VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
September 15, 2022
in মুখ্য সংবাদ
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত ৰাইজৰ বহু প্ৰত্যাশিত জখলাবন্ধা এফ আৰ ইউৰ পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত হোৱা নৱনিৰ্মিত ভৱনটি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰি ৰাইজৰ চিকিৎসা সেৱাৰ বাৱে উৎসৰ্গা কৰে ৷ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে গায়ন-বায়নৰ খোল-তাল,ডবা -শংখৰ ঝংকাৰৰ গুৰু গম্ভীৰ পৰিৱেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱ নিৰ্মিত চিকিৎসালয়খনি উদ্বোধন কৰে । এই উদ্দেশ্যে অনুষ্ঠিত সভাখনিত উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি কয় ১৯৫৮ চনত জখলাবন্ধা প্ৰাথমিক চিকিৎসালয় ৰূপে প্ৰতিষ্ঠা হৈ বৰ্তমান মহকুমা অসামৰিক চিকিৎসালয়লৈ পৰ্যবসিত হোৱা চিকিৎসালয়খনিকে অতি শীঘ্ৰে ২০০ খন বিচনাৰে জিলা চিকিৎসালয় হিচাপে উন্নীত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে । মা কামাখ্যাই আশিষ প্ৰদান কৰিলে নগাঁৱৰ কলিয়াবৰত এদিন এখন মেডিকেল কলেজো প্ৰতিষ্ঠা হ’ব ৷ লগতে তেওঁ কয় অসমত ৩ খন মেডিকেল কলেজৰ পৰা এতিয়া ৯ খনলৈ বৃদ্ধি পালে। অহা বছৰত অসমত আৰু ৩ খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে। আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬খন মেডিকেল কলেজ স্থাপন কৰিম আৰু ২০৩০ চনৰ ভিতৰত ২৪খন মেডিকেল কলেজ নিৰ্মাণ কৰিব খুজিছোঁ বুলিও ড° শৰ্মাই কয়।

পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিতাল আছিল। পিছত গৈ আমি অসমত আৰু ৭খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। সৰ্বমুঠ ৯খন কেঞ্চাৰ হস্পিতাল হ’ল। এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু ৩খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম হাতত লৈছোঁ। অহা ৩ বছৰৰ ভিতৰত মুঠ ১৮ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰিব খুজিছোঁ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । ২০০৬ চনত যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া অসমত হস্পিতালৰ সংখ্যা আছিল মাত্ৰ ৬০০খন। এতিয়া অসমত হস্পিতালৰ সংখ্যা ২০০০ খনলৈ বৃদ্ধি পাইছে। এতিয়া মাথোঁ ৰোগীসকলে তৎকালীন ভাৱে গুণগত মানদণ্ডৰে চিকিৎসা পদ্ধতি লাভ কৰাটো আমি আশা কৰোঁ। ড০ শৰ্মাই লগতে আৰু কয় যে বৰ্তমান সময়ত আয়ুস্মান কাৰ্ড আমাৰ সকলোৰে নথকাত সমস্যাত পৰিব লগা হৈছে। আমাৰ চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আয়ুস্মান ভাৰতৰ কাৰ্ড দিয়া হ’ব। ফলত আয়ুস্মান ভাৰত কাৰ্ড থকা পৰিয়াল সমূহে প্ৰতি বছৰে ৫ লাখ টকাৰ চিকিৎসা সাহাৰ্য লাভ কৰিব। যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অটল অমৃত কাৰ্ডৰ সহায় আগৰ দৰেই সাহাৰ্য পাই থাকিব। এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আয়ুস্মান ভাৰতক আয়ুস্মান অসমলৈ ৰূপান্তৰ কৰি প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালক স্বাস্থ্য সেৱাৰ লগত জড়িত কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ কলিয়াবৰত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ড° শৰ্মাই লগতে কয় কলিয়াবৰত বিভিন্ন আঁচনিৰ দ্বাৰা উন্নয়নৰ দিশ ত্বৰান্বিত হৈ আহিছে যদিও এটা কাম বহু দিনৰ পৰা বাকী হৈ আছিল।

কলিয়াবৰত বানপানীত ক্ষতিগ্ৰস্ত লোক সকলে ক্ষতি পূৰণৰ ধনখিনি পোৱা নাছিল। অহা এমাহ ডেৰমাহৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলে ধনখিনি পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে । তেওঁ লগতে কয় কলিয়াবৰত এখন চৰকাৰী কলেজৰ স্থাপনৰ স্বীকৃতি প্ৰদান কৰিছোঁ । এই বিত্তীয় বৰ্ষতে কলেজ খনৰ কাম আৰম্ভ কৰিম। ক’ত পাতিব কেনেকৈ পাতিব সেয়া ৰাইজে ঠিক কৰি ল’ব। দ্বিতীয়তে কলিয়াবৰত আমি এখন আইন মহাবিদ্যালয় পাতিব খুজিছোঁ আৰু এখন আই টি আই দিব খুজিছোঁ । তৃতীয়তে নাৰ্চিং স্কুল দিব খুজিছোঁ। কলিয়াবৰ চাহ বাগিচাৰ তলেদি জামুগুৰিহাটলৈ সুৰঙ্গ নিৰ্মানৰ চিন্তা কৰা হৈছে। সেই সুৰঙ্গটোৰে ৰেল গাড়ী আৰু মটৰ গাড়ীৰ চলাচল হ’ব। সামৰিক আৰু নাগৰিক দৃষ্টিকোণৰ পৰা এই সুৰঙ্গটোৰ প্ৰয়োজন আছে বুলি কৈ ড০ শৰ্মাই লগতে কয় এই সুৰঙ্গ নিৰ্মাণ হ’লে কলিয়াবৰৰ আৰ্থিক স্থিতি,কলিয়াবৰৰ পৰ্যটন আদি উন্নয়নৰে কলিয়াবৰে আকাশ চুবগৈ বুলি তেওঁ বিশ্বাস কৰাৰ কথা সদৰি কৰে। এই আঁচনিখনৰ বাবে ভাৰত চৰকাৰ আৰু আমি লগলাগি ৭ হাজাৰ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে ৭০ শতাংশ আগ বাঢ়িছে আৰু ৩০ শতাংশ কাম আছে আৰু এক ঢাকা মাৰি দিলেই কামটো হৈ যাব বুলি তেওঁ দোহাৰে। আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দেখিছে। কিন্তু ব্ৰহ্মপুত্ৰৰ তলেৰে ৰেল গাড়ী, মটৰ গাড়ী যোৱা এইবাৰ দেখিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। যদি কলিয়াবৰ তলেদি সুৰঙ্গ হৈ যায় তেতিয়া কলিয়াবৰৰ প্ৰতিচ্ছবি বদলি হৈ যাব। ভাৰতত ক’তো নদী, সাগৰৰ তলেদি সুৰঙ্গ হোৱা নাই কেৱল কলিয়াবৰত হ’বলৈ গৈ আছে। যদি ভবা মতে হৈ যায় তেন্তে ভাৰতৰ বুকুত অসম এটা উজ্জ্বল ৰত্ন হিচাপে জিলিকি উঠিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সঞ্চালিকা লক্ষ্মী প্ৰিয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ভাষণত কয় মই আজি বিধায়ক হিচাপেহে কম স্বাস্থ্য বিভাগৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে সবিশেষ আপোনাসৱক অৱগত কৰিব ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে আধাৰশিলা স্থাপন হোৱাৰ পিছত পুনৰ তেওঁ মুখ্যমন্ত্ৰী হোৱা কাৰ্যকালতে পুনৰ কলিয়াবৰ অসামৰিক চিকিৎসালয় খন উদ্বোধন হোৱাটো আমাৰ বাবে ভাগ্যৰ কথা ৷ মুখ্যমন্ত্ৰীগৰাকী বিত্তমন্ত্ৰী হৈ থকাৰ সময়তে গ্ৰহণ কৰা কলং পুনৰুজ্জীৱিতকৰণ আঁচনি খনৰ ৰূপায়ণ সম্প্ৰতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদ্দিচ্ছাৰ ফলশ্ৰুতিতে বিভিন্ন দিশৰ পৰা কলিয়াবৰত উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি মন্ত্ৰী কেশৱ মহন্তই মত প্ৰকাশ কৰে ৷জাতীয় সংগীতৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতৰে যৱনিকা পৰা সভাত খনিত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,যুৱ নেতা মণি মাধৱ মহন্ত,স্বাস্থ্য বিভাগৰ জেষ্ঠ বিষয়া সকলৰ লগতে জেষ্ঠ্য নাগৰিক তথা প্ৰাক্তন অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাকে প্ৰমুখ্য কৰি কেইবা সহস্ৰধিক লোকে সভাত অংশগ্ৰহণ কৰে। সভাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে সভাত নৱনিৰ্মিত চিকিৎসালয়খনলৈ বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতি দানসূত্ৰে আগবঢ়োৱা ব’য়িং প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বিভাগীয় কৰ্তপক্ষক সম্বৰ্দ্ধনা জনাই মন্ত্ৰী কেশৱ মহন্তই ৷

Previous Post

ভাৰতৰ ইতিহাসত সোণোৱালী আখৰেৰে খোদিত হৈ ৰ’ল কেইগৰাকীমান মহিলা অভিযন্তাৰ নাম

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7