VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 20, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ববিশ্ৰুত নাট্যকাৰ তথা নাট পৰিচালক হেনৰিক ইবছেনৰ ওপজা দিন । ১৮২৮ বৰ্ষৰ আজিৰ দিনটোতে নৰৱেৰ স্কিয়েনত জন্ম লাভ কৰিছিল হেনৰিক জোহান ইবছেনে । থিয়েটাৰত আধুনিকতাবাদৰ প্ৰতিষ্ঠা কৰোঁতাসকলৰ ভিতৰত অন্যতম আছিল ইবছেন । তেওঁক বাস্তৱতাবাদৰ পিতৃ বুলিও কোৱা হয় । সমগ্ৰ বিশ্বতে ছেইক্সপিয়েৰৰ পিছতেই আটাইতকৈ সঘনাই যিগৰাকী নাট্যকাৰৰ নাট মঞ্চস্থ হৈছে, তেৱেই হ’ল ইবছেন । তেওঁৰ কেইখনমান অতি জনপ্ৰিয় নাট হ’ল এন এনিমী অব দ্য পিপল, ঘোষ্টছ, এ ডলছ হাউছ, দ্য ৱাইল্ড ডাক ইত্যাদি । ২০০৬ চনত বিশ্বত সৰ্বাধিক মঞ্চস্থ হোৱা নাটকখন আছিল ‘এ ডলছ হাউছ’ । এইগৰাকী বিশিষ্ট নাট্যকাৰৰ স্মৃতিত ১৯৯৫ চনত এটা গ্ৰহাণুৰ নাম ৰখা হৈছিল ৫৬৯৬ ইবছেন । বিশিষ্ট নাট্যকাৰলৈ আমাৰ প্ৰণাম ।

আজি কবি, প্ৰবন্ধকাৰ তথা শিক্ষাবিদ জ্ঞাননাথ বৰাৰ ওপজা দিন । ১৮৯০ বৰ্ষৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা তথা সম্পাদক । অসম ছাত্ৰ সন্মিলনৰ তৃতীয় অধিবেশনৰ প্ৰধান সম্পাদক আছিল তেওঁ । অসম ৰাজ্যিক মহাসভাৰো তেওঁ সভাপতি আছিল । ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰো তেওঁ সভাপতি আছিল । ‘সখী ঐ পৰেনে মনত’ নামৰ কবিতাটোৰে তেওঁ সাহিত্যৰ জগতখনত খোজ পেলাইছিল । পেছাত এগৰাকী অধিবক্তা জ্ঞাননাথ বৰাই আৰ্ল ল কলেজৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । অসমত বিদেশী, যুগতত্ব, নতুন পৃথিৱী, আধুনিক সাহিত্য, এ প্লী ফৰ সংস্কৃত এজ নেছনেল লেংগুৱেজ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । এইগৰাকী বৰেণ্য সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ভাৰতীয় সাহিত্যিক খুছৱন্ত সিঙৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী সাহিত্যিক, আইনজীৱী, কূটনীতিক, সাংবাদিক আৰু ৰাজনীতিক । দেশ বিভাজনৰ সময়ৰ ৰক্তাক্ত হিংসাত্মক পৰিস্থিতিৰ অভিজ্ঞতাৰে তেওঁ ১৯৫৬ চনত লিখি উলিয়াইছিল তেওঁৰ বিখ্যাত গ্ৰন্থ ট্ৰেইন টু পাকিস্তান । পিছলৈ এই উপন্যাসখনৰ আধাৰতে ১৯৯৮ চনত নিৰ্মাণ হৈছিল একে নামৰ এখন চলচ্চিত্ৰ । স্তম্ভ লেখক হিছাপেও তেওঁ খ্যাত । লাহোৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সিঙে দেশৰ স্বাধীনতাৰ পিছতেই ব্ৰিটিছ সাম্ৰাজ্যত ভাৰতৰ বৈদেশিক সেৱাত নিযুক্ত হৈছিল । পিছলৈ আকাশবাণীত সাংবাদিক আৰু ইউনেস্ক’ৰ মাছ কমিউনিকেছন বিভাগত জড়িত হয় । তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদো আছিল । তেওঁক ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

ৰঙৰ উৎসৱ বৰদোৱাৰ ফাকুৱা বা ফল্গুউৎসৱ

Next Post

অসমীয়া সংস্কৃতিত জাকৈ -খালৈ

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 18, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 17, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 15, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 13, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 12, 2022
বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২
সমাজ

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ পৰাগ কুমাৰ দাস সাংবাদিক বঁটা ,২০২২

May 11, 2022
Next Post
অসমীয়া সংস্কৃতিত  জাকৈ -খালৈ

অসমীয়া সংস্কৃতিত জাকৈ -খালৈ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7