VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 27, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ স্মৃতি দিৱস । লণ্ডনত আইনৰ শিক্ষা লৈ তেওঁ দেশলৈ উভতি আহি কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয় । পিছত অসমৰ প্ৰথমখন আইন শিক্ষাৰ অনুষ্ঠান আৰ্ল ল কলজৰ অধ্যক্ষ হয় । ১৯৩৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীৰ যোগেদি সাহিত্য চৰ্চা কৰা জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া সাহিত্য জগতখনক চহকী কৰি থৈ যোৱা গ্ৰন্থসমূহৰ ভিতৰত দদাইৰ পঁজা (Uncle Tom’s Cabin), ভেনিচৰ সাউদ (Merchant of Venice), পঞ্চৰত্ন, বিলাতৰ চিঠি, মোৰ কথা, সাহিত্য কথা, Folk Tales of Assam আদি উল্লেখযোগ্য । তেওঁ ১৯৩৩ চনত উত্তৰ লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতিও আছিল । ১৯৫৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্যিক তথা বুৰঞ্জীৰ গৱেষক ডঃ সূৰ্য কুমাৰ ভূঞাৰ ওপজা দিন ।১৮৯২ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ফৌজদাৰীপট্টীত তেওঁৰ জন্ম হৈছিল । শিক্ষকতাৰে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল । কিছুদিন কটন কলেজৰ অধ্যাপকো আছিল । ১৯২৮ চনত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত যোগদান কৰে । ১৯৪৮ চনত অসমৰ শিক্ষাধিকাৰ হয় । গল্প সংকলন ‘পঞ্চমী, কবিতা পুথি ‘নিৰ্মালি’ৰ উপৰি আহোমৰ বুৰঞ্জী, অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী আদি তেওঁৰ অমৰ কৃতি । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও আছিল । কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদক আছিল । তেওঁ ব্ৰিটিছ চৰকাৰৰ ৰায়বাহাদুৰ আৰু ভাৰত চৰকাৰৰ পদ্মশ্ৰী খিতাপো লাভ কৰিছিল । ১৯৫৩ চনত শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বাবিংশ অধিৱেশনৰ তেওঁ সভাপতি আছিল । গোৱালিয়ৰত অনুষ্ঠিত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছৰ আধুনিক বুৰঞ্জী শাখাৰ সভাপতি আছিল । এইগৰাকী মহান ব্যক্তিলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

আজি বকুলবনৰ কবি আনন্দচন্দ্ৰ আগৰৱালাৰ স্মৃতি দিৱস । তেওঁ এগৰাকী কবি, নাট্যকাৰ তথা সাংবাদিক আছিল । সাংবাদিক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল । প্ৰথমতে ‘সাদিনীয়া অসমীয়া’ আৰু তাৰ পিছত ‘বাতৰি’ৰ সহকাৰী সম্পাদক হৈছিল । তেওঁ ভাৰতীয় বিমান বাহিনীতো সেৱা আগবঢ়াইছিল । ১৯৪৭ চনত যোৰহাটৰ আইটিআইত যোগদান কৰি ১৯৬৮ চনত অৱসৰ গ্ৰহণ কৰে । তেওঁ কলেজীয়া দিনৰে পৰাই কবিতা লিখিবলৈ লয় । ১৯৭৭ চনত ‘বকুলবনৰ কবিতা’ নামৰ কাব্য সংকলনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । পৰাগ, হাফিজৰ সুৰ, পুষ্পক আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৬৯ চনত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ১৯৮৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

Next Post

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

Related Posts

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
Next Post
ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং’

ভাৰতত ফৰাচী ডিজাইনাৰ পোছাক উদ্যোগ ‘গ্ৰেলং'

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7