VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
June 23, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আজি সংস্কৃত পণ্ডিত, দাৰ্শনিক তথা সাহিত্যিক ৰাধানাথ ফুকনৰ স্মৃতি দিৱস । তেওঁ এগৰাকী প্ৰশাসনিক বিষয়াও আছিল । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰিছিল । এ ই চি হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰি ছেছন জাজ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁ এগৰাকী চাহ খেতিয়কো আছিল । তেওঁ আছিল অসমৰ প্ৰথমগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁৰ ৰচনাত ভাৰতীয় দৰ্শনৰ মূল তত্ত্বসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ পোৱা যায় । দৰ্শন শাস্ত্ৰসমূহ তেওঁ মূল সংস্কৃতৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰিছিল । তেওঁ ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল । সাংখ্য দৰ্শন, বেদান্ত দৰ্শন, কথাৰে উপনিষৎ (হিন্দী আৰু অসমীয়াত), বিজ্ঞানৰ সিপাৰে (হিন্দী আৰু অসমীয়াত), অসমীয়াৰ ভৱিষ্যত, The Theory of Rebirth তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ডি লিট সন্মান প্ৰদান কৰে । সংস্কৃত সঞ্জীৱনী সভাই বেদান্ত বাচস্পতি উপাধি প্ৰদান কৰে । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী মণিষীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট ৰাজনীতিক তথা সাহিত্যিক গৌৰীশংকৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ সদৌ অসম ছাত্ৰ ফেডাৰেচনৰ সভাপতি আছিল । তদুপৰি নিখিল ভাৰত ছাত্র ফেডাৰেচনৰ কাৰ্যকৰী সদস্য আৰু নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আছিল । বাঁওপন্থী ৰাজনীতিকগৰাকীয়ে চাৰিবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । তেওঁ ১৯৬৯ চনত পিপলছ ডেম’ক্ৰেটিক পাৰ্টী অব আছাম নামৰ ৰাজ্যৰ প্ৰথমটো বাঁওপন্থী আঞ্চলিক দল প্ৰতিষ্ঠা কৰিছিল । তেওঁ আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ সমন্বিত ৰাজনীতি কৰিছিল । সাহিত্যতো তেওঁৰ দখল আছিল । আৱাহন আলোচনীত তেওঁৰ ভালেমান গল্প প্ৰকাশ পাইছিল । তেওঁৰ গল্প সংকলনখনৰ নাম প্ৰেমতকৈও তীব্ৰ । ভূমিপুত্ৰৰ সমবেদনা তেওঁৰ আন এখন গ্ৰন্থ । সবিনয় নিবেদন তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ । তেওঁ ১৯৯৭ চনত অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল । তেওঁ এগৰাকী অনুবাদকো আছিল । ১৯৯৮ চনত তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে । ২০০৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।

আজি ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ওপজা দিন । ১৯৫৯ চনৰ আজিৰ দিনটোতে তেওঁ ভৱানীপুৰৰ উজান বৰবৰী গাঁৱত জন্ম লাভ কৰিছিল ।তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল । হাউলীৰ বি এইছ কলেজৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ ছাত্ৰ অৱস্থাতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনা আন্দোলনৰ কাৰ্যসূচীত যোগ দিবলৈ গৈ তেওঁ পুলিচৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হয় । শ্বহীদগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় । কোন ঋতুত শিলিখা কেনেকৈ খালে অধিক উপকাৰ হয় জানো আহক

Next Post

আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 29, 2022
প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস
সমাজ

প্ৰাতঃস্মৰণ: আজি অসমীয়া চলচ্চিত্ৰ জগতৰ ভোটাতৰা স্বৰূপ ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস

June 28, 2022
২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয়  ড্ৰাগছ সেৱন বিৰোধী দিৱস  পালন
সমাজ

২৬জুন দেওবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন বিৰোধী দিৱস পালন

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 26, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

June 25, 2022
Next Post
আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7