VOICE 24x7
Monday, May 5, 2025
English
No Result
View All Result
No Result
View All Result
VOICE 24x7
English

প্ৰাতঃস্মৰণীয়… আজি বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পদ্ম বৰকটকীৰ স্মৃতি দিৱস

by
March 11, 2022
in সমাজ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক তথা সাংবাদিক পদ্ম বৰকটকীৰ স্মৃতি দিৱস । চুটিগল্প, উপন্যাস, নাটক, কবিতা, শিশু-সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰত তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণি অনবদ্য । ৩৮খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন, দুখন কবিতা সংকলন, তিনিখন শিশু-পুথি, পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰা বৰকটকীয়ে ১৯৫৬ চনত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ কাকতত ফিচাৰ লেখক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল ।

পিছলৈ তেওঁ আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, The North East Daily, নতুন দৈনিক, ইস্তাহাৰ, সমকালীন, মাতৃভূমি, নতুন দিন আদি কাকত-আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ এসময়ত আকাশবাণীৰ সৈতেও জড়িত আছিল । তেওঁ ৰচিত গ্ৰন্থসমূহৰ ভিতৰত মনৰ দাপোন, জীৱন এষণা, নজ্বলা ধূপৰ ইতিকথা, নতুন দিনৰ কইনা, ৰীতাৰ প্ৰেম, সিঁচা পুখুৰীৰ মাছ (নাটক) আদি উল্লেখযোগ্য ।

২০০৮ চনৰ আজিৰ দিনটোতে তেওঁ ইহসংসাৰৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায় । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Related Posts

No Content Available
No Result
View All Result

    “ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

    • Facebook
    • Twitter
    • YouTube

    সংবাদ শ্ৰেণীসমূহ

    • No categories

    পলকতে

    © 2021 All rights reserved by voice 24x7

    No Result
    View All Result

    © 2021 All rights reserved by voice 24x7