VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
August 1, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট ভাষাতত্ত্ববিদ, শিক্ষাবিদ, শিক্ষাপ্ৰশাসক তথা লেখক টাবুৰাম টাইডৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে লখিমপুৰ জিলাৰ ঘুণাসূঁতি আয়েংগিয়াত তেওঁৰ জন্ম হৈছিল । ১৯৬৭ চনত তেওঁ কটন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰে । ১৯৭০ চনত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বন সেৱাৰ বাবে বাছনিত উঠিছিল যদিও স্বাস্থ্যজনিত কাৰণত সেই পদবী লাভ নকৰিলে । এনে সেৱাৰ বাবে বাছনিভুক্ত হোৱা তেঁৱেই আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় যুৱক । কটন কলেজত চৈধ্য বছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপসঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে । তাৰ পিছত তেওঁ এছচিইআৰটিৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ, ৰাজ্যিক বাছনি পৰিষদৰ (উচ্চ শিক্ষা) অধ্যক্ষ আদি বিভিন্ন পদবীত সেৱা আগবঢ়ায় । তদুপৰি তেওঁ আছিল আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিষদৰো সদস্য আছিল । ১৯৬৮ চনত তেওঁ নাহেন্দ্ৰ পাদুনৰ সৈতে গুৱাহাটী মিচিং কেবাং নামৰ অনুষ্ঠান এটাৰ জন্ম দি মিচিং ভাষাৰ বিজ্ঞানসন্মত লিপি ব্যৱহাৰত আগভাগ লয় । ১৯৭২ চনত জন্ম লাভ কৰা মিচিং আগম কেবাঙৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি হয় । আকাশবাণী ডিব্ৰুগড়ৰ বাবে তেওঁ মিচিং ভাষা শিক্ষাৰ এটা পাঠ্যক্ৰমো যুগুতাই দিছিল । তেওঁ ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত অসংখ্য প্ৰবন্ধ-পাতি লিখিছিল । একুঁকি নিবন্ধ, Glimpses, Mising Gompir Kumsung (মিচিং শব্দৰ ভঁৰাল) আদি তেওঁৰ প্ৰকাশিত পুথি । মিচিং আগম কেবাঙে তেওঁক সন্মানজনক আগম মিগাং উপাধি প্ৰদান কৰে । তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনো লাভ কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট প্লাজমা বিজ্ঞানী তথা বিজ্ঞানভিত্তিক লেখিকা ডঃ জয়ন্তী চুতীয়াৰ ওপজা দিন । ১৯৪৮ চনৰ আজিৰ দিনটোতে শিলসাগৰৰ জামগুৰিত তেওঁৰ জন্ম হৈছিল । পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ তেওঁ solid state Physics ত ডক্টৰেট ডিগ্ৰী লাভ কৰে । ১৯৮১ চনত তেওঁ চিএছআইআৰৰ পোষ্ট ডক্টৰেট ফেলো হিচাপে নিযুক্ত হয় । ১৯৮৫ চনত Institute of Advanced studies in Science and Technology (IASST)ৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্তি পায় । ১৯৮৮ চনত তেওঁ জাপানৰ Institute of space and Astronautical Scienceত গৱেষণাৰ সুযোগ পায় । তাৰ পিছত তেওঁ গুৱাহাটীৰ আইএএছএছটিৰ বিভাগীয় মুৰব্বী তথা ৰিছাৰ্চ গাইড হিচাপে নিযুক্তি পাই পিছলৈ অনুষ্ঠানটোৰ সঞ্চালক পদত অধিষ্ঠিত হয় । এনে এটি বিজ্ঞান প্ৰতিষ্ঠানৰ মুৰব্বী হোৱা তেঁৱেই ভাৰতৰ প্ৰথমগৰাকী মহিলা । তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত বিজ্ঞানৰ চেমিনাৰ, ৱৰ্কশ্বপ আদিত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰিছে । ইতিমধ্যে তেওঁ বিজ্ঞানীৰ জীৱনী, ভ্ৰমণ কাহিনী, উপন্যাস আদিৰ ২১খন গ্ৰন্থ ৰচনা কৰিছে । বিজ্ঞান জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, মহিলা পদাৰ্থ বিজ্ঞানী বঁটা আদি বিভিন্ন সন্মান লাভ কৰিছে । এইগৰাকী মহিলা বিজ্ঞানীক জনালোঁ তেওঁৰ ওপজা দিনৰ ওলগ ।

Previous Post

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

Next Post

কাৰ্বি আংলঙত ৮ কোটি হেৰোইন সহ ২ জন আটক

Related Posts

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা
সমাজ

দেওবাৰে দেশৰ ঐতিহাসিক স্মাৰক তাজমহলত বিফল হৈছিল ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 9, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 8, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
Next Post
কাৰ্বি আংলঙত ৮ কোটি হেৰোইন সহ ২ জন আটক

কাৰ্বি আংলঙত ৮ কোটি হেৰোইন সহ ২ জন আটক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

মহৰমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ‘ভাতৃত্ববোধ’ৰ টুইট

August 9, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7