VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 21, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আজি কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ স্মৃতি দিৱস । তেওঁক অসমৰ নাইটিংগেল বুলি কোৱা হয় । ১৯৪৭ চনত তেওঁ মইনা মেলৰ যোগেদি গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে । ১৯৫৭ চনত আকাশবাণী গুৱাহাটীত তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰা হয় লীলা গগৈৰ ‘মোৰ বোপাই লাহৰী/নাপাইছোঁ আহৰি/বৰা জুৰিবলৈ আহে হে’ শীৰ্ষক গীতটি । আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে পৰিৱেশন কৰা তেওঁৰ প্ৰথম গীতটি আছিল ‘বন্ধু, সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ । ১৯৫৯ চনত তেওঁ লাচিত বৰফুকন চলচ্চিত্ৰত নেপথ্য গায়িকা হিচাপে পৰিৱেশন কৰে ‘আৱেগৰ বোকোচা ব’ব মই নোৱাৰোঁ, যৌৱনে আমনি কৰে’ গীতটি । ১৯৬৯ চনত তেওঁ শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল ‘লুইতে নেযাবি ঐ’ গীতটি । তাৰ পিছতে তেওঁ দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ গীত গাব নোৱৰা আনকি লাহে লাহে চলা-ফুৰাও কৰিব নোৱৰা হৈ পৰে । ১৯৭৬ চনত তেওঁ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । তেওঁৰ কেইটামান জনপ্ৰিয় গীত হ’ল — সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, জোনধনে জোনালীতে, কণমান বৰশীৰে চিপ, চেনাই মই যাওঁ দেই আদি । ১৯৯৮ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে । ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা, ২০১২ চনত আইদেউ সন্দিকৈ বঁটা লাভ কৰে । তেওঁ শিল্পী পেঞ্চনো লাভ কৰিছিল । ২০১৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী তুলতুল বৰুৱাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী সাহিত্যিক আৰু সাংবাদিকো আছিল । তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা নিউক্লিয়াৰ ফিজিক্সত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ সাপ্তাহিক নীলাচল কাকতৰ সহকাৰী সম্পাদক আছিল । কিশোৰ আৰু সাদিনীয়া নাগৰিকতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৪৮ চনত তেওঁ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী হিচাপে গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ পৰা গীত পৰিৱেশন কৰিছিল । তেওঁ ভাৰতীয় ফিল্ম ডিভিজনৰ সৈতেও জড়িত আছিল । তেওঁ সাহিত্যিক পেঞ্চনো লাভ কৰিছিল । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁ তেওঁৰ দেহাৱসান ঘটে । তেওঁ ইলোৰা বিজ্ঞান মঞ্চত তেওঁৰ মৰণোত্তৰ দেহদান কৰি থৈ গৈছে । শিল্পী, সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

ঠাণ্ডা পৰাৰ লগে লগে অসুস্থ হৈ পৰিছে নেকি ? কি কাৰণত এনে হয় জানো আহক

Next Post

২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?

২০২২ বৰ্ষত চলচিত্ৰ গৃহলৈ যাওঁতে ভাৰতীয় দৰ্শকে গ্ৰহণ কৰা মুঠ পপকৰ্নৰ পৰিমাণ কিমান জানেনে?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7