VOICE 24x7
Saturday, June 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গর্ভৱতী প্ৰার্থীক দিয়া কি নির্দেশনাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়ান বেংক !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 20, 2022
in মুখ্য সংবাদ
গর্ভৱতী প্ৰার্থীক  দিয়া কি নির্দেশনাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে ইণ্ডিয়ান বেংক !!
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

গর্ভৱতী মহিলাক কর্তব্যত নিযুক্তিৰ ক্ষেত্ৰত ইণ্ডিয়ান বেংকে গ্ৰহণ কৰা নতুন নিয়মক লৈ বিতর্কৰ সুচনা হৈছে ৷ আনকি বেংকটোৰ নতুন নিয়মক লৈ ক্ষুন্ন হৈ পৰিছে দিল্লী মহিলা আয়োগ ৷ আয়োগৰ  অধ্যক্ষ স্বাতি মালিৱালে আজি ইণ্ডিয়ান বেংকলৈ এখন জাননী জাৰি কৰি ইয়াৰ “নতুন নিযুক্তি নিয়ম” প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে ৷ উল্লেখ্য যে  তিনি বা তাতকৈ অধিক  মাহৰ গৰ্ভৱতী মহিলা  প্ৰার্থী এগৰাকীক তৎক্ষণাত কর্তব্যত  যোগদান কৰাত বাধা আৰোপ কৰা হৈছে ৷

সংবাদ সংস্থা পিটিআইয়ে বেংকটোৰ ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি – “এগৰাকী মহিলা প্ৰাৰ্থী, যিগৰাকী ১২ সপ্তাহ বা তাতকৈ অধিক মাহৰ গৰ্ভৱতী বুলি ধৰা পৰে, তেওঁ সন্তান জন্ম নিদিয়া পর্যন্ত সাময়িকভাৱে অযোগ্য ঘোষণা কৰা হ’ব ৷ সন্তান জন্মৰ  ছয় সপ্তাহৰ পিছত প্ৰাৰ্থীগৰাকীক পুনৰ ফিটনেছ চাৰ্টিফিকেটৰ বাবে পৰীক্ষা কৰা হ’ব ৷ “

সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োগে কয় যে বেংকৰ তথাকথিত ব্যৱস্থাটো “বৈষম্যমূলক আৰু অবৈধ “কাৰণ ই ‘সামাজিক সুৰক্ষা সংহিতা, ২০২০’ৰ অধীনত প্ৰদান কৰা প্ৰসূতি সুবিধাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৷  এই পদক্ষেপৰ ফলত যোগদান প্ৰক্ৰিয়াত পলম হ’ব আৰু পিছলৈ তেওঁলোকে জ্যেষ্ঠতাৰ মর্যাদা লাভ কৰাৰ পৰা বঞ্চিত হ’ব বুলি আয়োগে জাননীত উল্লেখ কৰিছে।

আয়োগে ঋণদাতাক নতুনকৈ জাৰি কৰা মহিলা বিৰোধী নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ লগতে এই  নীতি কিহৰ আধাৰত নির্ধাৰণ কৰা হৈছিল সেয়া অৱগত কৰিবলৈ নির্দেশ দিছে ৷ মালিৱালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসলৈও এখন পত্ৰ লিখি বিষয়টোত হস্তক্ষেপ কৰি দেশৰ সকলো বেংকক এনে “মহিলাৰ বিৰুদ্ধে বৈষম্যমূলক আইন” প্ৰণয়ন কৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিবলৈ আহ্বান জনাইছে ৷

 

মালিৱালে কয় -“এগৰাকী গৰ্ভৱতী মহিলাক ‘অস্থায়ীভাৱে অযোগ্য’ বুলি অভিহিত কৰি কৰ্মৰ সুযোগৰ পৰা বঞ্চিত কৰাটো গ্ৰহণযোগ্য নহয়। ইয়াৰ দ্বাৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত পুৰুষতান্ত্রিক মানসিকতা আৰু নাৰীবিদ্বেষৰ প্ৰতিফলন ঘটিছে।এই  নিয়মসমূহ বৈষম্যমূলক আৰু অবৈধ আৰু ইয়াক তৎক্ষণাত প্ৰত্যাহাৰ কৰা উচিত। তদুপৰি, বেংকসমূহক ভৱিষ্যতে এনে নিৰ্দেশনা জাৰি কৰাৰ পৰা নিৰুৎসাহিত কৰা উচিত।মই আশা কৰিছো যে আৰ বি আইয়ে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু বেংকসমূহক এনে নিয়ম প্ৰণয়ন কৰাত বাধা প্ৰদান কৰা নিৰ্দেশনা আৰু জবাবদিহি কৰাটো নিশ্চিত  কৰিব।’

ইফালে, ১২ সপ্তাহতকৈ অধিক গৰ্ভৱতী হোৱা নিৰ্বাচিত মহিলা প্ৰাৰ্থীক নিযুক্তি নিদিয়াৰ বাবে ইণ্ডিয়ান বেংকৰ “মহিলা বিৰোধী” সিদ্ধান্তকো নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সন্থাই গৰিহণা দিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ লিখা এখন পত্ৰত সৰ্বভাৰতীয় কৰ্মী মহিলা মঞ্চই এই পদক্ষেপক “পশ্চাদগামী আৰু নাৰীবিদ্বেষী  বুলি অভিহিত কৰিছে।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত দেশৰ সৰ্ববৃহৎ ঋণদাতা এছবিআইয়ে নতুন নিয়ম প্ৰণয়ন কৰিছিল য’ত তিনিমাহতকৈ অধিক গৰ্ভাৱস্থা থকা এগৰাকী মহিলা প্ৰাৰ্থীক “সাময়িকভাৱে অযোগ্য” বুলি গণ্য কৰা হ’ব আৰু প্ৰসৱৰ পিছত চাৰি মাহৰ ভিতৰত বেংকত যোগদান কৰিব পাৰিব।বিভিন্ন পক্ষৰ পৰা ব্যাপক সমালোচনাৰ সন্মুখীন হৈ ভাৰতীয় ষ্টেট বেংকে গৰ্ভৱতী মহিলা নিযুক্তিৰ সংশোধিত নিৰ্দেশনা স্থগিত ৰাখিছে।

Previous Post

পুনৰোজ্জীৱিতকৰণৰ প্ৰচেষ্টাঃ ২০০ খনতকৈয়ো অধিক বিমান ক্ৰয় কৰিব এয়াৰ ইণ্ডিয়াই

Next Post

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

Related Posts

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?
মুখ্য সংবাদ

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা
মুখ্য সংবাদ

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা  বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা
মুখ্য সংবাদ

কিমান সুৰক্ষিত আপুনি ক্ৰয় কৰা বাহন ? শীঘ্ৰে প্ৰৱর্তন হ’ব ৰেটিং ব্যৱস্থা

June 24, 2022
সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?
মুখ্য সংবাদ

সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়সৰ উপযুক্ত অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে কি ক’লে ইনষ্টাগ্ৰামে ?

June 24, 2022
বেংগালুৰুৰ ২  শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান
মুখ্য সংবাদ

বেংগালুৰুৰ ২ শিক্ষানুষ্ঠানত আয়কৰ বিভাগৰ অভিযান

June 23, 2022
সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি
মুখ্য সংবাদ

সমগ্ৰ দেশতে ক’ভিড-১৯ত আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৭,৩৬,০২৭ লৈ বৃদ্ধি

June 23, 2022
Next Post
কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

কইনাৰ ৰূপত ৰেম্পত খোজ কাঢ়িলে শ্বেহনাজ গিলে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

১২ ঘণ্টালৈ বৃদ্ধি  পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

১২ ঘণ্টালৈ বৃদ্ধি পাব কামৰ সময়, বাঢ়িব পি এফৰ বৰঙণি, কমিব দৰমহা -১ জুলাইৰ পৰা সলনি হ’ব পাৰে সকলো নিয়মঃ কি পৰিৱর্তন আনিব চৰকাৰে ?

June 24, 2022
পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

পত্নীৰ সৈতে সম্পর্কত ফাঁট মেলিছে ৰেপাৰ ৰাফতাৰৰ , বিবাহ বিচ্চেদ বিচাৰি দাখিল কৰিলে আৱেদন

June 24, 2022
এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত  নচলিব ই-ৰিক্সা

এতিয়াৰে পৰা দেৰগাঁৱৰ কেইখনমান ঠাইত নচলিব ই-ৰিক্সা

June 24, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7