VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলং-কপিলী শাখা কবি সন্মিলনৰ উদ্যোগত জাগী ভকতগাঁৱত ”শইচ আৰু শব্দৰ দিন” উদ্ যাপন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 1, 2022
in মুখ্য সংবাদ
কলং-কপিলী শাখা কবি সন্মিলনৰ উদ্যোগত জাগী ভকতগাঁৱত ”শইচ আৰু শব্দৰ দিন” উদ্ যাপন
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিনটো সদৌ অসম কবি সন্মিলনে ”শইচ আৰু শব্দৰ দিন” ৰূপে উদযাপন কৰি আহিছে । সেই অনুসৰি মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত কলং-কপিলী শাখা কবি সন্মিলনৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও জাগী ভকতগাঁৱত ”শইচ আৰু শব্দৰ দিন” উদ্ যাপন কৰা হয় । কলং-কপিলী শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অনিৰুদ্ধ ডেকাই কাব্যৰত্ন হীৰেন ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছতেই বাঁহী বাদক ভাৰত বৰাই ”হেৰৌ বাঁহী” গীতটিত বাঁহী বাদন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।

কলং-কপিলী শাখা কবি সন্মিলনৰ সভানেত্ৰী মিনতি দেৱীৰ বাসগৃহত আয়োজিত অনুষ্ঠানটিত উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা মৰিগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি ভবেন চন্দ্ৰ নাথে হীৰেন ভট্টাচাৰ্যৰ সান্নিধ্যৰ কথা সুঁৱৰি হীৰুদাৰ কবিতা পাঠকে ওঁঠত লৈ ফুৰে বুলি উল্লেখ কৰাৰ লগতে ”মোৰ দেশ” কবিতাটি আবৃত্তি কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । কলং-কপিলী শাখা কবি সন্মিলনৰ সম্পাদক জয়ন্ত সাগৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত বহুভাষিক কবি ৰাজুমনি শইকীয়াই কয় যে হীৰুদাই দুৰ্বোধ্যৰ বিপৰীতে স্বকীয় শৈলীৰে অসমীয়া কাব্য জগতত এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল ।

হীৰুদাৰ সৃষ্টিৰাজিক বিভিন্ন ভাষালৈ অনুবাদ কৰিব লাগে বুলিও কবি ৰাজুমনি শইকীয়াই ভাষণ প্ৰসংগত উল্লেখ কৰে। জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হীৰেন শৰ্মাই হীৰেন ভট্টাচাৰ্যৰ কবিতাত বাণী আছে বাবেই তেওঁ সৰ্বস্তৰৰ পাঠকৰ প্ৰিয় কবি বুলি মন্তব্য কৰে । অনুষ্ঠানত কলং-কপিলী শাখা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মৰিগাঁও জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক ৰাজীৱ চহৰীয়া,জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰণ্টুমণি শইকীয়া, সাহিত্যসেৱী ৰেণুধৰ কোঁৱৰ, শিক্ষক তথা কাব্যানুৰাগী জয়সিং বৰদলৈ,কলং-কপিলী শাখা কবি সন্মিলনৰ সভানেত্ৰী মিনতি দেৱী, কবি অঞ্জু বৈশ্য,সাংবাদিক হিমু বৰাই হীৰেন ভট্টাচাৰ্যক সুঁৱৰি চমু বক্তব্য প্ৰদান কৰে ।

অনুষ্ঠানটিত শিল্পী লাচিত ডেকাই হীৰেন ভট্টাচাৰ্য ৰচিত এটি গীত পৰিবেশন কৰি প্ৰেম আৰু ৰ’দালিৰ কবিগৰাকীক ওপজা দিনত স্মৰণ কৰে । সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে অনুষ্ঠানটিৰ সামৰণি পৰে ।

Previous Post

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

Next Post

নগাঁৱৰ বটদ্ৰৱা আৰু ৰহাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
নগাঁৱৰ বটদ্ৰৱা আৰু ৰহাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

নগাঁৱৰ বটদ্ৰৱা আৰু ৰহাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7