VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 4, 2023
in মুখ্য সংবাদ
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন ৭ আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰাৱাস মাধৱ বেজবৰুৱা এক নং দুমহলীয়া ছাত্ৰাৱাসে ইতিমধ্যেই গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে৷ ঐতিহ্যমণ্ডিত ছাত্ৰাৱাসটোৰ আৱাসীয়ে অসম তথা ভাৰতবৰ্ষৰ শিক্ষা-সাহিত্য-সংস্কৃতি-অৰ্থনীতি-ৰাজনীতি-সমাজনীতি ইত্যাদি ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠাকালৰে পৰা বৰেণ্য অৱদান আগবঢ়াই আহিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ অন্যতম ব্যক্তি ডেকাবেজ খ্যাত মাধৱ চন্দ্ৰ বেজবৰুৱাৰ সন্মানাৰ্থে নামাকৰণ কৰা ছাত্ৰাবাসটোৰ ন- পূৰণি আবাসীসকলৰ মিলনৰ অৰ্থে ৭ আৰু ৮ এপ্ৰিলত এখনি ‘ সতীৰ্থ সন্মিলন’ৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদমেলত ন-পুৰণি সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ উপদেষ্টা ড° অৱনী কুমাৰ ভাগৱতী, অৱসৰ প্ৰাপ্ত অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়, ড° হজৰত আলি, অধ্যাপক, পশ্চিম গুৱাহাটী মহাবিদ্যালয়, সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° জগদীশ শৰ্মা,কাৰ্যকৰী সভাপতি ড° তপন দাস, পৰশ গাৰ্গ, সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এই কথা সদৰি কৰে৷ লক্ষ্যনীয় যে মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ অসংখ্য প্ৰাক্তন আৱাসীয়ে অসমৰ শৈক্ষিক, সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত অতুজ্জল ভূমিকা গ্ৰহণ কৰি আহিছে৷ ছাত্ৰাৱাসৰ কেইবাজনো প্ৰাক্তন আৱাসীয়ে উপাচাৰ্যৰ পদ অলংকৃত কৰিছে৷ৰাজ্যৰ উন্নয়নৰ লগত জড়িত আৰু সামাজিক দিশৰ গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাক্তন আৱাসীয়ে কাম কৰি আছে৷
উল্লেখ্য যে ৭ এপ্ৰিলৰ সতীৰ্থ সন্মলনৰ অনুষ্ঠানত গছপুলি ৰোপনৰে আৰম্ভ হ’ব৷গছপুলি ৰোপন কৰিব অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ শীৰ্ষ বিষয়া মানবেন্দ্ৰ দেৱ ৰয় আৰু অসম গৌৰৱ ড° ধ্ৰুৱজ্যোতি শৰ্মাই । উক্ত দিনা খনেই অনুষ্ঠিত হ’বলগীয়া বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰিব অধ্যাপক ড° হজৰত আলিয়ে, মিলানাভ গোস্বামী সোঁৱৰণী পাঞ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াই, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ বিশিষ্ট অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে ৷ ৮ এপ্ৰিলৰ কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলনৰে আৰম্ভ হ’ব৷ বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথে ৷ আৱাসৰ পতাকা উত্তোলন কৰিব বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব ড° জগদীশ শৰ্মাই, ন- পুৰণি সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন কৰিব অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড° তপন দাসে, শ্বহীদ তৰ্পণ কৰিব সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাই৷ সেইদিনা মাধৱ বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ, আমাৰ মাজৰ পৰা হেৰাই যোৱা প্ৰাক্তন আবাসীসকলৰ পৱিত্ৰ স্মৃতিত স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচন, সতীৰ্থ সন্মিলন, মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হ’ব৷ মুকলি সভা উদ্বোধন কৰিব আবাসৰে প্ৰাক্তন আবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অতুল বৰা, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ আৰু কেশৱ মহন্ত, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ , নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব ড° ননী গোপাল মহন্ত, শৈক্ষিক উপদেষ্টা, অসম চৰকাৰ আৰু চৈয়দ জাৰিৰ হুছেইন, মুখ্য পৰিচালন সম্পাদক, নিউজ লাইভ। স্মৃতিগ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হিচাপে উপস্থিত থাকিব আবাসৰে প্ৰাক্তন আবাসী তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শিল্পী, সাহিত্যিক , বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আদিৰ লগতে ছাত্ৰাবাসৰ ন-পুৰণি সতীৰ্থ সকল উপস্থিত থাকিব৷

Previous Post

নগাঁৱৰ ৰাইদঙীয়াত ১৩ দিনীয়া বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

Next Post

জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

Related Posts

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক
মুখ্য সংবাদ

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ
মুখ্য সংবাদ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!
মুখ্য সংবাদ

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব
মুখ্য সংবাদ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ললিত গগৈৰ মৃত্যু, শোণিতপুৰ-নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে পালন কৰিছিল দায়িত্ব

November 28, 2023
বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন
মুখ্য সংবাদ

বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী অসুস্থ, জিএনআৰচিত চিকিৎসাধীন

November 28, 2023
প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মুখ্য সংবাদ

প্ৰতিবাদ দিৱসৰ দিনাই বাইহাটাত উৰিল আলফা(স্বাঃ)ৰ পতাকা , অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

November 28, 2023
Next Post
জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7