VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
May 21, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ ওপজা দিন । ১৮৫০ চনৰ আজিৰ দিনটোতে উত্তৰ গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আইচিএছ), প্ৰথম স্নাতক আৰু অধিবক্তা । তেওঁ সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল । তেওঁ অসমীয়া ভাষাত কোনো গ্ৰন্থ ৰচনা কৰা নাছিল যদিও সংস্কৃত ভাষাত ৰচিত তেওঁৰ গ্ৰন্থকেইখন বিশ্বৰ পণ্ডিতসকলৰ দ্বাৰা সমাদৃত হৈছিল । হায়াৰ সংস্কৃত গ্ৰামাৰ, এনচিয়েণ্ট জিঅ’গ্ৰাফী অব ইণ্ডিয়া, ইংলিছ-সংস্কৃত ডিক্সনাৰী, মহাবীৰ চৰিতম, সৰস্বতী কথাভৰণম আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । এইগৰাকী পণ্ডিতলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাৰ ওপজা দিন । ১৮৮৫ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁ ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল । ১৯৩৭ চনত তেওঁ মুছলিম লীগ কেবিনেটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পূৰ্বে তেওঁ ১৯১৯ চনত গুৱাহাটী পৌৰ সভাৰ সভাপতি আৰু ১৯২৪ চনৰ পৰা ১৯৩৪ চনলৈ অসম চৰকাৰৰ শিক্ষা আৰু কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল । তেওঁ এগৰাকী অধিবক্তাও আছিল । ১৯৪৬ চনত ব্ৰিটিছ চৰকাৰে তেওঁক সন্মানীয় নাইট (অৰ্ডাৰ অব ইণ্ডিয়ান এম্পায়াৰ) উপাধি প্ৰদান কৰে । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।

আজি ভাৰতীয় পৰিৱেশবিদ সুন্দৰলাল বহুগুণাৰ স্মৃতি দিৱস । তেওঁ বিখ্যাত চিপকো আন্দোলনৰ নেতা আছিল । বহু বছৰ ধৰি তেওঁ হিমালয়ৰ অৰণ্য সংৰক্ষণৰ বাবে যুঁজ দিছিল । তেওঁ তেহৰি বান্ধ বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল । তেওঁ এগৰাকী সক্ৰিয় গান্ধীবাদী আছিল । ভাৰত চৰকাৰে পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁক পদ্মবিভূষণ সন্মান প্ৰদান কৰে । ২০২১ চনৰ আজিৰ দিনটোতে কোভিড-১৯ত আক্ৰান্ত হৈ উত্তৰাখণ্ডৰ ঋষিকেশত তেওঁৰ মৃত্যু হয় । এইগৰাকী পৰিৱেশবিদলৈ আমাৰ প্ৰণাম ।

Previous Post

পাকঘৰত থকা মছলাৰ ভিতৰত লঙ এবিধ উত্তম মছলা। লঙত আছে বহুত উপকাৰী গুণ। জানো আহক লঙৰ বিষয়ে।

Next Post

এটা ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ দিল্লীৰ অধ্যাপকক

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
এটা ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ দিল্লীৰ অধ্যাপকক

এটা ফেচবুক পোষ্টৰ বাবে গ্ৰেপ্তাৰ দিল্লীৰ অধ্যাপকক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7