VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৰুণাচলৰ পাছিঘাটত ড° ভূপেন হাজৰিকা বিষয়ক ইংৰাজী বিষয়ক গ্ৰন্থ “Bhupen Hazarika III” উন্মোচন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 9, 2023
in মুখ্য সংবাদ
অৰুণাচলৰ পাছিঘাটত ড° ভূপেন হাজৰিকা বিষয়ক ইংৰাজী বিষয়ক গ্ৰন্থ “Bhupen Hazarika III” উন্মোচন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯ছেপ্টেম্বৰ:– বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া স্মৃতিচাৰণতে সীমিত কৰি নাৰাখি তাক দেশে-বিদেশে স্থায়ী ৰূপত প্ৰসাৰিত কৰাৰ মানসেৰে “চিত্ৰাচল পাব্লিকেশ্যন”ৰ হৈ মৃণাল শৰ্মাৰ দ্বাৰা প্ৰকাশিত আৰু ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক উৎপল মেনাৰ দ্বাৰা সম্পাদিত ভূপেন হাজৰিকা-চৰ্চাৰ এলানি গ্ৰন্থৰ তৃতীয়টি খণ্ড শুক্ৰবাৰে (৮ ছেপ্টেম্বৰ) শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে অৰুণাচল প্ৰদেশৰ পাছিঘাটত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত উন্মোচন কৰা হয়। ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ বনজিৎ ভট্টই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সাহিত্যক কালিং বোৰাং,অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং সমষ্টিৰ স্থানীয় বিধায়ক কালিং ময়ং,ভূপেন হাজৰিকাৰ পৰিচালনাত নিৰ্মিত অৰুণাচল প্ৰদেশৰ প্ৰথমখন হিন্দী চিনেমা “মেৰা ধৰম,মেৰী মা”ৰ এগৰাকী অভিনেতা তথা ভূপেনদাই মৰমতে ‘চাৰ্লি’ বুলি মতা ঝোৰাম টাজিং,ইষ্ট চিয়াং জিলাৰ সহকাৰী উপায়ুক্ত ওলি পৰমে আদি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে ড° ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ কৰে ।অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ভূপেনদাৰ সংগীত যাত্ৰাৰ অন্যতম সহযোগী কমল কটকী আৰু বিশিষ্ট শিল্পী তথা ভূপেনদাৰ ভ্ৰাতৃ সমৰ হাজৰিকাকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিশেষ অসুবিধাবশতঃ তেওঁলোক উপস্থিত থাকিব নোৱাৰিলেও তেওঁলোকে একোটাকৈ শুভেচ্ছামূলক ভাষণ লিখি পঠিয়ায় ।

হৃষিকেশ গোস্বামী,ময়ূৰ বৰা, ডঃ বনজিৎ ভট্ট,অচ্যুত কুমাৰ পাটোৱাৰী,কমল চন্দ্ৰ কটকী,মিত্ৰা ফুকন,দীপেন ৰাজকোঁৱৰ,হেমন্ত বৰ্মণ,কৰুণা কান্ত ৰয়,শিৱাণু বৰা,হেমচন্দ্ৰ বৰা, ডঃ মৌচুমী চহৰীয়া,উৎপল মেনা, পুলক গগৈ,ডঃ অভিজিৎ কুমাৰ দত্ত,হিমজ্যোতি তালুকদাৰ,হিৰক জ্যোতি শৰ্মা,প্ৰদ্যুৎ মিশ্ৰ,পংকজ নয়ন ভট্টাচাৰ্য্য,শ্বাবনা আজমী, নিৰোদ চৌধুৰী,কমল লোচন দাস, প্ৰকল্প ৰঞ্জন ভাগৱতী,ডঃ সুনীল কোঠাৰী,বেণী মাধৱ,ডঃ ভৱেশ দাস,মুকুল ৰাভা,উৎপল বৰপূজাৰী,ৰঞ্জন বেজবৰুৱা,চন্দন ভাগৱতী আদি বিভিন্নজনৰ গৱেষণামূলক আৰু অনুভৱ-অভিজ্ঞতামূলক ইংৰাজী লেখাৰে সমৃদ্ধ ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে পাছিঘাটৰ “কলেজ অব হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰী”ৰ সন্মানীয় ডীন বি এন হাজৰিকাই । অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ভূপেনদাৰ সান্নিধ্য লাভ কৰা শিল্পী নেইগি ৰিবাই । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা স্থানীয় যুৱক মাৰ্কিন টামুককে ধৰি বহু সংখ্যক লোকৰ গাম্ভীৰ্যপূৰ্ণ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত সামৰণী ভাষণ প্ৰদান কৰে প্ৰকাশক মৃণাল শৰ্মাই । উল্লেখ্য যে ইতিপূৰ্বে প্ৰথম আৰু দ্বিতীয় খণ্ড দুটি ক্ৰমে কলকাতা আৰু নতুন দিল্লীত উন্মোচন কৰা গ্ৰন্থখনিৰ ২০২৪ চনত প্ৰকাশ পাবলগীয়া চতুৰ্থ খণ্ডটি “সাহিত্য চৰ্চা কেন্দ্ৰ, অসম”ৰ আহ্বানক্ৰমে ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজ চমুকৈ ‘চি আই আই এলৰ এছ আৰ এল চি’ৰ মিলেনিয়াম বেটছৰ সহযোগত মহীশূৰত উন্মোচন কৰা হ’ব ।

Previous Post

সৌৰচালিত ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনিৰ পৰীক্ষামূলক প্ৰকল্পৰ আৰম্ভনি , কিদৰে পথাৰলৈ যোগান ধৰা হ’ব পানী !!

Next Post

গছপুলি ৰোপনেৰে কৰিব নতুন অভিলেখ, ৯ টা অভিলেখলৈ সাজু ৰাজ্য চৰকাৰ

Related Posts

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান
মুখ্য সংবাদ

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
Next Post
গছপুলি ৰোপনেৰে কৰিব নতুন অভিলেখ, ৯ টা অভিলেখলৈ সাজু ৰাজ্য চৰকাৰ

গছপুলি ৰোপনেৰে কৰিব নতুন অভিলেখ, ৯ টা অভিলেখলৈ সাজু ৰাজ্য চৰকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

হেৰাই গ’ল আন এক সোণালী কণ্ঠঃ অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ অৰুণ দাসৰ দেহাৱসান

December 3, 2023
আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7