VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰিলে অৰ্জুন নয়নমনি শইকীয়াই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 12, 2023
in ক্ৰীড়া
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১২ জানুৱাৰী : হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে । বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত “সমৰ্থনম ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা”ত ভাগ লৈ উন্নত খেল প্ৰদৰ্শন কৰিলে অসমৰ দলটোৱে । মুঠ ১৬ খন ৰাজ্যই অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ চাৰিটা দল উন্নীত হয় ।

অসমে তিনিখন খেলতে পৰাজিত হ’লেও কেৰালাৰ বিৰুদ্ধে ১৮ অভাৰৰ খেলখনত অতি উন্নত প্ৰদৰ্শনেৰে চাৰিটা উইকেটৰ বিনিময়ত ১১৭ ৰাণ কৰে । দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত অতি শক্তিশালী দিল্লী আৰু তামিলনাডুৰ বিৰুদ্ধেও অসম অৱতীৰ্ণ হয় যদিও পৰাজিত হ’বলগীয়া হয় । প্ৰয়োজনীয় সা-সুবিধা অবিহনে, উপযুক্ত অনুশীলনৰ বাবে সুবিধা নোপোৱাকৈয়ো তথা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত প্ৰথমবাৰলৈ খোজ দিয়া অসম দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা উন্নত খেলক লৈ বাংগালুৰুত দলটো উচ্চ প্ৰশংসিত হয় । দিল্লীৰ হাতত ১৭৯ ৰাণত আৰু তামিলনাডুৰ হাতত ১১১ৰাণত পৰাজিত হ’লেও দলটোৱে আপ্রান চেষ্টা কৰি কেৰালাৰ বিৰুদ্ধে ১১৭ ৰাণ কৰাক লৈ অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক, ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি আৰু শুভাকাংক্ষীসকলে সন্তুষ্টি প্ৰকাশ কৰে ।

অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে “খেলত জয়-পৰাজয় থাকেই । আচলতে অসমৰ হৈ দৃষ্টিহীন ছোৱালীৰ দল এটাই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে এক বৃহৎ জয় । দৃষ্টিহীন ছোৱালী খেলুৱৈ এগৰাকীৰ বাবে অসমৰ বাহিৰত গৈ খেলত অংশ লোৱাটো সহজ কথা নহয় । তাতে আকৌ অসম দলৰ অধিকাংশ খেলুৱৈ সম্পূৰ্ণৰূপে দৃষ্টিহীন । নিশ্চিতভাৱে এইখন খেলে তেওঁলোকক আৰু অধিক উন্নত প্ৰদৰ্শন কৰাৰ বাবে উৎসাহিত কৰিব ।” চৰকাৰী সহায় আৰু পৃষ্ঠপোষকতা পালে নিশ্চয় অসম দলটোৱে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলন লাভ কৰি ভাল ফল প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে অসম দলটোৰ বাবে আপ্ৰাণ চেষ্টা কৰা দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দলৰ অধিনায়ক ৰাজদ্বীপ ডাকুৱাই ছোৱালীৰ দলটোৰ প্ৰশিক্ষক হিচাপে অংশ লয় । দলটোৰ নেতৃত্ব দিছিল ৰঞ্জিনা বেগম আৰু উপ অধিনায়ক আছিল প্ৰেৰণা বৰুৱা । টিম মেনেজাৰ হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ ৰ সুশীল পৌৰেল । ছোৱালী দলটোৰ উপদেষ্টা আছিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিবেন বৰুৱা আৰু ছোৱালী দলটোৰ তত্বাৱধায়ক হিচাপে গৈছিল সংস্থাৰ সদস্য প্ৰিয়ংকা কাকতি ।

এই প্ৰতিযোগিতাত ভাগ লোৱাৰ পূৰ্বে গুৱাহাটী ঈদগাহ ফিল্ড, নগাঁও আৰু গুৱাহাটীৰ নুনমাটি ফিল্ডত খেলুৱৈসকলৰ প্ৰশিক্ষণ হৈছিল । এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ৰীড়া আৰু যুৱকল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা কমিটীৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে দৃষ্টিহীন ক্ৰিকেটলৈ চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । লগতে অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰে অৰ্জুন নয়নমনি শইকীয়া, সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ দৰে বহু বিশিষ্ট ব্যক্তিয়ে ।

Previous Post

বিএমডব্লিউৱে  মুকলি কৰিছে নতুন ৩ ছিৰিজ ‘গ্ৰেন লিমুজিন’

Next Post

মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7