VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেৰালাত নিপা ভাইৰাছৰ আতংক, সাতখন গাঁও কণ্টেইনমেণ্ট জ’ন ঘোষণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 13, 2023
in মুখ্য সংবাদ
কেৰালাত নিপা ভাইৰাছৰ আতংক, সাতখন গাঁও কণ্টেইনমেণ্ট জ’ন ঘোষণা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

কেৰালাত আতংক বিয়পাইছে নিপাহে ভাইৰাছে । কেৰালা চৰকাৰৰ তথ্য অনুসৰি  নিপা ভাইৰাছত আক্ৰান্ত প্ৰায় আটাইকেইজনেই ৰাজ্যখনৰ কোঝিকোড জিলাৰ বাসিন্দা। নিপা  ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে জিলাখনৰ ৭খন গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ কেইবাখনো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।

 

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে যদিও নিপা ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, তথাপিও ইয়াৰ মৃত্যুৰ হাৰ বহু বেছি। বুধবাৰে বিধানসভাত চিপিআইৰ বিধায়ক পি বালাচন্দ্ৰনে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কেৰালাত আতংকৰ কাৰণ হৈ পৰা ‘বাংলাদেশ’ ৰূপৰ নিপা ভাইৰাছ এজনৰ পৰা আন এজনলৈ সংক্ৰমিত হৈ আছে।

 

নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীয়ে কোঝিকোড মেডিকেল কলেজত নিপা ভাইৰাছ ৰোগীৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষাৰ বাবে এটা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ স্থাপন কৰিছে। বুধবাৰে পুৱা পুনেৰ পৰা কোঝিকোডত উপস্থিত হয় এন আই ভিৰ এটা দল। বুধবাৰে চেন্নাইৰ পৰা বিশেষজ্ঞৰ এটা দল কেৰালাত উপস্থিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চেও নিপা ৰোগীক ৰোগ প্ৰতিৰোধী এন্টিব’ডিৰে সহায় কৰিব বিচাৰিছিল বুলি ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰকাশ কৰে।

 

কেৰালাৰ কোঝিকোড জিলাত কমেও চাৰিজন লোক নিপা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি ৩০ আগষ্টৰ পিছত সোমবাৰে কেৰালাৰ কোঝিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত “অস্বাভাৱিক” মৃত্যু হয়  দুজন লোকৰ । সোমবাৰে সমগ্ৰ কোঝিকোড জিলাত নিপা ভাইৰাছ সন্দৰ্ভত স্বাস্থ্য বিভাগে এক সতৰ্কবাণী জাৰি কৰে। আনহাতে, এই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ কেৰালা চৰকাৰে ইতিমধ্যে কোঝিকোডত এটা কন্ট্ৰল ৰুম মুকলি কৰিছে।

 

সমগ্ৰ পৰিস্থিতিত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে। মঙলবাৰে তেওঁ কয় যে এতিয়া আতংকিত হোৱাৰ কোনো কাৰণ নাই। মৃত লোক দুজনৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান পোৱা গৈছে। তেওঁলোকৰ চিকিৎসাও আৰম্ভ হৈছে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সজাগ হোৱাটো গুৰুত্বপূৰ্ণ। এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলোকে অনুৰোধ জনালোঁ।

 

কোঝিকোড আৰু মালাপ্পুৰম জিলাত নিপা ভাইৰাছৰ সংক্ৰমণ দেখা গৈছে। ২০১৮ চনত এই ভাইৰাছৰ বাবে দুখন জিলাত ১৭ জন লোকৰ মৃত্যু হৈছিল। তাৰ লগতে ১৮ জন আক্ৰান্ত লোকৰ সন্ধান পোৱা গৈছে। ২০২১ চনত এই ভাইৰাছ দুখন জিলাতো সংক্ৰমণ হৈছুইল ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি নিপা ভাইৰাছে মানুহৰ লগতে জীৱ-জন্তুকো সংক্ৰমিত কৰিব পাৰে। ইয়াৰ সংক্ৰমণ প্ৰধানকৈ বাদুলিৰ পৰা হয় । সাধাৰণতে ৰোগীয়ে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, ঠাণ্ডা, বমি আদি অনুভৱ কৰে।

Previous Post

কাশ্মীৰত উগ্ৰপন্থীৰ সৈতে হোৱা গুলীয়াগুলীত প্ৰাণ হেৰুৱালে সেনাৰ লেব্ৰাডৰ কেণ্টে

Next Post

‘অমৃত বৃক্ষ আন্দোলন’ৰ বাবে কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ তৎপৰতা

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
‘অমৃত বৃক্ষ আন্দোলন’ৰ বাবে কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ তৎপৰতা

'অমৃত বৃক্ষ আন্দোলন'ৰ বাবে কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ তৎপৰতা

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7