VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in ক্ৰীড়া
মৰক্কোক বিজয়ী কৰি নায়কত পৰিণত গ’লৰক্ষক ইয়াছিন বোনোৰ বিষয়ে জানেনে ? নিজে জন্মলাভ কৰা দেশৰ বিৰুদ্ধে মৰক্কোৰ হৈ কিয় খেলিছিল তেওঁ ?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

কাটাৰ বিশ্বকাপ ফুটবলত কালি আন এক অঘটন সংঘটিত হ’ল ৷ ২০১০ চনত খিতাপ জয়ী স্পেইনক পৰাস্ত কৰি কোর্ৱর্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰিলে মৰক্কোৱে ৷ মেচখনত কোনো গ’ল নোহোৱাত টাইব্ৰেকাৰৰ জৰিয়তে জয়লাভ কৰে মৰক্কোৱে ৷ স্পেইনৰ গ’ল ৰক্ষা কৰি  কালি মৰক্কোক জয়ৰ মুখ দেখুৱাই একপ্ৰকাৰ নায়ক হৈ পৰিছে গ’লৰক্ষক ইয়াছিন বোনো ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে দীৰ্ঘদিন ধৰি স্পেইনত ক্লাব ফুটবল খেলি আহিছে বোনোৱে । বৰ্তমান স্পেইন দলত খেলা বেছিভাগ ফুটবলাৰ তেওঁৰ বাবে সুপৰিচিত। ২০১০ চনত  ট্ৰফী লাভ কৰা স্পেইনে  সেই ইয়াচিন বোনোৰ বাবেই বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হ’ল স্পেইন ৷

পেনাল্টি ৰক্ষাৰ বাবে এইটো প্ৰথম নহয়, মৰক্কোৰ গ’লৰক্ষক জনৰ দীৰ্ঘদিন ধৰি সুনাম আছে। ফুটবল কেৰিয়াৰত এই পৰ্যন্ত ৫০টা পেনাল্টিৰ তেওঁ  সন্মুখীন হৈছে। ইয়াৰে  ১৩ টা গ’লেই তেওঁ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ । অৰ্থাৎ ২৬ শতাংশ পেনাল্টি  তেওঁ ৰক্ষা কৰিছে। মঙলবাৰে স্পেইনৰ বিখ্যাত তাৰকাসকলে পেনাল্টি ল’বলৈ আহিছিল যদিও তেওঁ নিৰ্ভীক, আত্মবিশ্বাসী আছিল। দিনটোৰ শেষত স্পেইন তেওঁৰ দক্ষতাৰ বাবেই পৰাজিত হ’ল৷

যদিও মৰক্কোৰ হৈ তেওঁ খেলিছে , বোনোৰ জন্ম হৈছিল কানাডাৰ মণ্ট্ৰিয়েলত। অতি সৰুতে তেওঁৰ পৰিয়াল মৰক্কোলৈ গুচি যায়। বনোৱে ৱাইডাড কাছাব্লাংকাৰ হৈ যুৱ ফুটবল খেলিবলৈ আৰম্ভ কৰে। ২০১১ চনত ছিনিয়ৰ দলত অভিষেক ঘটায়। ইয়াৰ এবছৰ আগতে তেওঁৰ ক্লাবে প্ৰথম বিভাগত খেলাৰ সুযোগ পাইছিল। কাছাব্লাংকাত এবছৰ কটোৱাৰ পিছত ব’নোৱে ভূমধ্যসাগৰ পাৰ হৈ স্পেইনলৈ যায়। এটলেটিকো মাদ্ৰিদত যোগদান কৰে। প্ৰথমে তেওঁ ৰিজাৰ্ভ দলত আছিল। ইয়াৰ পিছত মূল দলৰ তৃতীয় গ’লৰক্ষক হিচাপে স্থান লাভ কৰে। তেওঁ এটলেটিকোৰ সৈতে চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হয়।

২০১৪ চনত দুজন গ’লৰক্ষক থিবাউট ক’ৰ্টোৱা আৰু ডেনিয়েল আৰাঞ্জুবিয়াই এটলেটিকো এৰি থৈ যায়। সেই বছৰৰ ২৪ জুলাইত ব’নোৱে এটলেটিকোৰ প্ৰথম গ’লৰক্ষক হিচাপে অভিষেক ঘটায়। প্ৰি-ছিজন প্ৰীতি মেচত এটলেটিকোৱে ১-০ গ’লত জয়লাভ কৰে। ছেপ্টেম্বৰ মাহত ব’নোক লা লিগাৰ আন এটা ক্লাব ৰিয়েল জাৰাগোজালৈ ঋণত প্ৰেৰণ কৰা হৈছিল। তাতো তেওঁ প্ৰথম গ’লৰক্ষক হিচাপে আৰম্ভণি কৰাৰ সুযোগ নাপালে। ২০১৫ চনৰ জানুৱাৰী মাহত অৱশেষত তেওঁ অভিষেক ঘটায়। সেই ছিজনত তেওঁ ১৬খন মেচ খেলিছিল।

২০১৬ চনত ব’নোৱে জিৰোনাত যোগদান কৰে। চাৰি বছৰত তেওঁ দলৰ হৈ ৮৩খন খেল খেলিছিল। জিৰোনাৰ হৈ খেলি থকাৰ সময়তে বনো ভাৰতলৈ আহিছিল। ২০১৯ চনত কেৰালাৰ কোচিত লা লিগা ৱৰ্ল্ড ছিৰিজৰ আয়োজন কৰা হৈছিল। তাত বনোৱে মেলবৰ্ণ চিটিৰ বিৰুদ্ধে জিৰোনাৰ হৈ খেলিছিল।

কানাডা বা মৰক্কোৰ হৈ খেলাৰ অধিকাৰ আছিল বনোৰ। তেওঁ মৰক্কোক বাছি লৈছিল। ২০১২ চনৰ অলিম্পিকত মৰক্কোৰ ২৩ বছৰ অনুৰ্ধ দলত তেওঁ অন্তভুর্ক্ত হৈছিল  । যোৱা বছৰ ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৰ দলত আছিল ব’নো। কিন্তু খেলাৰ সুযোগ তেওঁ সুযোগ পোৱা নাছিল ৷

Previous Post

আপুনি বাৰু জানেনে শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াই হ’ল ‘পাৰ্থেনোজেনেছিছ’

Next Post

দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন

Related Posts

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল
ক্ৰীড়া

আৰম্ভনিতে অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ হ’ল বিগত বর্ষৰ চেম্পিয়ন ৰাফেল নাডাল

January 18, 2023
নতুন বিতৰ্ক  হকী বিশ্বকাপত!  ১১ জনৰ সলনি ১২ জন  খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!
ক্ৰীড়া

নতুন বিতৰ্ক হকী বিশ্বকাপত! ১১ জনৰ সলনি ১২ জন খেলুৱৈ খেলপথাৰত উপস্থিত থকাক লৈ কোন দলৰ বিৰুদ্ধে হ’ব তদন্ত !!

January 18, 2023
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
ক্ৰীড়া

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

January 17, 2023
কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে
ক্ৰীড়া

কেতিয়া খোজ কাঢ়িব পাৰিব ঋষভ পন্তে, কি ক’লে চিকিৎসকে

January 13, 2023
ফিফাৰ  বর্ষশ্ৰেষ্ঠ  ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে
ক্ৰীড়া

ফিফাৰ বর্ষশ্ৰেষ্ঠ ফুটবলাৰ তালিকাত মেছি-এমবাপে! স্থান নাপালে ৰোণাল্ডোৱে

January 13, 2023
হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে
ক্ৰীড়া

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

January 12, 2023
Next Post
দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন

দিল্লী পৌৰ সভা নির্বাচনত আপৰ জয়, অন্ত পৰিল বিজেপিৰ ১৫ বছৰীয়া শাসন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7