VOICE 24x7
Monday, May 5, 2025
English
No Result
View All Result
No Result
View All Result
VOICE 24x7
English

নির্বাচনত পৰাজয়ৰ পাছত কি ক’লে ভূপেন বৰাই

voicedesk by voicedesk
March 11, 2022
in মুখ্য সংবাদ
নির্বাচনত পৰাজয়ৰ পাছত কি ক’লে ভূপেন বৰাই
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু মাজুলী উপ-নিৰ্বাচনৰ ফলাফলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে কংগ্ৰেছে ৰাইজৰ ৰায় নতশিৰে মানি লৈ ভৱিষ্যতৰ দিনত দলৰ ভুল-ভ্ৰান্তিসমূহ দূৰ কৰি দলটোক সুসংগঠিত ৰূপত আগবঢ়াই নিবলৈ দল বদ্ধপৰিকৰ।বৰাই কয়- “আজিৰ ফলাফলে আমাক এটা শিক্ষা দিলে যে আমি তৃণমূল পৰ্যায়ত অধিক মনোনিৱেশ কৰিব লাগিব”। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয় যে আজিৰ  ফলাফলত নিঃসন্দেহে দলটো নিৰাশ হৈছে, কিন্তু হতাশ হোৱা নাই। কংগ্ৰেছে সদায় ৰাইজৰ হকে যুঁজি যাব। নিৰ্বাচনী জয় বা পৰাজয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰাৰ বিচ্যুত কৰিব নোৱাৰে বুলি প্ৰকাশ কৰি বৰাই কয় কংগ্ৰেছ দল সদায় ৰাইজৰ সৈতে একাত্ম হৈ থাকিব। “আমি ৰাইজৰ ইচ্ছ্যু সমূহক লৈ, যেনে- মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা, স্বাস্থ্য, আন্তগাথঁনিমূলক উন্নয়নৰ বিষয়বোৰ দায়িত্ব সহকাৰে সদায় তুলি ধৰিম”।–এইদৰে কয় ভূপেন বৰাই ৷

Related Posts

No Content Available
No Result
View All Result

    “ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

    • Facebook
    • Twitter
    • YouTube

    সংবাদ শ্ৰেণীসমূহ

    • No categories

    পলকতে

    © 2021 All rights reserved by voice 24x7

    No Result
    View All Result

    © 2021 All rights reserved by voice 24x7