ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাতীয়ে আগশাৰীৰ ক্লিন টেক প্ৰতিষ্ঠান ষ্টাৰ্ট আপ কোৱান্ট ছ’লাৰ টেকনলজি প্ৰাইভেট লিমিটেডৰ সৈতে সহযোগিতা স্থাপন কৰিছে ।পুনৰ নৱীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰখনত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ ভাসমান ছ’লাৰ প্ৰকল্প স্থাপনৰে এই প্ৰতিষ্ঠানে সৌৰ শক্তি উৎপাদনৰ লগতে জলাশয় সমূহর সংৰক্ষণত গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰিছে ।
এই সন্দৰ্ভত কোৱান্ট ছ’লাৰ সহ প্ৰতিষ্ঠাপক তথা সঞ্চালক পংকজ কুমাৰে কয় “আমাৰ উদ্ভাৱনী মূলক ষ্টাৰ্ট আপ কেৱল মাথো স্বচ্ছ শক্তি উৎপাদনেই নহয় , বৰঞ্চ জল আৰু জলজ প্ৰাণীসমূহৰ সংৰক্ষণক প্ৰাধান্য দিয়া হৈছে। এয়া পাৰিপাৰ্শ্বিক বহন ক্ষমতাৰ এক বৃহৎ পদক্ষেপ ।’
সহ প্ৰতিস্থাপক তথা সঞ্চালক সিদ্ধান্ত আগৰৱালে কয় ” ভাসমান সৌৰ শক্তিৰ ক্ষেত্ৰত কোৱান্ট ছ’লাৰে বিভিন্ন সামগ্ৰী মুকলি কৰি দিছে ।আমি বিশ্বাস কৰো যে এই পদক্ষেপে কেৱল শক্তিক্ষেত্ৰৰ অভাৱ পূৰণ কৰায় নহয় পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত অবদান আগবঢ়াব।”
আই আই টি গুৱাহাটীৰ প্ৰযুক্তি ইনকিউবেচন চেন্টাৰৰ অধ্যক্ষ অধ্যাপক ছেনথিলমুৰুগান সুবিয়াহে কয় ” কোৱান্ট ছ’লাৰ কেৱল এক উদীয়মান প্ৰতিষ্ঠান নহয় ।পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ অবদান আগবঢ়াইছে।”
আৰম্ভণিৰ পৰাই কোৱাণ্ট ছ’লাৰে একাধিক ৰাজহুৱা খণ্ডৰ উদ্যোগ, ৰাজ্য চৰকাৰী সংস্থা আৰু ব্যক্তিগত কোম্পানীসমূহৰ সৈতে কাম কৰি আহিছে। ইয়াৰ উপৰিও ভাৰতৰ প্ৰথমটো মেগাৱাট স্কেলৰ ২ মেগাৱাট ক্ষমতাৰ ফ্লটিং ছ’লাৰ প্লাণ্ট (এফএছপি) আৰু এনটিপিচিৰ বাবে বিশ্বৰ অন্যতম বৃহৎ ফ্লটিং ছ’লাৰ প্লাণ্ট ৩৬ মেগাৱাট যোগান ধৰিছে।
আই আই টি গুৱাহাটীত চলি থকা ইনকিউবেচন যাত্ৰাত কোৱাণ্ট ছ’লাৰ টেকন’লজিয়ে স্বচ্ছ প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ ভিতৰত উন্নত প্ৰযুক্তিৰ নিৰন্তৰ সহায় আগবঢ়াব।