অলিম্পিকত সোণৰ পদক লাভ কৰি দেশলৈ সুখ্যাতি কঢ়িয়াই অনা নীৰজ চোপ্ৰাৰ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰদর্শনৰ ওপৰত দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ৷ ইউজিনিত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছত কাইলৈ তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ৫.৩৫ বজাত তেওঁৰ খেল অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ পূৰ্বে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে ৷ টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকী বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পদক লাভৰ পূর্ণ সম্ভাৱনা আছে ৷ এই প্ৰতিযোগিতাত তেওঁ নতুন অভিলেখ ৰচনা কৰিবলৈ সক্ষম হ’ব বুলিও আশা কৰা হৈছে ৷ এই খেলত পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিলে তেওঁ ২৪ জুলাইত পুনৰ আন এটা ৰাউণ্ডত অংশগ্ৰহণ কৰিব লাগিব ৷ নীৰজ চোপ্ৰাৰ উপৰি ভাৰতৰ হৈ ৰোহিত যাদৱেও যোগ্যতা অৰ্জন ৰাউণ্ডত অংশগ্ৰহণ কৰিব ৷
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অৰেগনত অন্তিম প্ৰচেষ্টাত ৫৯.৬০ থ্ৰ’ৰে অন্ত পেলোৱাৰ পিছত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় অন্নু ৰাণীয়ে ৷