VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 24, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আজি অতিন্দ্ৰিয়বাদী বা ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ স্মৃতি দিৱস । সেইসময়ত ছোৱালীয়ে স্কুলীয়া শিক্ষা লোৱাৰ দস্তুৰ নাছিল বাবে তেওঁ ঘৰুৱা শিক্ষকৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল । ১৯০৯ চনত ১২ বছৰ বয়সতে বিয়াত বহাৰ পিছত মাথোঁ ১৯ বছৰ বয়সতে বৈধৱ্যক আকোৱালি ল’বলগীয়া হৈছিল । দহ বছৰ বয়সতে তেওঁ পিতা নামৰ এটি কবিতাৰে নিজৰ কাব্য প্ৰতিভাৰ পৰিচয় দিছিল । তেওঁ পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ সৈতে স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল । সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি তেওঁৰ কবিতা পুথি । এৰি অহা দিনবোৰ তেওঁৰ আত্মজীৱনী । শান্তিপথ একমাত্ৰ প্ৰবন্ধ পুথি । ১৯৫৪ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল ।এই পদ লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা । ১৯৬৭ চনত তেওঁৰ অলকানন্দা কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিৱেশনৰো সভাপতি আছিল তেওঁ । সদৌ অসম মইনা পাৰিজাতৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক আছিল । ১৯৭৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালক সুপ্ৰভা দেৱীৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে ডিগবৈত তেওঁৰ জন্ম হৈছিল । তেওঁ নিজৰ স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে যোগ-বিয়োগ, তৰামাই, মৰমী, ৰাংঢালী আদি পৰিচালনা কৰাৰ উপৰি ১৯৮৪ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ নয়নমণি চলচ্চিত্ৰখন পৰিচালনা কৰে । তাৰপিছত ১৯৮৬ চনত সৰবজান নামৰ আন এখন চলচ্চিত্ৰও পৰিচালনা কৰে । ২০০৩ চনত তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবে জিলিকাব লুইতৰে পাৰ নামৰ ধাৰাবাহিক এখনো নিৰ্মাণ কৰে । ১৯৮৫ চনত তেওঁ অসম চৰকাৰৰ শিল্পী দিৱস বঁটা লাভ কৰে । এইগৰাকী পৰিচালকলৈ আমাৰ প্ৰণাম ।

আজি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ইন্দ্ৰ বণিয়াৰ ওপজা দিন ।১৯৪২ চনৰ আজিৰ দিনটোতে লখিমপুৰ জিলাৰ ধলপুৰত তেওঁৰ জন্ম হৈছিল । ১৯৬৪ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চাকৰিত সোমায় । সৰুৰে পৰাই তেওঁৰ অভিনয়ত ৰাপ আছিল । তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল খোজ (১৯৭৫) । ১৯৬৪ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ নিয়মীয়া নাট্যশিল্পীৰ স্বীকৃতি লাভ কৰে । অনাতাঁৰ নাট গোৱৰ্ধন চৰিত আৰু মইনা সংবাদৰ যোগেদি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে । জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে । এই বঁটা লাভ কৰা তেৱেঁই প্ৰথমগৰাকী অসমীয়া অভিনেতা । শ্ৰীমতী মহিমাময়ী, অপৰূপা, অগ্নিস্নান, হলধৰ, যৌৱনে আমনি কৰে আদি তেওঁ অভিনয় কৰা কেইখনমান জনপ্ৰিয় চলচ্চিত্ৰ । আশীৰ দশকত তেওঁ পূবেৰুণ থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমাণ থিয়েটাৰ জগততো প্ৰৱেশ কৰে । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক’ত হেৰাই গ’ল ?

Next Post

ৰাডাৰত ধৰা নপৰাকৈ শত্ৰুক কৰে আক্ৰমণ, আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব এই অত্যাধুনিক ড্ৰ’ণ

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
ৰাডাৰত ধৰা নপৰাকৈ শত্ৰুক কৰে আক্ৰমণ, আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব এই অত্যাধুনিক ড্ৰ’ণ

ৰাডাৰত ধৰা নপৰাকৈ শত্ৰুক কৰে আক্ৰমণ, আমেৰিকাৰ পৰা ভাৰতে ক্ৰয় কৰিব এই অত্যাধুনিক ড্ৰ’ণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7