VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
August 2, 2022
in মুখ্য সংবাদ
ৰঙিয়াত বৰ্ণিল কাৰ্যসূচীৰে ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰঙিয়া মহকুমাতো দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত এক প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয় । কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত সমাগত স্বাধীনতা দিৱস যাতে সুকলমে অনুষ্ঠিত হয়, সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় । প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব সুকলমে পালন কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে আহ্বান জনায় ।

উল্লেখযোগ্য যে, বিগত বছৰবোৰৰ দৰে এইবাৰো ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব । অনুষ্ঠানত অসম আৰক্ষীৰ লগতে সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও দলে তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচ-কাৱাজ প্ৰদৰ্শন কৰিব। বিগত বছৰত ক’ভিদ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, ৰচনা আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আনহাতে মহকুমাধিপতিৰ বিশেষ উদ্যোগত ৰঙিয়া মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজত “স্বাধীনতাৰ ৭৫ বছৰত ভাৰতবৰ্ষ” (India@75) শীৰ্ষক এক আন্তঃবিভাগীয় ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মূল অনুষ্ঠানত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰাৰ লগতে বিভিন্ন বিভাগৰ পাৰদৰ্শী বিষয়া-কৰ্মচাৰীসকলকো সম্বৰ্দ্ধনা জনোৱা হ’ব।

দেশৰ স্বাধীনতাৰ মহাৰজত জয়ন্তী “আজাদী কা অমৃত মহোৎসৱ”ৰ লগতে “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবেও মহকুমা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে প্ৰশাসনৰ উদ্যোগত ৰঙিয়া চহৰত এক জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সুলভ মূল্যৰ দোকানসমূহতো ৰাইজৰ বাবে পৰ্যাপ্তসংখ্যক জাতীয় পতাকা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনে তিনিদিন পূৰ্বৰেপৰা ৰাইজৰ মাজত বিভিন্ন প্ৰতিযোগিতা তথা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এই অনুষ্ঠানসমূহ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হ’ব। আনহাতে স্বাধীনতা দিৱসৰ দিনা বিয়লি মহকুমা প্ৰশাসন একাদশ আৰু ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ক্ৰিকেট খেলৰো আয়োজন কৰা হৈছে। বিভিন্ন দিশৰ তদাৰকীৰ বাবে কেইবাখনো উপ-সমিতি গঠন কৰি দিয়া হৈছে। স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণৰ লগতে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে ৰঙিয়া মহকুমাৰ জনসাধাৰণলৈ মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশে বিনম্ৰ আহ্বান জনাইছে।

Previous Post

জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম

Next Post

বন বিভাগৰ অপৰাধ অনুসন্ধান পৰিসৰৰ তৎপৰতাত বিফল এশিঙীয়া গঁড় হত্যাৰ পৰিকল্পনা

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
বন বিভাগৰ অপৰাধ অনুসন্ধান পৰিসৰৰ তৎপৰতাত বিফল  এশিঙীয়া গঁড় হত্যাৰ পৰিকল্পনা

বন বিভাগৰ অপৰাধ অনুসন্ধান পৰিসৰৰ তৎপৰতাত বিফল এশিঙীয়া গঁড় হত্যাৰ পৰিকল্পনা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7