VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 14, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আজি জনপ্ৰিয় অসমীয়া অভিনেত্ৰী ইভা আচাওৰ স্মৃতি দিৱস । তেওঁ চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অনাতাঁৰ নাটতো অভিনয় কৰিছিল । পঞ্চাশ-ষাঠিৰ দশকৰ কেইবাখনো চলচ্চিত্ৰত মনপৰশা অভিনয় কৰি আজিও দৰ্শকৰ মনত সাঁচ বহুৱাই থৈছে । পিয়লি ফুকন চলচ্চিত্ৰৰ যোগেদি তেওঁ চলচ্চিত্ৰৰ জগতখনত পদাৰ্পণ কৰে । তাৰ পিছত তেওঁ ভক্ত প্ৰহ্লাদ, কেঁচাসোণ, পুৱতি নিশাৰ সপোন, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, মণিৰাম দেৱান, এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, মমতা, সন্তান, ভাইটি আদি অসমীয়া চলচ্চিত্ৰত অভিনয় কৰে । ১৯৮২-৮৩ বৰ্ষত তেওঁ অনিৰ্বাণ থিয়েটাৰতো অভিনয় কৰে । তেওঁ বলীউডৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বিমল ৰয়ৰ সুজাতা, উৰ্দু চলচ্চিত্ৰ দূৰ হেই সুখ কি গাঁও, বাংলা চলচ্চিত্ৰ বাঘিনী, পাগল বাবু আৰু তৃষ্ণাত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছিল যদিও একমাত্ৰ পৰিয়ালৰ ৰক্ষণশীলতাৰ বাবে সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে, কেৱল উৰ্দু চলচ্চিত্ৰখনতহে অভিনয়ৰ বাবে পিতৃৰ সন্মতি বহু চেষ্টাৰ মূৰত লাভ কৰে । ১৯৫৮ চনত তেওঁ ফিল্মফেয়াৰ আলোচনীৰ সৰ্বভাৰতীয় প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ মহিলা শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে । ১৯৮৮ চনৰ আজিৰ দিনটোতে তেওঁ জীৱন নাটৰ সামৰণি মাৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।

আজি অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা সুপ্ৰভা দেৱীৰ স্মৃতি দিৱস । তেওঁৰ স্বামী আছিল প্ৰযোজক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ আৰু তেওঁ স্বামীৰ সৈতে যুটীয়াভাৱে যোগ-বিয়োগ, তৰামাই, মৰমী, ৰাংঢালী আদি কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনা কৰে । ১৯৮৪ চনত তেওঁ নয়নমণি আৰু ১৯৮৬ চনত সৰৱজান চলচ্চিত্ৰ দুখন পৰিচালনা কৰে । তেওঁ ২০০৩ চনত জিলিকাব লুইতৰে পাৰ নামৰ এখন ধাৰাবাহিক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাবে নিৰ্মাণ কৰিছিল । তেওঁ এগৰাকী গীতিকাৰো আছিল । ২০১১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী চলচ্চিত্ৰ কৰ্মীলৈ আমাৰ প্ৰণাম ।

আজি বিপ্লৱী ছে গুৱেভাৰাৰ ওপজা দিন । ১৯২৮ চনৰ আজিৰ দিনটোতে তেওঁ আৰ্জেণ্টিনাৰ ৰ’ছাৰিঅ’ত জন্ম লাভ কৰে । তেওঁ আছিল এগৰাকী চিকিৎসক, লেখক, গেৰিলা যোদ্ধা তথা চৰকাৰী বিষয়া । তেওঁ কিউবাৰ বিপ্লৱৰ এগৰাকী অগ্ৰণী নেতা আছিল । এই বিপ্লৱীগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিচলৈ দাঁতৰ গুৰিত বিষ হয় । কিয় এনে হয় জানেনে বাৰু ?

Next Post

মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰত ভয়ংকৰ ভূমিস্খলন

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
মহানগৰীৰ বৰাগাঁৱৰ  নিজৰাপাৰত  ভয়ংকৰ ভূমিস্খলন

মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰত ভয়ংকৰ ভূমিস্খলন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7