VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ “বৰদোৱা বাইপাছ” পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে শেতালীবাসীক

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
July 3, 2022
in মুখ্য সংবাদ
নগাঁৱৰ “বৰদোৱা বাইপাছ” পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে শেতালীবাসীক
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টি সংযোগী ৰাইদঙীয়া-ডিমৌ সংযোগী পথটোৰ বৰ্তমান দুৰৱস্থাই সৰ্বসাধাৰণ পথচাৰী ৰাইজক জলা-কলা খুৱাইছে । অৱশ্যে গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ লোক নিৰ্মাণ বিভাগে কেইবছৰমান পূৰ্বে এই জৰাজীৰ্ণ পথটিৰ অধিকাংশ পুনৰ নিৰ্মাণ কৰিলে যদিও পথছোৱাৰ ৰহা সমষ্টিৰ অন্তৰ্গত শেতালী- কুঁজাৰবড়ি অংশছোৱাত মাত্ৰ কেইটামান শিলগুটি আৰু মাটি-বালি পেলায়ে দায়িত্ব সামৰিলে।

উল্লেখ্যযোগ্য যে পথটিৰ আধা অংশ ৰহা সমষ্টিৰ হোৱাৰ বিপৰীতে আধা অংশ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত । বটদ্ৰৱা সমষ্টিৰ অংশটি প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই কাৰ্যকালত নিৰ্মাণ কৰিলে যদিও ৰহা সমষ্টিৰ অন্তৰ্গত অংশটি সামান্যতমো মেৰামতি নকৰিলে প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসে। শেতালী- কুঁজাৰবড়ি অংশত বহুকেইটা পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত বহু স্কুটাৰ-মটৰ চাইকেল আৰোহী দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ।

ডিমৌৰ পৰা বটদ্ৰৱাৰ ফালে আহোঁতে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত শেতালী-কুঁজাৰবড়িৰ এই বৃহত্তৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজ এতিয়া এজাক বৰষুণতে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগীয়া হয় । শেহতীয়াভাৱে যোৱা ২০২১ বৰ্ষত অহা এজাক প্ৰৱল বৰষুণতে পথটিৰ শেতালী অংশৰ নাট্য মন্দিৰ আৰু নামঘৰৰ মাজৰ স্থানত পথৰ ওপৰৰ প্ৰকাণ্ড গাঁতত একঁকাল পানী হৈছিল । স্থানীয় ৰাইজে নিজৰ ভিতৰতে ধন সংগ্ৰহ কৰি ডিজেল পাম্পৰে পথৰ পানী সিঁচি পথটি যাতায়তৰ বাবে সুচল কৰি তোলে ।

তাৎপৰ্যপূৰ্ণ কথা যে পথটিৰ এনে বিধস্ত ৰূপৰ বাবে পূৰ্বতে বহুবাৰ শেতালী অঞ্চলৰ ৰাইজে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। গুৱাহাটী বা নামনি অংশৰ পৰা অহা যাত্ৰী বা পৰ্যটকে এই পথেৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ যাতায়ত কৰে । বটদ্ৰৱালৈ যাত্ৰী বা পৰ্যটকসকলৰ বাবে এই পথটি চমু হোৱা বাবে ইয়াক বহুতে “বটদ্ৰৱা বাইপাছ” বুলি কয়। সেয়েহে অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে লোক নিৰ্মাণ বিভাগক উন্নত মানেৰে শেতালী- কুঁজাৰবড়ি অংশটি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7