ৰোহন বোপান্না আৰু মেথিউ এবডেনৰ যুটী ফ্ৰেন্স অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰাৰ পাছত বোপান্নাই ফ্ৰেঞ্চ অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বুধবাৰে জাৰ্মান যুটি চেণ্ডাৰ গিল আৰু জোৰাণ ভিজেনক পৰাস্ত কৰে তেওঁলোকে ।
ভাৰতৰ বোপান্নাৰ বয়স এতিয়া ৪৪ বছৰ। ডাবলছত তেওঁ দ্বিতীয় স্থানত আছে। এইবাৰ অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰি তেওঁ শীৰ্ষস্থান দখল কৰে। ইমান বয়সত কোনো টেনিছ খেলুৱৈয়ে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাই। বোপান্নাই সেই ছন্দ বজাই ৰাখিছে। অষ্ট্ৰেলিয়াৰ এবডেনৰ সৈতে টিম আপ কৰি ফ্ৰেঞ্চ অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। জাৰ্মান যুটিটোক ৭-৬, ৫-৭, ৬-১ ছেটত পৰাস্ত কৰে বোপান্না যুটীয়ে ।
মহিলাৰ একক শাখাত বুধবাৰে ডাবল ইভেণ্ট অনুষ্ঠিত হয়। ৰেবেকাহিনা জেচমিন পাওলিনিৰ বিৰুদ্ধে পৰাস্ত হয়। ৰেবেকাহিনা ২-৬, ৬-৪, ৪-৬ ছেটত পৰাস্ত হয়। পাওলিনিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে। চাবালেংকাক পৰাস্ত কৰে মীৰা আন্দ্ৰেভাই ৷ ৰাছিয়াৰ যুৱ টেনিছ খেলুৱৈয়ে ছাবালেংকাক ৬-৭, ৬-৪, ৬-৪ ছেটত পৰাস্ত কৰে। ছেমি ফাইনেলত আন্দ্ৰেভা আৰু পাওলিনিৰ মুখামুখি হ’ব। অঘটন নোহোৱাকৈ ছেমিফাইনেলত প্ৰৱেশ কৰা টেনিছ খেলুৱৈ দুগৰাকীৰ মাজত হোৱা যুঁজখন তীব্ৰ প্ৰত্যহ্বানমূলক হ’ব ।