VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 1, 2022
in মুখ্য সংবাদ
তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

অসমীয়া নাট্যজগতৰ পুৰোধা নটসূৰ্য ফণী শৰ্মাৰ ৰবিবাৰে ৫২ সংখ্যক স্মৃতি দিৱসত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত মহীৰূহগৰাকীৰ অমূল্য অৱদান সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোত বিশ্ববিদ্যালয় চৌহদৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সন্মুখত থকা ফণী শৰ্মাৰ আবক্ষ মূৰ্তিত পুৱাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি বিভাগৰ সমূহ অধ্যাপক,কৰ্মচাৰী তথা শিক্ষাৰ্থীয়ে প্ৰথিতযশা শিল্পীজনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ আগবঢ়াই যোৱা চিৰসেউজ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উল্লেখ্য যে তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিচাপে নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই অসমীয়া চলচিত্ৰ আৰু নাট্যজগতলৈ অশেষ অৱদান আগবঢ়াই পৰৱৰ্তী প্ৰজন্মলৈ পথ প্ৰদৰ্শন কৰি থৈ গৈছে । ফণী শৰ্মাই ১৯২৮ চনত ”ৰাণা প্ৰতাপ” নাটকত ”আকবৰ”ৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে অভিনয়ৰ সুযোগ লাভ কৰে। অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক ১৯৫০ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত ”নটসূৰ্য” উপাধিৰে বিভূষিত কৰা হয়। অসমৰ নাটজগতত এক বিপ্লৱৰ সৃষ্টি কৰা ফণী শৰ্মা ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত আছিল ৷ তেখেতে বহুকেইখন যুগজয়ী নাটকত অভিনয় কৰাৰ লগতে কেইবাখনো নাটক পৰিচালনাও কৰিছিল ।

১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ”জয়মতী”ত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা নটসূৰ্য ফণী শৰ্মাই ১৯৪৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে ”চিৰাজ’’ নিৰ্মাণৰ পিছত ১৯৫৫ চনত ‘’পিয়ঁলি ফুকন’’ত অভিনয় আৰু পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত অনবদ্য বৰঙণি আগবঢ়ায় । তদুপৰি, তেখেতৰ সৃষ্টিৰাজিত অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, অসমীয়া জাতি আৰু সংস্কৃতিৰ পৰিচয় প্ৰতিফলিত হৈছিল আৰু সেইবাবেই অসমৰ নাট্য জগতত তেখেতৰ সৃষ্টিৰাজি চিৰদিন যুগমীয়া হৈ থাকিব ।

Previous Post

তিতাকেৰেলা খাবলৈ তিতা যদিও ইয়াৰ ঔষধি গুণ জানিলে আপোনাৰ মন মিঠা হৈ পৰিব

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7