতা পুথি সয়ম্বৰ, ৰাতিৰ শোভাযাত্ৰা, ভালপোৱাৰ বাবে এষাৰ, সানমিহলি বৰ্ণমালা ইত্যাদি । গল্প পুথি প্ৰাকৃতিক আৰু অন্যান্য, মধুসূদনৰ দলং, পোষ্টমডাৰ্ণ অথবা গল্প, গল্প আৰু কল্প ইত্যাদি । তেওঁৰ সাহিত্য সমালোচনামূলক গ্ৰন্থ আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ, দৃষ্টি আৰু সৃষ্টি, বীক্ষণ আৰু সন্ধান ইত্যাদি । অন্যান্য বিষয়ক গ্ৰন্থ দুখন হ’ল ‘প্ৰব্ৰজন আৰু অণুপ্ৰৱেশ’ আৰু ‘সাৰ্বভৌমত্ব, সন্ত্ৰাসবাদ আৰু নাগৰিক সমাজ’ । আন এজন নামৰ কবিতা পুথিৰ বাবে তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । বন্দীয়াৰ নামৰ গল্প পুথিৰ বাবে ১৯৯৬ চনত লাভ কৰে কথা পুৰস্কাৰ । তেওঁ ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । বিশিষ্ট সাহিত্যিকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

হঠাতে আমি কিছুমান দুৰ্ঘটনাৰ সন্মুখীন হওঁ বা আকস্মিক ভাৱে কেতিয়াবা বিপদে দেখা দিয়ে। এনে অৱস্থাত হতাশ নহৈ কি কৰিব লাগে জানো আহক

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 5, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 4, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 3, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7