বিশ্বৰ আগশাৰীৰ গাড়ী নির্মাতা প্ৰতিষ্ঠান ফক্সৱাগনৰৰ সহস্ৰাধিক বিলাসী গাড়ী কঢ়িয়াই অনা এখন প্ৰকাণ্ড জাহাজ আটলাণ্টিক মহাসাগৰত ডুব যায় ৷ লেম্বৰঘিনি, প’র্চে, অ’ডিৰ দৰে বিলাসী বাহন কঢ়িয়াই আনিছিল মহাসাগৰত ডুব যোৱা জাহাজখনে ৷ ফেলিচিটি এচে নামৰ মালবাহী জাহাজখনত বুধবাৰে বিয়লি আটলাণ্টিক মহাসাগৰৰ এজোৰেছ দ্বীপপুঞ্জৰ ওচৰত প্ৰথমে জুই লাগে আৰু পৰৱর্তী সময়ত ডুব যায় ৷ জাহাজখনত থকা ২২ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নৌসেনা ৷ পৰ্তুগীজ নৌ সেনা আৰু বায়ু সেনাই যুটীয়াভাৱে চলাইছিল উদ্ধাৰ অভিযান ৷
ফক্সৱাগনে এই ঘটনা সন্দর্ভত জাৰি কৰা বিবৃতি অনুসৰি জাহাজখনত মুঠ ৩,৯৬৫ বাহন আছিল। জাৰ্মানীৰ উল্ফছবাৰ্গত মুখ্য কাৰ্যালয় থকা এই গোটটোৱে ইয়াৰ ফক্সৱাগন ব্ৰেণ্ডৰ লগতে প’র্চে , অডি আৰু লেম্বৰঘিনিৰ দৰে বাহন নিৰ্মাণ কৰে ৷ প’র্চেৰ মুখপাত্ৰ লিউক ভাণ্ডেজাণ্ডে প্ৰকাশ কৰা তথ্যমতে জুই লগাৰ সময়ত ফেলিচিটি এচত থকা তেওঁলোকৰ বাহনৰ সংখ্যা প্ৰায় ১,১০০ খন হ’ব ৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গ্ৰাহকসকলক তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে ৷ ইয়াৰ পূর্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল ২০১৯ চনত ৷ সেই সময়ত আমেৰিকাত বাহন কঢ়িয়াই নিয়া জাহাজত জুই লাগি ২০০০ খন অডি আৰু পোৰ্চেকে ধৰি বিলাসী গাড়ীসহ ডুব গৈছিল।