২০২১ বৰ্ষৰ অৰ্জ্জুন বঁটাৰ বাবে এইবাৰ ৩৫ লোকক নিৰ্বাচন কৰিছে। ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱনলৈ এইবাৰ অৰ্জ্জুন বঁটা আগবঢ়োৱা হ’ব।
শিখৰ ধৱনৰ উপৰিও টকিঅ’ অলিম্পিকৰ মহিলা হকীত উৎকৃষ্ট প্ৰদৰ্শন কৰি বন্দনা কাটাৰিয়া, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ফেঞ্চাৰ ভৱানী দেৱী, ব্ৰঞ্জৰ পদক লাভ কৰা পুৰুষ হকীৰ দলক এইবাৰ অৰ্জ্জুন বঁটা প্ৰদান কৰিব।
ইয়াৰ উপৰিও যোগেশ কাথুনিয়া, প্ৰবীণ কুমাৰ, নিশাদ কুমাৰ, সুহাচ যথিৰাজ, সিংঘৰাজ আধানা, মণিকা, ভবিনা পেটেল, হৰবিন্দৰ সিং, শাৰদ কুমাৰ, সিমৰণজিত কৌৰ, অংকিতা ৰাইনা আৰু সন্দীপ নেৰৱালৰ নাম অৰ্জ্জুন বঁটাৰ বাবে বাছনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ প্ৰচলনৰ পূৰ্বে অৰ্জ্জুন বঁটা ভাৰতীয় খেল জগতৰ সৰ্বোচ্চ সন্মান আছিল। ১৯৬১ চনৰ পৰা এই বঁটা খেলত উৎকৃষ্ট প্ৰদৰ্শন কৰা সকলক নিয়মীয়াকৈ প্ৰদান কৰা হৈছে। বৰ্তমান এই বঁটাৰ মূল্য হৈছে ১৫ লাখ টকা। আৰম্ভণিতে ৫ লাখ টকা আছিল।
১৯৬১ চনত ক্ৰিকেটাৰ চেলিম ডুৰানীকে ধৰি মুঠ ২০ জন লোকলৈ এই বঁটা আগবঢ়োৱা হৈছিল।