VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 12, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

আজি শিক্ষাবিদ, সাহিত্যিক তথা মুক্তিযুঁজাৰু পদ্মধৰ চলিহাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে এগৰাকী কবি, অভিনেতা, সংগীতজ্ঞ আৰু নাট্যকাৰ । তেওঁ আছিল শিৱসাগৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ । অসমীয়া ভাষা-সাহিত্যৰ নীৰৱ সাধক পদ্মধৰ চলিহাই তিনিখন গীতৰ পুথি, তিনিখন কবিতা পুথি, দুখন নাট, এখন ধেমেলীয়া নাট, তিনিখন প্ৰবন্ধ পুথি, এখন সম্পাদনা গ্ৰন্থ আৰু এখন আত্মজীৱনীমূলক গ্ৰন্থ লিখি থৈ গৈছে । ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । অসম ছাত্ৰ সন্মিলনৰো তেওঁ প্ৰথমগৰাকী সম্পাদক আছিল । ১৯৬৯ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট গায়ক তথা সুৰকাৰ খগেন মহন্তৰ স্মৃতি দিৱস । তেওঁ বিহুক জনপ্ৰিয় কৰাত বিশেষ ভূমিকা লোৱা বাবে তেওঁক বিহু সম্ৰাট বুলি কোৱা হয় । তেওঁ আকাশবাণী গুৱাহাটীৰ এগৰাকী বিষয়া আছিল । তেওঁ মেঘমুক্তি, মইনাজান আদি চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছিল । শকুন্তলা চলচ্চিত্ৰত তেওঁ অভিনয়ো কৰিছিল । এইগৰাকী শিল্পীয়ে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰে ।সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত তেওঁৰ পত্নী আছিল । নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত তেওঁৰ পুত্ৰ । ১৯১৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ স্মৃতি দিৱস । তেওঁ আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা তথা আলোচনীৰ সম্পাদক । তেওঁ বৰপেটা জিলাৰ পাঠশালাত প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্যদল নটৰাজ থিয়েটাৰৰ জন্ম দিছিল । তেওঁ এৰিণা, অজেয় ভিয়েটনাম, ব্লেকমাণি, আল্লা-ঈশ্বৰ আদি কেইবাখনো নাটক ৰচনা কৰিছিল ।তেওঁৰ একমাত্ৰ অনুবাদ গ্ৰন্থ আন্না কাৰেনিনা । তেওঁৰ একে নামৰ মঞ্চনাটৰ কাহিনীৰ আধাৰত তেওঁ ব্লেকমাণি নামৰ এখন অসমীয়া চলচ্চিত্ৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল । তেওঁ দীপাৱলী নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল । তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছিল । ২০১৬ চনৰ আজিৰ দিনটোতে তেওঁ নৰনাটৰ সামৰণি মাৰে । এইগৰাকী পুৰোধা ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

ৰাছিয়াৰ আক্ৰমণঃ ১০০ দিনত প্ৰাণ গ’ল ১০ হেজাৰ ইউক্ৰেইনৰ সেনাৰ

Next Post

শিশু শ্ৰমিক নিবাৰণ দিবস পাতি নিৰ্মূল কৰিব পৰা যাব নে শিশু শ্ৰমিক ৰ সমস্যা?

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 24, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 23, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 22, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 21, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 20, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 18, 2022
Next Post
শিশু শ্ৰমিক নিবাৰণ দিবস পাতি নিৰ্মূল কৰিব পৰা যাব নে শিশু শ্ৰমিক ৰ সমস্যা?

শিশু শ্ৰমিক নিবাৰণ দিবস পাতি নিৰ্মূল কৰিব পৰা যাব নে শিশু শ্ৰমিক ৰ সমস্যা?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7