VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
August 5, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস । তেওঁ আছিল দেশৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা । ১৯৪৬ চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ স্বাধীনতাৰ দাবী সন্দৰ্ভত গঠন কৰি দিয়া কেবিনেট মিছনে মুছলিম লীগৰ সৈতে আলোচনা মৰ্মে অসমক পূৰ্ব বংগৰ (বৰ্তমানৰ বাংলাদেশ) সৈতে চামিল কৰিবলৈ লোৱা গ্ৰুপিং আঁচনিৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ অসমক ভাৰতৰ সৈতে ৰখাত বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯৫০ চনৰ ৬ আগষ্টলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে । ইয়াৰ পূৰ্বে তেওঁ ১৯৩৮ চনৰ ২১ ছেপ্তেম্বৰতো অসমৰ মুখ্যমন্ত্ৰীৰ (তেতিয়াৰ প্ৰধানমন্ত্ৰী) দায়িত্বভাৰ গ্ৰহণ কৰে । তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কালতে মাটিৰ খাজনা হ্ৰাস কৰা, কানি নিবাৰণ কৰা, শিক্ষাৰ বিস্তাৰৰ বাবে বৃহৎ পুঁজি ধাৰ্য কৰা, প্ৰাথমিক শিক্ষাক বাধ্যতামূলক কৰা আদি কাৰ্য সম্পন্ন হোৱাৰ উপৰি তেওঁৰ প্ৰচেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয় আদি স্থাপন হৈছিল । মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু নিজা বিচক্ষণতা তথা সততাৰে ৰাইজৰ সেৱা কৰা বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেওঁক ‘লোকপ্ৰিয়’ অভিধাৰে বিভূষিত কৰিছিল । ১৯৫০ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী জননেতালৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট গল্পকাৰ, কবি তথা শিক্ষাবিদ মহিম বৰাৰ স্মৃতি দিৱস । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি নগাঁও কলেজৰ পৰা অসমীয়া বিভাগৰ অধ্যাপক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে । আকাশবাণী গুৱাহাটীৰ গঞাৰ মেল অনুষ্ঠানটি তেওঁ ধনবৰ কাই নামেৰে পৰিচালনা কৰিছিল ।তেওঁৰ প্ৰথমটো প্ৰকাশিত গল্প আছিল ‘জইন মৰা’, বৰদৈচিলা আলোচনীত প্ৰকাশ পাইছিল । তেওঁ কিছুদিন নতুন অসমীয়া কাকতৰো সহকাৰী সম্পাদকৰ দায়িত্ব লয় । কাঠনিবাৰী ঘাট তেওঁৰ প্ৰথম গল্প সংকলন । তদুপৰি বহুভুজী ত্ৰিভুজ, ৰাতি ফুলা ফুল, এখন নদীৰ মৃত্যু আদি তেওঁৰ গল্প সংকলন । হেৰোৱা দিগন্তৰ মায়া, পুতলা ঘৰ আদি উপন্যাস । বত্ৰিশ পুতলাৰ সাধু শিশু সাহিত্য ।মোমাইৰ পদূলিত ৰাখিলোঁ ঘোঁৰা তেওঁৰ ৰম্য ৰচনা ।পদুম কুঁৱৰী, তিনিৰ তিনি গ’ল আদি নাটক । ৰঙা জিঞা তেওঁৰ কাব্য গ্ৰন্থ । ২০০১ চনত এধানি মাহীৰ হাঁহি উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে । তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানো প্ৰদান কৰে । ১৯৮৯ চনত ডুমডুমাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০১৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

Next Post

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 7, 2022
উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?
সমাজ

উকীল সকলে ডিঙিত টাইৰ সলনি কিয় পৰিধান কৰে বগা কাপোৰৰ বেণ্ড ?

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 6, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 4, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 3, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

August 2, 2022
Next Post
গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী  উচ্চ ন্যায়ালয়ে  গঠন কৰিছে তিনিজনীয়া পেনেল

গুৱাহাটীত যান-জঁটৰ সমস্যা দূৰ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰিছে তিনিজনীয়া পেনেল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7