ইউৰো কাপত সকলো ডাঙৰ দলে এবাৰ হ’লেও খেলিছে। কিন্তু বৃহস্পতিবাৰে দেখা যাব এই প্ৰতিযোগিতাৰ প্ৰথমখন ‘বৃহৎ মেচ’। গ্ৰুপ পৰ্যায়ত মুখামুখি হ’ব স্পেইন আৰু ইটালী । ইউৰো কাপত দুয়োটা দলে কেইবাখনো স্মৰণীয় মেচ পাৰ কৰিছে। পুৰণি শত্ৰুতা দূৰ কৰিবলৈ বৃহস্পতিবাৰে পুনৰ খেলপথাৰত নামিব দুয়োটা দল।
উল্লেখ্য যে প্ৰথমখন খেলত ক্ৰ’ৱেচিয়াক সহজেই ৩-০ গ’লত পৰাস্ত কৰে স্পেইনে। স্পেইনৰ যুৱ দলৰ নিখুঁত পাছ আৰু অদম্য আক্ৰমণক প্ৰতিহত কৰিব নোৱাৰিলে ক্ৰ’ৱেচিয়াই। প্ৰথমাৰ্ধত স্পেইনে তিনিটা গ’ল দিয়ে। আনহাতে, ইটালীয়ে আলবেনিয়াক ২-১ গ’লত পৰাস্ত কৰে।
বুধবাৰে এখন সংবাদমেলত স্পেইনৰ বিষয়ে ইটালীৰ প্ৰশিক্ষক লুচিয়ান স্পালেট্টিয়ে কয় যে ইউৰো খেলিলে প্ৰতিখন মেচেই তেওঁ ফাইনেল হিচাপে গণ্য কৰে । আলবেনিয়াৰ বিৰুদ্ধে যিদৰে খেলা হৈছিল, সেইদৰেই অৱতীর্ণ হ’ব। স্পেইনৰ প্ৰশিক্ষক ফুয়েণ্টে নিজৰ খেলক লৈ আত্মবিশ্বাসী।
ইফালে ইংলেণ্ডে নিশা ৯.৩০ বজাত ডেনমাৰ্কৰ বিৰুদ্ধে খেলিব। ছাৰ্বিয়াৰ বিৰুদ্ধে জয়ৰ পৰা আহি ইংলেণ্ডে শক্তিশালী ডেনমাৰ্কৰ বিৰুদ্ধে কেনেদৰে খেলিব সেয়া চাবলৈ সকলোৱে আগ্ৰহী। যোৱা ইউৰো কাপৰ ছেমি ফাইনেলত দুয়োটা দলে মুখামুখি হৈছিল। সেইবাৰ ডেনমাৰ্কৰ দলটোক পৰাস্ত কৰিবলৈ ইংলেণ্ডে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। অতিৰিক্ত সময়ত হেৰী কেনৰ গ’লেৰে ইংলেণ্ডে জয়লাভ কৰে।