VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
March 26, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

আজি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস । আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বৰভেটি গঢ়োতাসকলৰ অন্যতম লক্ষ্মীনাথ বেজবৰুৱা আছিল’জোনাকী যুগ’ৰ ত্ৰিমূৰ্তিৰ এগৰাকী । তেওঁ আছিল একাধাৰে কবি, নাট্যকাৰ, হাস্যৰসিক, গল্পকাৰ আৰু সমালোচক । ঊনবিংশ শতিকাৰ শেষৰ ফালে হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ সৈতে লগ লাগি তেওঁ কলিকতাত গঠন কৰিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা । তেওঁ জোনাকী আৰু বাঁহী আলোচনীৰ সম্পাদনাও কৰিছিল । সাহিত্যৰথী বুলিও জনাজাত বেজবৰুৱা আছিল অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ স্ৰষ্টা । তেওঁ উপন্যাস, সাধুকথা, ধেমেলীয়া নাট, বুৰঞ্জীমূলক নাট, জীৱনী, কবিতা আদি বিভিন্ন বিষয়ৰ অনেক গ্ৰন্থ অসমীয়া সাহিত্য জগতক উপহাৰ দি গৈছে ।১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৩৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোক গমন ঘটে । অসমীয়া সাহিত্যৰ কাণ্ডাৰীগৰাকীক আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে অভিনেতা, নাট্যকাৰ, গীতিকাৰ, শিক্ষক আৰু ধৰ্মাধিকাৰ । চন্দ্ৰহাৰ, অসমীয়া ধৰ্মাচাৰ্যৰ উপাধি, গুৰুচক্ৰ, ভূৰুকাত হাতী আদি তেওঁ ৰচনা কৰা গ্ৰন্থ । তেওঁৰ ধেমেলীয়া নাট ‘বিয়া বিপৰ্যয়’ আৰু ‘কুকুৰীকণাৰ আঠমঙলা’ অতি জনপ্ৰিয় হৈছিল । তেওঁ কেইবাখনো গ্ৰামফোন ৰেকৰ্ডতো কণ্ঠদান কৰিছিল । অভিনয়ত সুদক্ষ মহন্তই ‘পোনাকণ’ নামৰ চলচ্চিত্ৰখনতো অভিনয় কৰিছিল । অসম সাহিত্য সভাৰ সৈতে জন্মলগ্নৰে পৰাই জড়িত হৈ থকা মহন্তই ১৯৬৪ চনত ডিগবৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল । তেওঁ অসম সাহিত্য সভাৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ স্ৰষ্টা । সংগীত নাটক একাডেমী বঁটা লাভ কৰা মহন্তক অসম সাহিত্য সভাই ‘সাহিত্যাচাৰ্য’ উপাধিৰে সন্মানিত কৰে । ১৯৮৩ চনৰ আজিৰ দিনটোতে তেওঁ ইহসংসাৰৰ পৰা বিদায় লয় । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান- সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

Next Post

চতুৰ্থবাৰৰ বাবে বাঢ়িল পেট্ৰ’ল- ডিজেলৰ মূল্য, বিগত ৫দিনত মুঠ বাঢ়িল ৩.২০ টকা

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 20, 2022
স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা
সমাজ

স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে জুলাইৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব উমৈহতীয়া প্ৰৱেশ পৰীক্ষা

May 19, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 19, 2022
Next Post
চতুৰ্থবাৰৰ বাবে  বাঢ়িল পেট্ৰ’ল- ডিজেলৰ মূল্য, বিগত ৫দিনত মুঠ বাঢ়িল ৩.২০ টকা

চতুৰ্থবাৰৰ বাবে বাঢ়িল পেট্ৰ'ল- ডিজেলৰ মূল্য, বিগত ৫দিনত মুঠ বাঢ়িল ৩.২০ টকা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7