VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লেখক-পাঠক-গ্ৰন্থপ্ৰেমীৰ সমাৱেশত মুখৰিত অসম গ্ৰন্থমেলা, বঙাইগাঁও

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 17, 2023
in মুখ্য সংবাদ
লেখক-পাঠক-গ্ৰন্থপ্ৰেমীৰ সমাৱেশত মুখৰিত অসম গ্ৰন্থমেলা, বঙাইগাঁও
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

লেখক-পাঠক, গ্ৰন্থপ্ৰেমীৰ সমাবেশেৰে মুখৰিত হৈ পৰিছে অসম গ্ৰন্থমেলা,বঙাইগাঁও৷ যোৱা ১৩ মাৰ্চৰ পৰা ৭ দিনীয়া কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ , সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ গান্ধী ময়দানত অনুষ্ঠিত গ্ৰন্থমেলাত আজি পঞ্চম দিনা প্ৰয়োজনীয় আৰু পছন্দৰ কিতাপ ক্ৰয় কৰিবলৈ অহা পুথিপ্ৰেমীৰ স্ৰোত পৰিলক্ষিত হয় ৷ কিতাপ বিক্ৰীৰ হাৰ ইতিবাচক বুলি জনাইছে অংশগ্ৰহণকাৰী প্ৰকাশন গোষ্ঠীসমূহেও৷ ইপিনে আজি বিয়লি গ্ৰন্থমেলাত অনুষ্ঠিত হয় যুৱ-লেখকৰ সমাৰোহ “উন্মীলন” ৷

এই আকৰ্ষণীয় অনুষ্ঠান সঞ্চালনা কৰে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, গোসাঁইগাওঁ মহকুমাৰ মহকুমাধিপতি, বিশিষ্ট লেখক আৰণ্যক শইকীয়াই ৷ ভাষণ প্ৰসংগত তেওঁ কয়—“অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ যোগেদি অসমীয়া ভাষা-সাহিত্য , গ্ৰন্থৰ জগত আৰু বিদ্বৎ-বৌদ্ধিক সমাজলৈ আশাভৰা নতুনত্বৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ ধেমাজিৰ পৰা বঙাইগাঁৱলৈ অসম গ্ৰন্থমেলাৰ সুদীৰ্ঘ বৰ্ণময় যাত্ৰাই উদ্দীপনাৰ সৃষ্টি কৰিছে ৷

প্ৰতিখন গ্ৰন্থমেলাত যুৱ-লেখক সকলক এখন মঞ্চ প্ৰদানৰ বাবে “উন্মীলন” শীৰ্ষক যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে এয়া দ্ব্যৰ্থহীনভাৱে অভূতপূৰ্ব ৷ কিয়নো যুৱ-লেখকসকলৰ ওপৰতে ভাষা-সাহিত্যৰ ভৱিষ্যত নিৰ্ভৰশীল ৷ এনে অনুষ্ঠানে তেওঁলোকক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব৷” যুৱ-লেখকসকলক উদ্দেশ্যি তেওঁ পুনৰ কয়– “যুৱ-লেখকসকলে স্ব-প্ৰতিভা আৰু দক্ষতাৰে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিত অৰিহণা আগ বঢ়াই আহিছে আৰু এয়া সদায়ে অক্ষুণ্ণ থাকিব ৷”

উন্মীলনত অংশগ্ৰহণ কৰে ডেইজী চৌধুৰী, অভিজিৎ তালুকদাৰ, নিৰূপজ্যোতি বৰুৱা, হৰ্ষজিৎ কলিতা , লটাছ পি নাৰ্জাৰী, অনিলা বসুমতাৰী, অনামিকা ৰায়, মাণিক পাল ,প্ৰাঞ্জল কুমাৰ দাস, অনিমেষ পাঠক, বুদ্ধদেৱ নাৰ্জাৰীকে ধৰি কেবাগৰাকী লেখক-সাংবাদিক , কবি-নিৱন্ধকাৰে ৷ তেওঁলোকে কাম কৰি থকা নিজৰ ক্ষেত্ৰ আৰু অভিজ্ঞতাৰ বিষয়ে বিশ্লেষণ আগ বঢ়ায় ৷ উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত বঙাইগাঁও লেখিকা সমাৰোহৰ উদ্যোগত এখন কবি সন্মিলন অনুষ্ঠিত হয়৷ বিয়লিৰ ভাগত কবি অৰুণা চক্ৰৱৰ্তীৰ ‘অঞ্জলি’ নামৰ এখন কাব্য গ্ৰন্থ উন্মোচন কৰা হয়৷ সন্ধিয়া অনুষ্ঠিত হোৱা আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে প্ৰবোধ দাসে ৷

Previous Post

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

Next Post

হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

Related Posts

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
হোৱাইট হাউছৰ পৰা ট্ৰাম্পে  আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ
মুখ্য সংবাদ

হোৱাইট হাউছৰ পৰা ট্ৰাম্পে আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ

June 10, 2023
Next Post
হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7