VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত ৪৪ সংখ্যক অসম পাঞ্জা চেম্পিয়নশ্বিপ–২০২২ৰ সামৰণি

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
July 24, 2022
in মুখ্য সংবাদ
নগাঁৱত ৪৪ সংখ্যক অসম পাঞ্জা চেম্পিয়নশ্বিপ–২০২২ৰ সামৰণি
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৪৪ সংখ্যক সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপখনিৰ শনিবাৰে নিশা সফল সামৰণি পৰে। নগাঁও জিলা পুথিভড়াঁলত অনুষ্ঠিত চেম্পিয়নশ্বিপখনিত শুকুৰবাৰে পুৱা ৰাজ্যিক সমিতি আৰু জিলা সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে ৰাজ্যিক সমিতিৰ অধ্যক্ষ মুনীন্দ্ৰ শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই । ইয়াৰ পাছতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত চেম্পিয়নশ্বিপখনি বন্তি প্ৰজ্বলনৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ভাষণ প্ৰসংগত শৰ্মাই কয় যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত নগাঁৱৰ এটা নাম আছে । শেহতীয়াকৈ নগাঁও চহৰত কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ খেল অনুষ্ঠিত হৈছে । বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে পাঞ্জা খেলি শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ,অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা,পৌৰপতি অম্বিকা মজুমদাৰ,উপ-পৌৰপতি সীমান্ত বৰা,কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজ শৰ্মা আদি উপস্থিত থাকে । অসম আৰ্ম ৰেষ্টলিং এচ’ছিয়েশ্বনৰ টেকনিকেল ডাইৰেক্টৰ বিবেকানন্দ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত এই চেম্পিয়নশ্বিপখনিৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ ভিতৰত ছিনিয়ৰ ল’ৰা শাখাত (৫০ কিল’গ্ৰাম) অমৃত বৈশ্যই প্ৰথম স্থান আৰু হিতেশ ডেকাই দ্বিতীয় স্থান,জুনিয়ৰ শাখাত (৫৫ কিল’গ্ৰাম) শিৱা দেৱনাথে প্ৰথম স্থান আৰু জ্যোতিস্মান শইকীয়াই দ্বিতীয় স্থান লাভ কৰে। জুনিয়ৰ শাখাত(৬০ কিল’গ্ৰাম) কৃষাণ ৰয়ে প্ৰথম স্থান আৰু অভয় দাসে দ্বিতীয় স্থান,জুনিয়ৰ শাখাত (৬৫ কিল’গ্ৰাম) বুমন হাজৰিকাই প্ৰথম স্থান আৰু বিকাশ বৰাই দ্বিতীয় স্থান লাভ কৰে। ছিনিয়ৰ ল’ৰাৰ শাখাত (৫৫ কিল’গ্ৰাম) বিদ্যুৎ বৰাই প্ৰথম স্থান আৰু অবিনাশ বৰাই দ্বিতীয় স্থান লাভ কৰিছে। ৬০ কিল’গ্ৰাম শাখাত দিপাংকৰ দাস আৰু আফৰুফ আহমেদে দ্বিতীয় স্থান,৬৫ কিল’গ্ৰাম শাখাত ৰছিদুল আলিয়ে প্ৰথম স্থান আৰু অবিনাশ হাজৰিকাই দ্বিতীয় স্থান, ৭০ কিল’গ্ৰাম শাখাত নুৰ আলিয়ে প্ৰথম স্থান আৰু জিয়াদ আহমেদে দ্বিতীয় স্থান লাভ কৰিছে। ৭৫ কিল’গ্ৰাম শাখাত অম্বৰ উপাধ্যায়ে প্ৰথম স্থান আৰু পলাশ শইকীয়াই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৮০ কিল’গ্ৰাম শাখাত সঞ্জু বৰাই প্ৰথম স্থান আৰু ছাহজাহান আলিয়ে দ্বিতীয় স্থান লাভ কৰে । জুনিয়ৰ ছোৱালীৰ ৪৫ কিল’গ্ৰাম শাখাত তানিশা শৰ্মা,৫০কিল’গ্ৰাম শাখাত মনিকুন্তলা দত্ত,৫৫ কিল’ গ্ৰাম শাখাত ইশা ৰানী বৈশ্য,৬০ কিল’গ্ৰাম শাখাত মিনাক্ষী পেগু, ৭০ কিল’গ্ৰাম শাখাত সংগীতা পেগু আৰু ৭০ কিল’গ্ৰাম উৰ্ধৰ শাখাত কাশ্মীৰি কাশ্যপে প্ৰথম স্থান অধিকাৰ কৰে। মাষ্টাৰ্ছ শাখাৰ ৭০ কিল’গ্ৰাম শাখাত শান্তনু কুমাৰ দাসে প্ৰথম স্থান আৰু মনোজ বড়িয়ে দ্বিতীয় স্থান,৮০ কিল’গ্ৰাম শাখাত প্ৰনৱ জ্যোতি বৰাই প্ৰথম স্থান আৰু বিদ্যুৎ বৰগোহাঁয়ে দ্বিতীয় স্থান,৯০ কিল’গ্ৰাম শাখাত সৌৰভ হাজৰিকাই প্ৰথম স্থান প্ৰদীপ টান্তাবাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ১০০ কিল’গ্ৰাম শাখাত ৰাহুল দেৱ কলিতাই প্ৰথম স্থান আৰু মাধুৰ্য ডেকাই দ্বিতীয় স্থান লাভ কৰে। ইপিনে ১০০ কিলোগ্ৰাম উৰ্ধৰ শাখাত দিগন্ত শৰ্মাই বিজয়ী ঘোষণা কৰা হয়। ইপিনে জুনিয়ৰ ল’ৰা শাখাৰ চেম্পিয়ন অৱ দ্যা চেম্পিয়ন হিচাপে ৰুমান হাজৰিকা আৰু জুনিয়ৰ ছোৱালী শাখাৰ চেম্পিয়ন অৱ চেম্পিয়ন হিচাপে ইশাৰানী বৈশ্য বিজয়ী ঘোষিত হয় । আনহাতে ছিনিয়ৰ ছোৱালী শাখাৰ চেম্পিয়ন অৱ দ্যা চেম্পিয়ন হিচাপে দেৱী দৈমাৰী আৰু ছিনিয়ৰ ল’ৰাৰ শাখাত দেৱজিৎ শৰ্মাই চেম্পিয়ন অৱ দ্যা চেম্পিয়ন হিচাপে খিতাপ অৰ্জন কৰে । প্ৰতিযোগিতাৰ অন্তত চেম্পিয়ন অৱ চেম্পিয়নৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী,নগাঁও জিলাৰ উপ- আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাঙে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে। উল্লেখ্য যে এই চেম্পিয়নশ্বিপত বিজয়ী প্ৰতিযোগীসকলে অহা ১৮আগষ্টৰ পৰা ২২আগষ্টলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব লগীয়া সৰ্বভাৰতীয় প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

হঠাতে আমি কিছুমান দুৰ্ঘটনাৰ সন্মুখীন হওঁ বা আকস্মিক ভাৱে কেতিয়াবা বিপদে দেখা দিয়ে। এনে অৱস্থাত হতাশ নহৈ কি কৰিব লাগে জানো আহক

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
হঠাতে আমি কিছুমান দুৰ্ঘটনাৰ সন্মুখীন হওঁ বা আকস্মিক ভাৱে কেতিয়াবা বিপদে দেখা দিয়ে। এনে অৱস্থাত হতাশ নহৈ কি কৰিব লাগে জানো আহক

হঠাতে আমি কিছুমান দুৰ্ঘটনাৰ সন্মুখীন হওঁ বা আকস্মিক ভাৱে কেতিয়াবা বিপদে দেখা দিয়ে। এনে অৱস্থাত হতাশ নহৈ কি কৰিব লাগে জানো আহক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7