VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক’ত অৱস্থিত বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা এইখন চহৰ ?

অবিশ্বাস্য হ'লেও সঁচা যে শীতকালত ইয়াৰ তাপমাত্ৰা -৮০ ডিগ্ৰীলৈকে হ্ৰাস পায়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in সমাজ
ক’ত অৱস্থিত বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা এইখন চহৰ ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশ ভাৰতত যেতিয়া তাপমাত্ৰা মাইনাছ হয় তেতিয়া ঠাণ্ডা  শিখৰত উপনীত হৈছে বুলি বিশ্বাস কৰা হয়।কিন্তু আমি বহুতেই হয়তো নাজানো  যে পৃথিৱীৰ এনে এখন ঠায়ো আছে য’ত শীতকালত তাপমাত্ৰা -৮০ ডিগ্ৰীলৈকে হ্ৰাস পায়।  বিশ্বৰ আটাইতকৈ ঠাণ্ডা আৱাসিক অঞ্চল হৈছে ৰাছিয়াৰ অমাইকন চহৰ। শীতকালত ইয়াত চকুৰ পতাতো যেন  বৰফ জমা হয় তথাপি ইয়াত মানুহে ২৪ ঘন্টা ধৰি নিজৰ বাহন চলাই থাকে।

ৰাছিয়াৰ অমাইকন বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা বসতিপ্ৰধান অঞ্চল।  শীতকালত ইয়াত ব্যায়াম কৰাটোও নিষিদ্ধ। কাৰণ এনে ঠাণ্ডাত ঘামচি ওলালে মৃত্যুও হ’ব পাৰে। চাইবেৰিয়াৰ ইয়াকুট্ছা অঞ্চলৰ ওচৰৰ এই চহৰখনত শেহতীয়া লোকপিয়ল অনুসৰি ৫০০লোকৰ  জনসংখ্যা লিপিবদ্ধ কৰা হৈছিল। এই চহৰ সদায় সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গৱেষণাৰ বিষয় হৈয়েই আছে। ভাবিলে আচৰিত লাগে  যে ইমান ঠাণ্ডাত ইয়াত মানুহ কেনেকৈ জীয়াই থাকিব।

২০১৫ চনত নিউজিলেণ্ডৰ এটা ফটোগ্ৰাফাৰৰ দল ইয়াত উপস্থিত হৈছিল।কিন্তু  ঠাণ্ডাৰ বাবে তেওঁলোক হোটেলৰ পৰা বহুদিন ওলাই নাহিল যদিও ওলাই অহাৰ পিছত তেওঁলোকে  দেখিলে যে ইয়াৰ মানুহৰ অনুভৱ গৰম অঞ্চলত বসবাস কৰা মানুহৰ  সৈতে পৃথক নহয় ।

ৰাছিয়ান ভাষাত অমাইকন ( Omykon)  মানে যিটো কেতিয়াও গোট নামাৰে বা জমা নহয় ৷  কিন্তু নামৰ বিপৰীতে প্ৰায় প্ৰতিটো ঋতুতে ‘অমাইকন’ গোট মাৰি বৰফ হয়।  গৰমৰ দিনতো ওমাইকনৰ উষ্ণতা -১০ ডিগ্ৰী হৈয়েই থাকে। বহু সময়ত ইয়াত বাহিৰলৈ  ওলাই  গ’লে চকুলো ওলাই আহে আৰু ঠাণ্ডাৰ বাবে চকুলোবোৰো জমা হৈ পৰে। ইয়াত তাপমাত্ৰা -৫০ ডিগ্ৰীৰ তললৈ নামিলে বিদ্যালয় বন্ধ হৈ থাকে।

এই অঞ্চলৰ বসতিৰ আঁৰতো আছে এক আমোদজনক কাহিনী ৷ ১৯২০ চনৰ আশে-পাশে গৰম পানীৰ ঝৰ্ণা বিচাৰি ঘূৰি ফুৰা ৰেণ্ডিয়াৰ পশুপালকৰ এটা বৃহৎ জাক এই ঠাইত উপস্থিত হৈছিল। ইয়াৰ পিছত তেওঁলোকে ইয়াতে বসতি স্থাপন কৰিবলৈ লয় য’ত গোটেই বছৰটো মাইনাছ উষ্ণতাৰ বাবে শস্ৰ উৎপাদন  নাই। যাৰ কাৰণে ইয়াৰ মানুহে মাংস খায়। য’ত হৰিণাৰ মাংসই হ’ল মূল খাদ্য।

হৰিণাৰ মাংসৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ ফ্ৰ’জেন মাংসও পোৱা যায়।  ইয়াত ফ্ৰীজৰ প্ৰয়োজন নাই। ইয়াৰ মানুহে আইচক্ৰীম আৰু মাংস-মাছ মুকলি ঠাইত ৰাখে যিবোৰ মাহৰ পিছত মাহ ধৰি ফ্ৰ’জেন দ্ৰব্যৰ দৰে সতেজ হৈ থাকে।

কিন্তু ইয়াৰ মানুহে কেনেকৈ উপাৰ্জন কৰে সেয়াও নিশ্চয় সকলোৰে বাবে এক প্ৰশ্ন ৷ ইয়াত মানুহে বৰফৰ মাছমৰীয়া হিচাপে কাম কৰে। ওচৰতে লেনা নদীত তেওঁলোকে বৰফৰ পৰা মাছ ধৰি ওচৰৰ ইয়াকুটস্ক চহৰত বিক্ৰী কৰে। ইয়াৰ উপৰিও ইয়াৰ মানুহে ঘোঁৰা আৰু হৰিণাৰ মাংস বিক্ৰী কৰিও ধন উপাৰ্জন কৰে আৰু এই চহৰ বাশীৰ প্ৰধান  উপাৰ্জন হয় পৰ্যটকৰ পৰা।

Previous Post

মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?

Next Post

আত্মঘাতী বোমা বিস্ফোৰণত কঁপিল পাকিস্তানৰ ইছলামাবাদ, নিহত আৰক্ষী

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
আত্মঘাতী বোমা বিস্ফোৰণত কঁপিল পাকিস্তানৰ ইছলামাবাদ, নিহত  আৰক্ষী

আত্মঘাতী বোমা বিস্ফোৰণত কঁপিল পাকিস্তানৰ ইছলামাবাদ, নিহত আৰক্ষী

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7