VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত জাদেজাৰ ‘মলমৰ বিতৰ্ক’ কিয়? মেচ ৰেফাৰীক কি জনালে ভাৰতীয় দলে !

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 10, 2023
in ক্ৰীড়া
ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত জাদেজাৰ ‘মলমৰ বিতৰ্ক’ কিয়? মেচ ৰেফাৰীক কি জনালে ভাৰতীয় দলে !
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ব’র্ডাৰ-গাওস্কাৰ ট্ৰফীৰ প্ৰথম দিনাৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক। খেলপথাৰত বলিং কৰি থাকোঁতে ৰবীন্দ্ৰ জাদেজাই কিয় আঙুলিত মলম লগাইছিল তাক লৈ  চৰ্চা অব্যাহত আছে। ভাৰতীয় দলটোৱে ঘটনাৰ ভিডিঅ’ মেচ ৰেফাৰীৰ ওচৰত জমা দিছে। খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ দলটোৱে মেচ খনৰ ৰেফাৰী এণ্ডি পাইক্ৰফ্টৰ ওচৰত কোনো অভিযোগ উত্থাপন কৰা নাছিল। মেচ ৰেফাৰীয়ে হয়তো নিজেই এই বিষয়ে জানিব বিচাৰিছিল।

 

টেষ্টৰ প্ৰথম দিনটোতে জাডেজাই এককভাৱে অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰ সমাপ্ত কৰে। তেওঁ ৫টা উইকেট দখল কৰে। আঘাতৰ পৰা সুস্থ হৈ পাঁচ মাহৰ পাছত খেলপথাৰত প্ৰৱেশ কৰে জাদেজা। কিন্তু খেল চলি থকাৰ মাজতে মহম্মদ চিৰাজ, মহম্মদ ছামীয়ে জাদেজাক মলম দিয়া দেখা যায়। বাওঁহাতৰ স্পিনাৰজনে আঙুলিত সেই মলম লগাই লয় । অষ্ট্ৰেলিয়াৰ এখন বাতৰি কাকতে সেই ছবিখন পোষ্ট কৰিছিল, “আকৰ্ষণীয়! অষ্ট্ৰেলিয়া বনাম ভাৰতৰ খেলখনৰ এই ছবিখনে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। এই কাণ্ডৰ ওপৰত অধ্যয়ন চলি আছে।”

ইয়াৰ পিছত এই ঘটনাক লৈ চর্চা আৰম্ভ হয়। প্ৰশ্ন উত্থাপন হয়, জাদেজাই আঙুলিত কি লগাইছিল ? ভাৰতীয় ব’ৰ্ডে সংবাদ সংস্থা পিটিআইক জনাইছে যে জাদেজা আঙুলিৰ বিষত ভুগি আছে। সেইবাবেই তেওঁ বিষ নিৰাময়ৰ মলম লগাই আছিল। ভাৰতীয় দলটোৱে মেচ ৰেফাৰীকো একে কথা অৱগত কৰিছে ৷

আইচিচিয়ে  বলত থু লগোৱা বন্ধ কৰি দিছে। ক্ৰিকেটাৰে বল পলিচ কৰিবলৈ ঘামৰ ব্যৱহাৰ কৰে। অষ্ট্ৰেলিয়াৰ অনুৰাগীসকলেও প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে যে ভাৰতীয় দলটোৱে আন কিবা ব্যৱহাৰ কৰিছে নেকি ? ২০১৮ চনত ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্নাৰৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগ উত্থাপন হৈছিল। তেওঁলোকক নিৰ্বাসিত কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ দললৈ ঘূৰি অহাৰ পিছত ৱাৰ্নাৰক অধিনায়কৰ দায়িত্ব দিয়া নহ’ল ৷স্মিথক অৱশ্যে উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত জাডেজাই ২২ অভাৰত ৪৭ ৰান সংগ্ৰহ কৰি ৫টা উইকেট দখল কৰে। ফেৰাণ মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, মেট ৰেনশ্ব, পিটাৰ হেণ্ডস্কম আৰু টড মাৰ্ফিৰ উইকেট তেওঁ দখল কৰে । জাদেজাই অষ্ট্ৰেলিয়াৰ দলৰ মধ্যম ক্ৰম ভংগ কৰে।

Previous Post

দেশত প্ৰথমবাৰৰ বাবে এইখন ৰাজ্যত আৱিস্কাৰ হৈছে বহুমূলীয়া লিথিয়ামৰ খনি, আছে ৫ টা সোণৰ ভাণ্ডাৰো

Next Post

থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।

Related Posts

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ  মৃত্যু, শোক প্ৰকাশ  এআইএফএফৰ
ক্ৰীড়া

৭০ দশকৰ অন্যতম ডিফেণ্ডাৰৰ মৃত্যু, শোক প্ৰকাশ এআইএফএফৰ

March 21, 2023
কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !
ক্ৰীড়া

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

March 20, 2023
বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন
ক্ৰীড়া

বিশ্বকাপ ফুটবল জয় কৰিলেই ১২৩৭ কোটি টকা! ৩০০ শতাংশ বৃদ্ধি পালে পুৰস্কাৰৰ ধন

March 18, 2023
ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব  নতুন ষ্টেডিয়াম ?
ক্ৰীড়া

ভাৰতত নির্মাণ হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম, কোনখন চহৰত নির্মাণ হ’ব নতুন ষ্টেডিয়াম ?

March 17, 2023
বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?
ক্ৰীড়া

বছৰি ২০০০ কোটি টকাৰ প্ৰস্তাৱ, আৰৱৰ ক্লাৱত যোগদান কৰিব নেকি মেছিয়ে ?

March 16, 2023
অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত
ক্ৰীড়া

অল ইংলেণ্ডৰ দ্বিতীয় ৰাউণ্ডত শ্ৰীকান্ত , ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত

March 16, 2023
Next Post
থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।

থলুৱা ভাষাত সফলতাক লৈ উৎসাহী, এইবাৰ বিদেশী ভাষাতো নিৰ্মাণ হ’ব ‘দৃশ্যম’।

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7