আজি অলিম্পিকত পদকৰ যুঁজত নামিব মীৰাবাই চানু ৷ ভাৰোত্তলনৰ ৪৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাই চানুৱে ৷ ভাৰতীয় সময় অনুসৰি আজি নিশা ১১ বজাত অনুষ্ঠিত হ’ব মীৰাবাই চানুৰ খেল ৷ মীৰাবাই চানুৰ খেলৰ প্ৰতি উত্তৰ পূর্বাঞ্চলবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ৷ এই গৰাকী প্ৰতিযোগীয়ে পুনৰ এবাৰ দেশৰ বাবে পদক দখল কৰিব বুলি সকলো আশাবাদী ৷
পেৰিছ অলিম্পিকত বিনেশ ফ’গাটৰ বাবে ডাঙৰ আঘাত ৷ তেওঁক ফাইনেলত খেলিবলৈ অনুমতি প্ৰদান নকৰিলে অলিম্পিক সমিতিয়ে । মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিছিল বিনেশে। কিন্তু বুধবাৰে পুৱা তেওঁৰ ওজন জুখিছিল। তেওঁৰ ওজন ১০০ গ্ৰাম বেছি। তাৰ বাবেই বিনেশক ফাইনেলত খেলিবলৈ দিয়া নহ’ব। বিনেশে সাধাৰণতে ৫৩ কেজি শাখাত যুঁজ দিয়ে। কিন্তু এইবাৰ অলিম্পিকত তেওঁ ৫০ কেজি শাখাত নামি আহে।
অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছিল বিনেশ ফ’গাট। ভাৰতৰ পৰা পেৰিছত সোণৰ পদক লাভ কৰা প্ৰথমজন মল্লযুঁজাৰু হোৱাৰ সুযোগ লাভ কৰিছিল তেওঁ । কিন্তু হঠাৎ ওজনৰ তাৰতম্যৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰাত হতভম্ব হৈ পৰিছে দেশবাসী ৷